Logo
image

পুনৰ টীম ইণ্ডিয়াৰ সহজ জয়ঃ প্ৰত্যাৱৰ্তন কঠিন হ’ল ৰিয়ানৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জুলাইঃ হঠাতে কঠিন হৈ পৰিল নেকি ৰিয়ান পৰাগৰ টীম ইণ্ডিয়াৰ মূল একাদশলৈ প্ৰত্যাৱৰ্তন? জিম্বাৱ’ৱেৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচত ৰিয়ান পৰাগক মূল একাদশত স্থান নিদিয়াৰ বাবেই উঠিছে এই প্ৰশ্ন৷ শৃংখলাৰ প্ৰথম মেচত ৩ বলত ২ ৰান কৰা ৰিয়ানে দ্বিতীয় মেচত বেটিঙৰ সুযোগ পোৱা নাছিল৷ ৫ অ’ভাৰ বাকী থকা অৱস্থাত দলৰ দ্বিতীয় উইকেটৰ পতন ঘটাত ৰিয়ানৰ বেটিং ক্ৰমলৈ ৰিংকু সিঙক উন্নীত কৰা হৈছিল৷ শৃংখলাৰ তৃতীয় মেচত ৰিয়ানে মূল একাদশত স্থানেই নাপালে৷ ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে– কিয়? ৰিয়ানে মূল একাদশত স্থান অৰ্জন কৰিব নোৱাৰাৰ প্ৰকৃত কাৰণ কি?

বুধবাৰৰ তৃতীয়খন মেচত ৰিয়ানে স্থান হেৰুওৱাৰ মূল কাৰণ দুটা আৰু দুয়োটাৰে গুৰুত্ব সমান সমান৷ প্ৰথম কাৰণ হৈছে, প্ৰথমখন মেচত ৰিয়ানৰ ব্যৰ্থতা৷ দ্বিতীয় কাৰণ হৈছে, অ’পেনাৰ যশস্বী জয়ছোৱালৰ দললৈ প্ৰত্যাৱৰ্তন৷ যশস্বী বিশ্বকাপ বিজয়ী দলত থকাৰ বাবে জিম্বাৱ’ৱেগামী দলৰ সৈতে একেলগে বিমানত উঠাটো সম্ভৱ হোৱা নাছিল৷ ইতিমধ্যে জিম্বাৱ’ৱেত উপস্থিত হোৱা যশস্বীয়ে অ’পেন কৰে আৰু ৩৬ ৰানৰ বৰঙণি যোগায়৷ তেওঁৰ সৈতে অ’পেন কৰিছিল অধিনায়ক শুভমন গিলে৷ পৰৱৰ্তী দুটা স্থান দখল কৰিলে ক্ৰমে অভিষেক শৰ্মা আৰু ঋতুৰাজ গায়কোৱাড়ে৷ পঞ্চম স্থানত সঞ্জু ছেমছন আৰু ষষ্ঠ স্থানত ৰিংকু সিং৷ এই বেটিং অৰ্ডাৰত স্বাভাৱিকতে ৰিয়ান পৰাগৰ স্থান নাই৷ শেহতীয়া আইপিএল আৰু জিম্বাৱ’ৱেৰ প্ৰথম মেচত চতুৰ্থ স্থানত বেটিং কৰিছিল ৰিয়ানে৷ শৃংখলাৰ তৃতীয় মেচত চতুৰ্থ স্থানত বেটিং কৰা ঋতুৰাজে কৰে ৪৯ ৰান৷ ২১খন আন্তঃৰাষ্ট্ৰী মেচ খেলাৰ অভিজ্ঞতা থকা ঋতুৰাজৰ টি-২০ত ষ্ট্ৰাইক ৰেট ১৪১ৰ অধিক আৰু তেওঁৰ একে অধ্যায়ত ৰটা চেঞ্চুৰী আৰু ৰটা হাফ চেঞ্চুৰী আছে৷ এনে ক্ষেত্ৰত যিকোনো অধিনায়কেই চতুৰ্থ স্থানত অনভিজ্ঞ ৰিয়ানৰ পৰিৱৰ্তে ঋতুৰাজৰ দৰে ইতিপূৰ্বে দক্ষতা প্ৰমাণ কৰা বেটাৰকে সুযোগ দিব৷ 



আনহাতে, দ্বিতীয় মেচত ৪৭টা বলতে শতৰান কৰা অভিষেক শৰ্মাক হঠাতে মূল একাদশৰ পৰা আঁতৰোৱা সম্ভৱ নহয়৷ অধিনায়ক শুভমন গিলে অনূধবৰ্-১৪ৰ পৰা একেলগে খেলি থকা অভিষেকক ইমান সহজে এৰি নিদিয়ে৷ অধিনায়ক শুভমন গিলে পূৰ্বে ১৬খন টি-২০ত ১৪১ ষ্ট্ৰাইক ৰেটেৰে ৰটা চেঞ্চুৰী আৰু ৰটা হাফ চেঞ্চুৰী কৰিছে৷ অ’পেনাৰ যশস্বী জয়ছোৱালে দেশৰ হৈ ১৭খন টি-২০ খেলাৰ অভিজ্ঞতা আছে৷ ১৬১ ষ্ট্ৰাইক ৰেটেৰে তেওঁৰ চেঞ্চুৰীৰ সংখ্যা আন্তঃৰাষ্ট্ৰীয় টি-২০ত এটা আৰু হাফ চেঞ্চুৰী ৪টা৷ এই দুই অপেনাৰ তথা টপ অৰ্ডাৰ তিনিজন বেটাৰ আৰু আপাৰ মিডল অৰ্ডাৰৰ এজন বেটাৰৰ প্ৰদৰ্শন আৰু অভিজ্ঞতাৰ দিশৰ পৰা চলিত শৃংখলাত সাধাৰণ পৰিস্থিতিত এজনো বাদ পৰাৰ সম্ভাৱনা নাই৷ ইয়াৰ পাছতে পৰিস্থিতি চাই হয় হাৰ্ড হিটাৰ ৰিংকু সিং অথবা উইকেটকীপাৰ বেট্‌ছমেন সঞ্জু ছেমছনৰ স্থান৷ এই বেটিং ক্ৰমত সাম্প্ৰতিক ‘টীম কম্বিনেচন’ত ৰিয়ান পৰাগৰ স্থান নাই৷ যশস্বী জয়ছোৱালে দলত যোগ নিদিওতে চতুৰ্থ স্থান আছিল ৰিয়ানৰ৷ যদিও ৰিয়ানৰ স্থানত শিৱম ডুবেক মূল একাদশত স্থান দিয়া হৈছে, প্ৰকৃততে দুখন মেচৰ পাছত যশস্বী জয়ছোৱালে দলত যোগ দিয়াৰ বাবে ৰিয়ানে তৃতীয় মেচত স্থান হেৰুৱাইছে৷

ৰিয়ানে সুযোগৰ অপব্যৱহাৰ কৰাটোও মূল একাদশত স্থান নোপোৱাৰ অন্যতম মূল কাৰণ৷ টীম ইণ্ডিয়াত স্থান লাভৰ বাবে প্ৰতিটো মুহূৰ্ততে সংগ্ৰাম কৰিব লাগে৷ বিৰাট কোহলি, ৰোহিত শৰ্মাৰ টি-২০ৰ পৰা অৱসৰ আৰু হাৰ্ডিক পাণ্ডিয়া, ঋষভ পন্তৰ দৰে ক্ৰিকেটাৰক বিশ্ৰাম দিয়া অৱস্থাতো মূল একাদশত প্ৰৱেশ আৰু প্ৰদৰ্শনৰ বাবে কিমানজন প্ৰতিভাধৰে অপেক্ষা আৰু সংগ্ৰাম কৰি আছে, সেয়া এই জিম্বাৱ’ৱে শৃংখলালৈ লক্ষ্য কৰিলে সকলোৱে উপলব্ধি কৰিব পাৰিব৷ তেনে পৰিস্থিতিত প্ৰথম মেচত ৰিয়ানে উইকেট দলিয়াই অহাটো হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে হৈছে৷ কোনোৱে যদি দাবী কৰে, সেই মেচততো প্ৰত্যেকেই ব্যৰ্থ হৈছিল, তেওঁৰ বাবে উত্তৰ এটাই– বাকী ব্যৰ্থ হোৱাকেইজনে ইতিপূৰ্বে দলত নিজৰ উপযোগিতা, প্ৰয়োজনীয়তা প্ৰমাণ কৰি থৈছে৷ সেই মূলধন ৰিয়ানৰ নাই৷ প্ৰথমখন মেচত সকলো ব্যৰ্থ হ’লেও যদি ৰিয়ানে এটা হাফ চেঞ্চুৰী কৰি থ’লেহেঁতেন, তেন্তে তৃতীয় মেচত তেওঁক মূল একাদশৰ বাহিৰত ৰখা সম্ভৱ নহ’লহেঁতেন৷ কিন্তু প্ৰথম সুযোগত নিজক আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰমাণ কৰাত ৰিয়ান ব্যৰ্থ হ’ল৷ এয়া আইপিএল নহয়, য’ত বাৰম্বাৰ ব্যৰ্থ হ’লেও সুযোগ পাব বা টীম ইণ্ডিয়া ৰাজস্থান ৰয়েল্‌ছো নহয়, য’ত ৬ বছৰ ব্যৰ্থ হৈ থকা সত্ত্বেও সদায় মূল একাদশত খেলিব পাৰিব৷ প্ৰথম মেচত আস্থা অৰ্জন কৰিব পৰা হ’লে দ্বিতীয় মেচত ৰিয়ানক বেটিঙৰ পৰা বঞ্চিত কৰা সহজ নাছিল৷ যদিও ৫ অভাৰ থাকোঁতে ৰিংকু সিঙক বেটিং ক্ৰমত আগুৱাই অনাৰ সিদ্ধান্ত সঠিক প্ৰমাণিত হৈছিল৷ কিয়নো ৰিংকু সিঙে সেই মেচত অপৰাজিত ৪৮ ৰান কৰিছিল ২২টা বলত৷

সঁচাই, ক্ৰিকেটৰ এই প্ৰতিযোগিতা অমানুষিক, নিৰ্দয়৷ য’ত কঠিন হৈ পৰিল ৰিয়ান পৰাগৰ প্ৰত্যাৱৰ্তনৰ পথ৷ যদিহে টীম ইণ্ডিয়াই চতুৰ্থ মেচতে শৃংখলা অৰ্জন কৰে, তেন্তে পঞ্চম মেচত ৰিয়ানে এই শৃংখলাত শেষ সুযোগটো পোৱাৰ উজ্জ্বল সম্ভাৱনা আছে৷