Logo
image

ৰোহিত, কোহলিৰ স্থান কোনে ল’ব

মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ২০১১ চনত ৫০ অভাৰৰ ক্ৰিকেটৰ বিশ্বকাপ জয় কৰাৰ ১৩ বছৰ পাছত ভাৰতলৈ আহিল আন এটা বিশ্ব খিতাপ৷ বাৰ্বাডোজৰ কেনছিংটন অ’ভেলত দক্ষিণ আফ্ৰিকাক সাত ৰানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে টুৱেণ্টী২০ বিশ্বকাপ জয় কৰিলে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে৷ মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বতে ২০০৭ চনত ভাৰতে প্ৰথমবাৰৰ টুৱেণ্টী২০ বিশ্বকাপ জয় কৰাৰ পাছত দ্বিতীয়টো খিতাপৰ বাবে দলটোৱে অপেক্ষা কৰিবলগীয়া হ’ল ১৭ বছৰ৷ ২০১৪ চনত ফাইনেলপৰ্যন্ত উন্নীত হ’লেও অন্তিম যুঁজত ভাৰত পৰাস্ত হৈছিল শ্ৰীলংকাৰ হাতত৷ এইবাৰৰ টুৰ্নামেণ্টত শেষপৰ্যন্ত অপৰাজিত আছিল ভাৰতীয় দলটো৷ এটা কথা অনস্বীকাৰ্য যে ভাৰতৰ এইবাৰৰ টুৱেণ্টী২০ বিশ্বকাপ জয়ত বিশেষ ভূমিকা আছিল অধিনায়ক ৰোহিত শৰ্মাৰ৷ প্ৰথমখন খেলৰ পৰা ফাইনেললৈকে যি বিচক্ষণতাৰে তেওঁ দলটোক নেতৃত্ব দিছিল, সেই কথা একেমুখে মানি লৈছে ক্ৰিকেট বিশেষজ্ঞসকলে৷ কিন্তু ভাৰতীয় ক্ৰিকেটত বিৰাট শূন্যতাৰ সৃষ্টি কৰি বিশ্বকাপ জয় কৰাৰ দিনটোতে ক্ৰিকেটৰ হ্ৰস্বতম সংস্কৰণটোৰ পৰা বিদায় ল’লে ‘হিটমেন’ হিচাপে পৰিচিত হৈ পৰা ৰোহিত শৰ্মাই৷ কেৱল ৰোহিত শৰ্মাই নহয়, ভাৰতীয় ক্ৰিকেটৰ আন এজন মহাৰথী বিৰাট কোহলিৰ লগতে ৰবীন্দ্ৰ জাদেজায়ো টুৱেণ্টী২০ ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰে৷ এতিয়াৰ পৰা টুৱেণ্টী২০ ক্ৰিকেটত দেখা পোৱা নাযাব ৰোহিত শৰ্মা আৰু কোহলিৰ দুৰ্দান্ত বেটিং৷ সেই কথা সহজে মানি ল’ব পৰা নাই তেওঁলোকৰ অনুৰাগীসকলে৷ কিন্তু দুয়োজন ক্ৰিকেটাৰ ভাল ফৰ্মত থাকিলেও তেওঁলোক উপনীত হৈছে কেৰিয়াৰৰ অপৰাহ্নত৷ ৰোহিত আৰু কোহলিৰ বয়স ক্ৰমে ৩৭ আৰু ৩৫ বছৰ৷ এই বয়সত খেলুৱৈয়ে অৱসৰৰ কথা ভবাটো অস্বাভাৱিক নহয়৷ অৱসৰৰ সিদ্ধান্ত  সন্দৰ্ভত কোহলিয়ে কৈছিল যে টীম ইণ্ডিয়াত এতিয়া তেওঁলোকৰ স্থান ল’ব অনুজসকলে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডেও এবছৰ পূৰ্বে টুৱেণ্টী২০ দলত যুৱ ক্ৰিকেটাৰক অগ্ৰাধিকাৰ দিয়াৰ ইংগিত দিছিল৷ দুবছৰ পাছত ভাৰত আৰু শ্ৰীলংকাৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হ’ব পৰৱৰ্তী টুৱেণ্টী২০ বিশ্বকাপ৷ ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাদেজা অবিহনে ভাৰতীয় দল গঠনৰ প্ৰক্ৰিয়া হয়তো এতিয়াৰ পৰা আৰম্ভ কৰা হ’ব৷ ইতিমধ্যে শুভমন গীলৰ নেতৃত্বত যুৱ দল এটাক টুৱেণ্টী২০ শৃংখলা এটাৰ বাবে জিম্বাব’ৱেলৈ পঠিওৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ জিম্বাব’ৱে ভ্ৰমণত ভাৰতে খেলিব পাঁচখন খেল৷ উক্ত শৃংখলাটোত খেলুৱৈসকলৰ প্ৰদৰ্শনৰ ওপৰত নজৰ ৰাখিব নিৰ্বাচক কমিটীয়ে৷
ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে টুৱেণ্টী২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁলোকৰ স্থান কোনে ল’ব সেই  বিষয়ে ইতিমধ্যে আৰম্ভ হৈছে জল্পনা-কল্পনা৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইতিমধ্যে এনে কেইজনমান প্ৰতিভাধৰ ক্ৰিকেটাৰৰ আত্মপ্ৰকাশ ঘটিছে, যিসকলক ৰোহিত শৰ্মা অথবা বিৰাট কোহলিৰ যোগ্য উত্তৰসূৰী হিচাপে বিবেচনা কৰা হৈছে৷ তেওঁলোকৰ ভিতৰত অন্যতম হৈছে শুভমন গীল, যশস্বী জয়ছোৱাল, ঋতুৰাজ গায়কোৱাড়, ঈশান কিষাণ৷ তেওঁলোকৰ উপৰি আছে অভিজ্ঞ লোকেশ ৰাহুলো৷ ভাৰতৰ হৈ ৭২খন টুৱেণ্টী২০ খেলি ৰাহুলে সংগ্ৰহ কৰিছে ২,২৬৫ ৰান, য’ত আছে দুটা শতক৷ আন এজন যুৱ ক্ৰিকেটাৰৰ নাম শেহতীয়াকৈ বৰকৈ চৰ্চিত হৈছে৷ তেওঁ হৈছে অভিষেক শৰ্মা৷ ২০১৮ চনৰ অনূৰ্ধ্ব ১৯ বছৰৰ বিশ্বকাপজয়ী ভাৰতীয় দলটোৰ সদস্য আছিল তেওঁ৷ আই পি এলৰ ২০২৪ ছীজনত দৃষ্টি আকৰ্ষণ কৰিছিল এই বাঁওহতীয়া বেটাৰজনে৷ আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলি ১৬খন খেলত সংগ্ৰহ কৰিছিল ৪৮৪ ৰান, ষ্ট্ৰাইক-ৰেট আছিল ২০৪.২১৷ এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ সুযোগ পোৱা নাই যদিও জিম্বাব’ৱে ভ্ৰমণ কৰিবলগীয়া দলটোত ৰখা হৈছে ২৩ বছৰীয়া এই ক্ৰিকেটাৰজনক৷ ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব কাক দিয়া হ’ব– এই বিষয়টো লৈও চলিছে জল্পনা-কল্পনা৷ জিম্বাব’ৱে ভ্ৰমণত শুভমন গীল সফল হ’লে তেওঁক অধিক সুযোগ দিয়া হ’ব পাৰে৷ অভিজ্ঞতাৰ ফালৰ পৰা লোকেশ ৰাহুলো দাবীদাৰ হ’ব পাৰে৷ আনহাতে, হাৰ্দিক পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্টো আছে সম্ভাব্য ক্ৰিকেটাৰৰ তালিকাত৷ এটা কথা স্বীকাৰ কৰিবই লাগিব যে ৰোহিত শৰ্মা, বিৰাট কোহলি, ৰবীন্দ্ৰ জাদেজাৰ অৱসৰে সৃষ্টি কৰা শূন্যতা শীঘ্ৰেই পূৰণ কৰাটো সহজ নহ’ব৷ কিন্তু উল্লিখিত ক্ৰিকেটাৰসকলক সুযোগ দিয়া হ’লে তেওঁলোকে নিজৰ দক্ষতাৰ প্ৰমাণ দিব পাৰিব বুলি আশা কৰিব পাৰি৷