Logo
image

প্ৰথমবাৰৰ বাবে ফাইনেলত দক্ষিণ আফ্ৰিকা

টাৰোবা, ২৮ জুন : নিউজীলেণ্ড, অষ্ট্ৰেলিয়া, বাংলাদেশক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে টুৱেণ্টী২০ বিশ্বকাপৰ ছেমিফাইনেলত প্ৰবেশ কৰা আফগানিস্তানে অৱশেষত দক্ষিণ আফ্ৰিকাৰ সন্মুখত সহজে আত্মসমৰ্পণ কৰিবলগীয়া হ’ল৷ ত্ৰিনিদাদ এণ্ড টবেগোৰ ব্ৰায়ান লাৰা ষ্টেডিয়ামত বৃহস্পতিবাৰৰ প্ৰথমখন ছেমিফাইনেলত ৯ উইকেটত জয়ী হৈ প্ৰথমবাৰৰ বাবে কোনো বিশ্বকাপৰ ফাইনেলত উপনীত হয় এইডেন মাৰ্কৰামৰ দক্ষিণ আফ্ৰিকা৷ উল্লেখ্য, ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা পাঁচবাৰ ৫০ অভাৰৰ আৰু দুবাৰ টুৱেণ্টী২০ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল৷ টুৱেণ্টী২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাই ইয়াৰ পূৰ্বে ছেমিফাইনেল খেলিছিল ২০০৯ আৰু ২০১৪ চনত৷ বৃহস্পতিবাৰৰ খেলখনত আফগানিস্তানৰ অধিনায়ক ৰছিদ খানে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু দক্ষিণ আফ্ৰিকাৰ বলাৰৰ সন্মুখত কোনো এটা সময়তে সহজ হ’ব পৰা নাছিল আফগানিস্তানৰ বেটাৰ আৰু ১১.৫ অভাৰত মাত্ৰ ৫৬ ৰানত দলটোৱে হেৰুৱাইছিল আটাইকেইটা উইকেট৷ আন্তঃৰাষ্ট্ৰেীয় টুৱেণ্টী২০ত এয়াই হৈছে আফগানিস্তানৰ সৰ্বনিম্ন স্ক’ৰ৷ ইয়াৰ পূৰ্বে ২০১৪ চনৰ টি-২০ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে সংগ্ৰহ কৰা ৭২ ৰান হৈছে দলটোৰ পূৰ্বৰ সৰ্বনিম্ন স্ক’ৰ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টুৱেণ্টী২০ ক্ৰিকেটত যিকোনো দলৰ ক্ষেত্ৰত এয়া হৈছে সৰ্বনিম্ন স্ক’ৰ৷ 

আফগানিস্তানৰ ইনিংছত কেৱল আজমাতুল্লা অ’মাৰজাই দ্বি-অংকৰ স্ক’ৰ কৰাত সক্ষম হয়৷ আনহাতে, অতিৰিক্ত হিচাপে আহিছিল ১৩ ৰান৷ আফগানিস্তানৰ বেটাৰৰ এই বিপৰ্যয়ৰ মূলতে আছিল  দক্ষিণ আফ্ৰিকাৰ বলাৰৰ সুনিয়ন্ত্ৰিত বলিং৷ ‘প্লেয়াৰ অৱ দ্য মেচ’ মাৰ্কো য়েনছেনে ১৬ ৰানত তিনিটা আৰু স্পিনাৰ টাবৰাইজ ছামছিয়ে ৬ ৰানত তিনিটা উইকেট লাভ কৰাৰ বিপৰীতে দুটাকৈ উইকেট পায় কেগিছো ৰাবাডা  আৰু এনৰিচ নৰ্কিয়াই৷ সহজ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই ইনিংছৰ দ্বিতীয় অভাৰতে ৫ ৰানতে কুইণ্টন ডে ককৰ উইকেট হেৰুৱাইছিল যদিও তাৰ পাছত ৰিজা হেনড্ৰিকছ  আৰু এইডেন মাৰ্কৰামে দ্বিতীয় উইকেটত অপৰাজিত ৫৫ ৰান যোগ দি দলক ফাইনেলত উপনীত কৰায়৷ হেনড্ৰিকছ ২৫টা বলত এটা ‘ছয়’, তিনিটা ‘চাৰি’ৰে ২৯ আৰু মাৰ্কৰাম ২১টা বলত চাৰিটা ‘চাৰি’ৰে ২৩ ৰানত অপৰাজিত থাকে৷