Logo
image

নীৰৱ ঘাতক কলেষ্টেৰ’লক লৈ সাৱধান

বিশ্বত মানুহৰ আটাইতকৈ বেছি মৃত্যু ঘটে হৃদৰোগ আৰু  ষ্ট্ৰ'কত আক্ৰান্ত হোৱাৰ ফলত৷ সিৰা আৰু ধমনীৰ প্ৰাচীৰত কলেষ্টেৰ’ল জমা হোৱাৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰ'ক হয়৷ যাৰ বাবে কলেষ্টেৰ’লক নীৰৱ ঘাতক বুলি কোৱা হয়৷

কলেষ্টেৰ’লৰ সৈতে অন্যান্য বৰ্জ্য পদাৰ্থও ধমনীৰ প্ৰাচীৰত জমা হ’লে ৰক্তপ্ৰবাহ বাধাগ্ৰস্ত হয়৷ হৃদৰোগৰ সৈতে সংলগ্ন হৈ থকা সিৰা বা ধমনীত এনে ধৰণৰ সমস্যাই দেখা দিলে হৃদৰোগৰ আশংকা বাঢ়ে৷ ইয়াৰ সমান্তৰালভাৱে ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা থাকে৷

বিখ্যাত হৃদৰোগ ৰোগ বিশেষজ্ঞ ডাঃ দেৱী প্ৰসাদ শেট্টীৰ মতে কলেষ্টেৰ’লৰ সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ হ’লে খাদ্যৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব৷ খাদ্য তালিকাত সঠিক খাদ্য নাৰাখিলে কলেষ্টেৰ’লৰ সমস্যাই দেখা দিয়ে৷ অৱশ্যে জানি থোৱা ভাল যে কলেষ্টেৰ’ল মানেই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহ’বও পাৰে৷ কেতিয়াবা কেতিয়াবা কলেষ্টেৰ’লে শৰীৰত গুৰুত্বপূৰ্ণ কাম কৰে৷ যেনে– কোষসমূহৰ আভৰণ গঠনৰ ক্ষেত্ৰত কলেষ্টেৰ’লে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেইদৰে ভিটামিন-ডি আৰু টেষ্টোটেৰণ তথা ইষ্ট্ৰো'জেন জেন হ’ৰমন উৎপাদনত কলেষ্টেৰ’ল উপকাৰী৷

কলেষ্টে’ৰলৰ দুটা ভাগ থাকে৷ এটা এলডিএল আৰু আনটো হৈছে এইচডিএল৷ এলডিএলক বেয়া কলেষ্টেৰ’ল বুলি কোৱা হয়৷ আনহাতে এইচডিএলে দেহত উপকাৰী উপাদান ৰূপে কাম কৰে৷ এলডিএলৰ মাত্ৰা বাঢ়িলেই বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব ধৰে৷

তেজত কলেষ্টেৰ’লৰ মাত্ৰা কমাবলৈ হ’লে সুৰাপানৰ অভ্যাস চিৰদিনৰ বাবে ত্যাগ কৰিব লাগিব৷ সেইদৰে ওজন কমাব লাগিব আৰু ধূমপান ত্যাগ কৰিব লাগিব৷ ৰেড মীট অৰ্থাৎ গো-মাংস বা ছাগলীৰ মাংস খাব নোৱাৰিব৷ এলডিএল অৰ্থাৎ বেয়া কলেষ্টেৰ’ল নিয়ন্ত্ৰণ কৰিবলৈ জলফাইৰে প্ৰস্তুত কৰা খাদ্য, পাচলি, এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ফল, ভিটামিন-চি, বিটাকেৰোটিন, মাছ আদি খাব পাৰে৷

বহুতৰে ধাৰণা কণী খালে কলেষ্টেৰ’লৰ মাত্ৰা বাঢ়ে আৰু হৃদৰোগৰ আশংকা বৃদ্ধি পায়৷ এই ধাৰণা ভুল৷ এটা কণীৰ কুহুমত ১৮৫ মিলিগ্ৰাম কলেষ্টেৰ’ল থাকে৷ মাৰ্কিন খাদ্য নীতি অনুসৰি এজন সুস্থ মানুহে দৈনিক ৩০০ মিলিগ্ৰাম কলেষ্টেৰ’ল গ্ৰহণ কৰিব পাৰে৷ এনে ক্ষেত্ৰত দেখা যায় যে কণীৰ কুহুমত থকা কলেষ্টেৰ’লৰ পৰিমাণ ইয়াৰ আধা৷ গতিকে কণী খালে কলেষ্টেৰ’লৰ মাত্ৰা নাবাঢ়ে৷