Logo
image

ৰাজনীতিৰ হাতোৰাত দীপিকা!

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ ৰঙীন মুম্বাইত ড্ৰাগছ সেৱনে এতিয়া কেন্দ্ৰৰ যেন প্ৰধান সমস্যা৷ সেয়েহে যোৱা ডেৰমাহ ধৰি মোদী চৰকাৰ  এন চি বিক লগত লৈ দিনে নিশাই ব্যস্ত আছে মুম্বাইৰ ড্ৰাগছ বিৰোধী অভিযানত৷ মোদী চৰকাৰৰ আখেজৰ শেহতীয়া চিকাৰ হৈছে দীপিকা পাডুকন৷ দীপিকাৰ লগতে চমন জাৰি কৰা হৈছে ছাৰা আলি খান, শ্ৰদ্ধা কাপুৰ আৰু ৰাকুল প্ৰীতলৈ৷ উল্লেখ্য  ‘কা’ বিৰোধী দীপিকা কেন্দ্ৰীয় চৰকাৰৰ উচ্ছ শিক্ষাৰ মাছুল বৃদ্ধি কাৰ্যৰো বিৰোধী৷সেয়েহে এই বিষয়বোৰৰ প্ৰতিবাদত জে এন ইউ  জে এন ইউ ৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰাৰ সময়ত দীপিকা জে এন ইউ চৌহদত উপস্থিত হোৱাক লৈ বিজেপি চৰকাৰ ক্ষুন্ন হৈছিল৷ একেদৰে ছাৰা,শ্ৰদ্ধা দুয়ো ‘কা’ বিৰোধী হিচাপে খ্যাত৷ সেয়েহে সচেতন লোকে সন্দেহ কৰিছে মোদী চৰকাৰে কৃষি বিল, দেশজুৰি ধৰ্মঘট, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰসংগক লৈ জনগণৰ দৃষ্টি আঁতৰাই আনিবৰ বাবেই অভিনেত্ৰী কেইগৰাকীক এন চি বিৰ দ্বাৰা জেৰা কৰাইছে!