Logo
image

শ্ৰেষ্ঠ ৫ ৰাজ্যৰ দিশে অসম! অখিলৰ মতে শেষৰ পৰাহে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাইঃ ‘দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰাৰ বাবে অসমে সঠিক দিশেৰেই আগবাঢ়িছে৷’ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ অৰ্থনৈতিক সমীক্ষাৰ তথ্য বিশ্লেষণ কৰি এক সংবাদমেলত এই দাবী কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ জনতা ভৱনৰ লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি ড॰ শৰ্মাই এনেদৰে কয়–কেন্দ্ৰীয় বাজেটৰ প্ৰাক মুহূৰ্তত প্ৰকাশ পোৱা অৰ্থনৈতিক সমীক্ষা অনুসৰি অসমৰ জিএছডিপি ১৩.৯ শতাংশ বৃদ্ধি পাইছে৷ ১২.৮৪ শতাংশ মূলধনি বিকাশ হৈছে৷ কেন্দ্ৰীয় অৰ্থনৈতিক সমীক্ষা অনুসৰি অসমে ভাৰতবৰ্ষৰ ৫ খন বিকশিত ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ গৈ আছে৷ ২০২১ চনত অসমত সৰ্বমুঠ  ১ লাখ ৭৩ হাজাৰ কোটি টকাৰ ডিপজিট আছিল৷ ২০২৪ এই ডিপজিট ২ লাখ ২৪ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে৷ অৰ্থাৎ তিনি বছৰত বেংকত জমা ধন ৩০ শতাংশ বৃদ্ধি পাইছে৷ অসমত ক্ৰেডিট ডিপজিট ৰেচিঅ ৩২ শতাংশৰ পৰা ৫৮ শতাংশলৈ বৃদ্ধি পাইছে৷ ২০২২-২৩ বৰ্ষত ৰাজ্যত ৮ শতাংশ নিবনুৱা থকাৰ বৰ্তমান নিবনুৱাৰ হাৰ ৬.১ শতাংশলৈ হ্ৰাস পাইছে৷ লেবাৰ পাৰ্টিচিপেশ্বন ৰেট ৩৬.৫ শতাংশৰ পৰা ৪০.৯ শতাংশলৈ বৃদ্ধি পাইছে৷ অসম বৰ্তমান দেশৰ দ্ৰুত বিকশিত অৰ্থনীতি৷ এই গতিৰে আৰু ৬-৭ বছৰ গৈ থাকিলে আমি বহু ওপৰলৈ যাম৷ 



ইফালে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানীৰ সমস্যা আনুষ্ঠানিকভাৱে মানি লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ‘উই ছাফাৰ ফ্ৰম ৱাটাৰ আউট ছাইড’ বুলি মন্তব্য কৰিলে৷ কেন্দ্ৰীয় চৰকাৰে আজিকোপতি এনে স্বীকাৰোক্তি দিয়া নাছিল৷ চীন, ভূটানৰ নাম উল্লেখ নকৰাকৈ নিৰ্মলা সীতাৰমণে কয় যে বাহিৰৰ পানীৰ বাবেই অসমত বানপানী হয়৷ তেওঁ কৈছে যে অসমৰ বানপানীৰ সমস্যাৰ কোনেও হিচাপ কৰিব নোৱাৰে৷ বিহাৰৰ দৰে ১১ হাজাৰ কোটি টকা দিলেই অসমৰ সমস্যা নোহোৱা হৈ নাযায়৷ মই দায়িত্ব সহকাৰে কৈছো যে আমাৰ পাবলগা পৰিমাণটো ইয়াতকৈ বহু বেছি হ’ব৷ যোৱা ৫ বছৰত কেন্দ্ৰীয় চৰকাৰে আমাক ৪,৮০০ কোটি দিছে৷ এইবাৰৰ বাজেটতত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে অসমৰ কেন্দ্ৰীয় কৰৰ অংশ ১৩ শতাংশ বৃদ্ধি কৰিছে৷ ৰুৰেল বডীৰ বাবে বাজেটৰ অংশ ২২ শতাংশ আৰু আৰবান বডীৰ বাবে কেন্দ্ৰীয় অংশ ৩৩ শতাংশ বৃদ্ধি কৰিছে৷ অসমৰ স্বাস্থ্যখণ্ডত অনুদান ৫০ শতাংশ বৃদ্ধি কৰিছে৷ জলজীৱন মিছনত অসমৰ ৭০ হাজাৰ কোটি টকা অনুমোদন দিছে৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অনুদান ৫৪,০০০ কোটিলৈ বৃদ্ধি কৰিছে৷ ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে কেইবাটাও ফিচকেল স্পেচ বৃদ্ধি কৰা হৈছে৷ চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে ৬৮৫.৭০ কোটি টকাৰ অনুমোদন দিছে৷ মুখ্যমন্ত্ৰীয়ে কয়- ‘কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ ৰ কোটি যুৱকক  ৫০০ কোম্পানী দিবলগীয়া ইণ্টাৰ্ণশ্বীপ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ আমি ইয়াত অসমৰো বুজনসংখ্যক অংশীদাৰিত্বৰ দাবী জনাইছো৷ বাজেটত গুৱাহাটীৰ কাষত এখন ছেটেলাইট চাউনশ্বীপৰ প্ৰস্তাব দিয়া হৈছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ কৰি নামৰূপ শোধনাগাৰৰ চতুৰ্থটো ইউনিট, ক্ৰেছ ক্ৰেকাৰ প্ৰকল্পৰ সম্প্ৰসাৰণ তথা তামিলনাডু, উত্তৰ প্ৰদেশৰ পাছত অসমত তৃতীয়টো ‘ডিফেন্স কৰিডৰ স্থাপনৰ বাবে অনুৰোধ জনাইছো৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰা হৈছে৷ এই ক্ষেত্ৰত তেওঁলোকৰ সহাৰি আশাব্যঞ্জক৷’ মুখ্যমন্ত্ৰীয়ে অসম দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশে আগবঢ়া বুলি দাবী কৰিলেও ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে শেষৰ ফালৰ পৰাহে অসম শ্ৰেষ্ঠ৷ অখিল গগৈৰ মতে অসম এতিয়া শেষৰ পৰাহে পঞ্চম স্থানত আছে৷ মানে ২৮ ৰাজ্যৰ ভিতৰত ২৩ নম্বৰত আছে অসম৷ বাজেটৰ পিছত ভিক্ষাৰ জোলোঙা লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ ওচৰত হামৰাও কাঢ়ি আছে৷