Logo
image

মৃত্যুৰ চাৰি মাহতে অতীত ইৰফানৰ স্মৃতি

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ বিশ্ববীৰ আলেকজেণ্ডাৰে জীৱনৰ মায়া এৰি গুছি যোৱাৰ পিছত মাত্ৰ দুগজ মাটিতে তেওঁক আটি গৈছিল৷ আলেকজেণ্ডাৰৰ এপিটাফত লিখা আছে– ‘এই কবৰটোৱেই তেওঁক আটি গ’ল, যাৰ কাৰণে গোটেই পৃথিৱীখনেই যথেষ্ট নহয়৷’ আলেকজেণ্ডাৰৰ দৰেই ভাৰতৰ শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ সোঁৱৰণি ফলিত লিখা আছে– ‘কিমান দুৰ্ভগীয়া এই জফৰ যে কবৰৰ বাবে তেওঁলৈ দুগজ মাটিও নাছিল, চিনাকি নিজৰ দেশখনত৷’ সম্ৰাট ছাহজাহানৰ কন্যা জাহানাৰাৰ এপিটাফত লিখা আছে– ‘তুমি যদি আহা মোৰ কাষলৈ, তৃণৰ বাদে আন একোকে নানিবা, কাৰণ মোৰ সমাধিৰ ওপৰত ইয়াতকৈ ভাল একোৱেই নহ’ব৷’ বলীউডৰ যশস্বী অভিনেতা ইৰফান খানৰ সমাধিস্থলীত তৰু-তৃণ লতাৰ সমাহাৰ দেখি চেৰেঙকৈ মনলৈ আহিছে বিখ্যাত ব্যক্তিৰ সমাধিত লিপিবদ্ধ এপিটাফবিলাক৷ নাম, যশ, খ্যাতিৰ পাছত মানুহে যিমানেই দৌৰক কিন্তু এদিন দুগজ মাটিৰ লগত বিলীন হৈ তাতে ক্ষান্ত থাকিব লাগিব৷ যিজন অভিনেতাই অভিনয়েৰে চলচ্ছিত্ৰ জগতত খ্যাতি অৰ্জন কৰিছিল, মানুহৰ মনত সাজ বহুৱাইছিল সেইজন অভিনেতাক আজি সমাজে চাৰি মাহতে পাহৰিলে৷ সমাধিক্ষেত্ৰ অপতৃণ-লতাই আগুৰি ধৰা কাৰ্যই তাকে প্ৰতিপন্ন কৰা নাই জানো?