Logo
image

চৰকাৰক ক্ষুৰধাৰ সমালোচনা ভূপেন বৰাৰঃ বান পৰিদৰ্শনৰ নামত পিকনিক খাইছে, বানাক্ৰান্তক সাহায্য প্ৰদানত বিফল হৈছে ডাবল ইঞ্জিনৰ চৰকাৰ

'আমাৰ অসম'ৰ মৰঙিৰ প্ৰতিবেদক, ৪ জুলাইঃ বংকোৱালৰ মথাউৰি চিগা অংশত বৃহস্পতিবাৰে উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ সভাপতি বৰাই কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক বিতোপন শইকীয়া, ৰাজ্যিক নেত্ৰী মিনতি দলে, ইয়ং ব্ৰিগেডৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়া, গোলাঘাট জিলাৰ সভাপতি গোলাপ শইকীয়া, উপ-সভাপতি উৎপল দলে, ৰত্ন গগৈ, ধৰ্মেশ্বৰ কুৰ্মী, উপাধ্যক্ষ সাহায্য আৰু পুনৰ সংস্থাপন অমৃত কুমাৰ বুঢ়াগোহাঁই, বোকাখাত ব্লকৰ সভাপতি সীমান্ত শইকীয়া, টাউনৰ সভাপতি লক্ষী শইকীয়া, মামনি দলে, বিমল দলে, বিজু পেগু আদি বিভিন্নজনৰ উপস্থিতিত ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে সাহায্য বিতৰণ কৰে৷ 



ভূপেন বৰাই অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি মহুৰামুখৰ ১ নং গৰৈমাৰীৰ মাজ চাপৰিত দুজন কিশোৰৰ সলিল সমাধি ঘটাত দুখ প্ৰকাশ কৰে৷ তেওঁ কয় যে দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্ধাৰকাৰী বিভাগ সম্পূৰ্ণ বিফল হৈছে৷ আনহাতে, এইপৰ্যন্ত কৃষি বিভাগ আৰু জলসম্পদ বিভাগৰ কোনো পৰিকল্পনা যুগুত নকৰা কাৰ্যক ধিক্কাৰ দিয়ে৷ তদুপৰি তেওঁ কয় যে বংকোৱালৰ এক লাখ কৃষক পৰিয়ালক কিদৰে চৰকাৰে পুনৰ কৃষিকৰ্মত উৎসাহিত কৰিব তাৰ কোনো পৰিকল্পনা নাই চৰকাৰৰ হাতত৷ ৰাইজে সমস্যাসমূহৰ কথা কওতে মন্ত্ৰীয়ে ধমক দিব সেয়া ৰাইজে মানি নলয়৷

সাহায্যৰ ক্ষেত্ৰত চৰকাৰৰ পৰা ক্ষতিগ্ৰস্তই বিশেষ একো পোৱা নাই বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে ডাবল ইঞ্জিনৰ চৰকাৰে ডাবল সাহায্য দিব লাগিছিল৷ কিন্তু সেয়া হোৱা নাই৷ বানত মৃত্যু হোৱা এগৰাকী লোকৰ পৰিয়ালে এইৰ্যন্ত ৰাজসাহায্য নোপোৱাটো দুখৰ বিষয় ৷ লগতে তেওঁ কয় যে চৰকাৰৰ লোকসকলে বান পৰিদৰ্শন কৰাৰ নামত পিকনিক খোৱাহে পৰিলক্ষিত হৈছে৷