Logo
image

২৩ জুলাইত তৃতীয় মোদী চৰকাৰৰ পূৰ্ণাংগ বাজেট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই : ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট অধিৱেশন ২২ জুলাইৰ পৰা আৰম্ভ হ’ব৷ ১২ আগষ্টলৈকে বাজেট অধিৱেশন চলিব৷ ২৩ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে  দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট৷’ শনিবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমত কৰা এক পষ্টত এই কথা সদৰি কৰে৷ উল্লেখ্য যে লোকসভাৰ নিৰ্বাচনৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰ ফেব্ৰুৱাৰীত সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল৷ যিহেতু সন্মুখত লোকসভাৰ নিৰ্বাচন আছিল গতিকে সাংবিধানিক নীতি অনুসৰি তদানীন্তন বিত্তমন্ত্ৰী হিচাপে সীতাৰমণৰ অন্তৱৰ্তীকালীন বাজেট দাখিলৰহে কতৃৰ্ত্ব আছিল৷ কিন্তু লোকসভাৰ নিৰ্বাচনত জয়লাভ কৰি দেশত তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী৷ পুনৰবাৰ নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ গুৰু দায়িত্ব লাভ কৰে৷ সেয়েহে পুনৰ সংসদৰ মজিয়াত ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেটো বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণেই দাখিল কৰিব লাগিব৷ লোকসভাৰ নিৰ্বাচনত যিহেতু বিজেপিয়ে নিজে চৰকাৰ গঠন কৰিব পৰা মেজিক নাম্বাৰ লাভ কৰা নাই, মিত্ৰদলৰ সৈতে লগ লাগিহে চৰকাৰ কৰিছে, গতিকে বাজেটত এইবাৰ মিত্ৰ দলৰ দাবী তথা আশা আকাংক্ষাৰ প্ৰতিফলন ঘটাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ২৭ জুনত সংসদৰ যুটীয়া অধিৱেশনত দিয়া ভাষণত আগন্তুক বাজেটৰ পূৰ্বাভাষ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উল্লেখ কৰিছিল যে– ‘চৰকাৰৰ সুদুৰ প্ৰসাৰী আৰু দুৰদৰ্শী নীতিৰ প্ৰতিফলন ঘটিব বাজেটত৷ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু সামাজিক সিদ্ধান্তৰ লগতে ঐতিহাসিক পদক্ষেপো দেখা যাব বাজেটত৷’