Logo
image

শাক-পাচলিৰ নাটনি, বজাৰত জুইছাই দাম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ আৰু খাৰুপেটীয়াৰ প্ৰতিবেদক, ৫ জুলাই : ৰাজ্যত উজনিৰ পৰা নামনিলৈ বানৰ বিভীষিকা৷ বানৰ বিপৰ্যয়ৰ মাজতে হোৰাহোৰে বৃদ্ধি পাইছে শাক-পাচলিৰ দাম৷ পাইকাৰী বজাৰতো শাক পাচলিৰ অভাৱনীয় হাৰত দাম বৃদ্ধি পাইছে৷ নাটনি হৈছে শাক পাচলিৰ৷ বানে ধোৱা অসমত এতিয়া চৌদিশে এতিয়া হাহাকাৰ অৱস্থা৷ ৰাজ্যৰ বহু জিলাত অস্বাভাৱিক হৈ আছে বান পৰিস্থিতি৷


এই প্ৰলয়ংকাৰী বানত বানত ইতিমধ্যে বুৰ গৈছে ৪৩ হাজাৰ হেক্টৰ কৃষিভূমি৷ নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা ফচল৷ লগে লগে শাক-পাচলিৰ বজাৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এসপ্তাহৰ পূৰ্বে খাৰুপেটীয়াৰ পাইকাৰী বজাৰত ২৫-৩০ টকাত বিক্ৰী হোৱা প্ৰতি কেজি পাচলিৰ দাম ৫০-৬০ টকা বৃদ্ধি পাইছে৷ খাৰুপেটীয়াৰ আজিৰ পাইকাৰী বজাৰৰ প্ৰতি কেজি পাচলিৰ মূল্য এনে ধৰণৰ– তীয়হ ৪০-৫০ টকা, ভোল ৪০-৫০ টকা, ভেন্দি ৪০-৫০ টকা, জিকা ৫০-৫৫ টকা, কেৰেলা, ৬৫-৭০ টকা, মিঠা লাও ৫০-৫৫ টকা, লেচেৰা ৫৫-৬০ টকা, জালি কোমোৰা প্ৰতিটোত ৩০ টকা, বিলাহী প্ৰতি কেজিত ৬৫ টকা, বেঙেনা ৫০-৬০ টকা, পানী লাও প্ৰতিটোত ৪০-৫০ টকা,  কেঁচা জলকীয়া প্ৰতি কেজিত ১০০-১১০ টকা, নেমু প্ৰতিটোত প্ত টকা, ভাত কেৰেলা প্ৰতি কেজিত ৬০-৭০ টকা, লেচেৰা ৫০-৫৫ টকা৷ ইফালে গুৱাহাটীৰ খুচুৰা বজাৰত ৮০-১০০ টকাৰ তলত নাই এবিধো পাচলি৷ বৃহস্পতিবাৰে গুৱাহাটীৰ বিভিন্ন বজাৰত প্ৰতি কেজিত জিকা ১২০ টকাত, অমিতা ৮০-৯০ টকাত, আলু ৫০ টকাত, পিয়াজ ৪৫-৫০ টকাত, ভাত কেৰালা ১২০ টকাত, ভেন্দি ১২০ টকাত, টীয়হ ১০০-১২০ টকাত, লেচেৰা ১২০ টকাত, ৰঙালাও কেজি ৪০ টকাত, বেঙেনা কেজিত ১২০ টকাত, বীন কেজিত ১৩০ টকাত, তিতা কেৰেলা ১২০ টকাত, আদা ২৪০ টকাত, জলকীয়া [কেঁচা] ১৬০ টকাত, বীট ১২০ টকাত, গাজৰ ১২০-১৩০ টকাত বিক্ৰী হৈছে৷ মুঠতে বজাৰত সৰ্বত্ৰ জ্বলিছে জুই৷