Logo
image

শিক্ষকৰ দৰমহা কাটি মন্ত্ৰীৰ দৰমহা বৃদ্ধি কিয়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ জুলাইঃ অসম আন্দোলনৰ পৰাই কৈ অহা হৈছে যে অসমৰ যোগ্য শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে ইয়াত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয়-অৰ্ধ কেন্দ্ৰীয় চৰকাৰী, ব্যক্তিগত খণ্ডৰ আৰু পিএছইউৰ সকলো চাকৰিত নিযুক্তি পাব লাগিব৷ ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ বিভিন্ন চাকৰিত নিযুক্তিৰ বাবে পিআৰচি নাইকিয়া কৰি আকৌ খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত কৰিব বিচৰা হৈছে৷ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইট কৰা দেখিছোঁ৷ তেওঁলোকে প্ৰক্ৰিয়াগতভাৱে কাক দোষ দিয়ে, কিয় দোষ দিয়ে সেইবোৰ কৰি থাকক৷ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো কথাই ক’ব খোজোঁ যে সকলো চাকৰিৰ বাবে আমাৰ যোগ্য নিবনুৱা যুৱক-যুৱতী আছে৷ তেওঁলোকে নিযুক্তি পাব লাগিব৷ 



উল্লেখ্য, ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকললৈ সহকাৰী অধ্যাপক, লাইব্ৰেৰিয়ান, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ চমুকৈ পিআৰচি দাখিল কৰাটো বাধ্যতামূলক নহয় বুলি উচ্ছ শিক্ষা সঞ্চালকালয়ে প্ৰেৰণ কৰা নিৰ্দেশনাই প্ৰকাৰন্তৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাবে ৰঙা দলিচা পাৰি দিয়া বুলি ৰাজ্যজুৰি ব্যাপক সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত নিৰ্দেশনা প্ৰত্যাহাৰ আৰু অনুৰূপধৰণেৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও উক্ত নিৰ্দেশনাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা পাছত তেজপুৰত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই৷ উল্লেখ্য, তেজপুৰত আছুৰ উদ্যোগত বুধবাৰে আয়োজিত ‘বিশেষ অভিনন্দন অনুষ্ঠান-২০২৪’ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ছাত্ৰনেতা ড॰ ভট্টাচাৰ্যই সাংবাদিকৰ প্ৰশ্নোত্তৰত পিআৰচিক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয় যে পিআৰচি প্ৰত্যাহাৰৰ ঘটনা চৰকাৰে জনা-নজনা কথাটো এটা ইংগিতহে৷ এইয়া খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত কৰা কাম হ’ব৷  এইটো সংকটৰ আৰম্ভণিহে৷ আমাৰ সাংবিধানিক ৰক্ষাকৱচ আমাক লাগিবই৷ অসম চুক্তিৰ ৬নং দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে নিজেই গঠন কৰিছিল বিপ্লৱ শৰ্মা কমিটী৷ কেন্দ্ৰীয় চৰকাৰে নিজেই গঠন কৰা বিপ্লৱ শৰ্মা কমিটীয়ে সময়মতে প্ৰতিবেদন দিছে৷ এই প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভূত্ব আৰু সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ নিৰ্ণায়ক অধিকাৰ নিশ্চিতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই দাবী উত্থাপন কৰে৷ তদুপৰি, সাংবাদিকৰ প্ৰশ্নোত্তৰত ড॰ ভট্টাচাৰ্যই শিক্ষকৰ মৰ্যাদা হানিকাৰককাৰ্য বাদ দিব লাগিব বুলি কৈ শিক্ষককে ধৰি চৰকাৰী চাকৰিয়ালৰ দৰমহা কৰ্তনৰ বিপৰীতে মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ তৎপৰতা কিয় বুলি প্ৰশ্ন কৰি আছুৰ মুখ্য উপদেষ্টাজনে এয়া পৰস্পৰবিৰোধী কাৰ্য বুলি অভিহিত কৰি বিষয়টোত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ আনহাতে, তেজপুৰৰ মাজগাওঁ জাতীয় শ্বহীদ বাকৰিত তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি আয়োজিত ‘বিশেষ সম্বৰ্ধনা অনুষ্ঠান-২০২৪’ত বৃহত্তৰ তেজপুৰৰ ২২খনকৈ শিক্ষানুষ্ঠানৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৭৫০গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ আছুুৰ একাংশ শীৰ্ষনেতাৰ উপস্থিতিত মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই এই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত এপিএছচিত উত্তীৰ্ণ হোৱা ১৪গৰাকী পৰীক্ষাৰ্থী, আন্তৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা ৰদালী বৰুৱা, যোৱা চ্ছজানুৱাৰীত দিল্লীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণতন্ত্ৰ দিৱসত অংশগ্ৰহণ কৰা তেজপুৰৰ এগৰাকী মুখাশিল্পী আৰু ৯গৰাকী সত্ৰীয়া শিল্পীকো বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷