Logo
image

প্ৰাইভেট হাস্পতালত সাধাৰণ ৰোগৰ বাবে ‘আয়ুষ্মান’ বন্ধ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ জুলাইঃ আয়ুষ্মান কাৰ্ড থকা ৰোগীসকলৰ বাবে এটা বেয়া খবৰ৷ এতিয়াৰে পৰা সকলো ৰোগৰে চিকিৎসা আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ জৰিয়তে ব্যক্তিগত হাস্পতালত উপলব্ধ নহ’ব৷ চৰকাৰী হাস্পতালকসমূহক শক্তিশালী কৰা আৰু আয়ুষ্মান কাৰ্ডক লৈ সংঘটিত দুৰ্নীতি প্ৰতিৰোধৰ বাবে বেচৰকাৰী হাস্পতালত আয়ুষ্মান কাৰ্ডৰ সুবিধা হ্ৰাস কৰিছে অসম চৰকাৰৰ কেবিনেটে৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা পূৰ্বে লাভ কৰা ১,৯০০ টা ৰোগ চিকিৎসা সেৱাৰ বিপৰীতে মাত্ৰ ৩০০ বিধ গুৰুতৰ ৰোগৰ চিকিৎসাহে নাৰ্ছিং হোমসমূহত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে উপলব্ধ হ’ব৷ বাকী আন সাধাৰণ ৰোগসমূহৰ ক্ষেত্ৰত চৰকাৰী চিকিৎসালয়ত সুবিধা গ্ৰহণ কৰিব লাগিব৷ 



উল্লেখ্য, অসম চৰকাৰৰ কেবিনেটে ইতিপূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও কোনো আগতীয়া জাননী নিদিয়াকৈ হঠাতে স্বাস্থ্য বিভাগে নাৰ্ছিং হোমত আয়ুষ্মান কাৰ্ডৰ সুবিধা বন্ধ কৰি দিছিল৷ যাৰ ফলত ব্যক্তিগত হাস্পতালত চিকিৎসাধীন ৰোগীসকল ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছিল৷ আনকি আয়ুষ্মান কাৰ্ডৰ বিপৰীতে ৰোগীক চিকিৎসা কৰি শেষ মুহূৰ্তত চৰকাৰৰ সিদ্ধান্ত অৱগত হোৱাত মূৰে কঁপালে হাত দিবলগীয়া হৈছিল ব্যক্তিগত চিকিৎসালয়সমূহো৷ আয়ুষ্মান কাৰ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হোৱাত অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মাজনিশা ফেচবুক লাইভ যোগে আয়ুষ্মান কাৰ্ডৰ সুবিধাৰ সন্দৰ্ভত মুখ খুলিবলৈ বাধ্য হয়৷ ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে কয়–‘এতিয়া ৩০০ বিধ গুৰুতৰ ৰোগৰ ক্ষেত্ৰতহে নাৰ্ছিংহোমত আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব৷ বাকী সাধাৰণ ৰোগীৰ ক্ষেত্ৰত নাৰ্ছিংহোমত কাৰ্ডৰ সুবিধা নাপাব৷ বহু সময়ত নাৰ্ছিংহোমত দুৰ্নীতিৰো অভিযোগ উত্থাপন হৈ আহিছে৷ নাৰ্ছিংহোম সমূহে কাৰ্ডৰ সুবিধা প্ৰদান কৰাৰ উপৰি ৰোগীৰ পৰা বিভিন্ন খৰচ দেখুৱাই অতিৰিক্ত বিল আদায় কৰে৷ চৰকাৰী চিকিৎসালয়মূহক শক্তিশালী কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ প্ৰতিবছৰে আয়ুষ্মান কাৰ্ডৰ চিকিৎসাৰ বাবদ ২০০-৪০০ কোটি টকা নাৰ্ছিংহোমসমূহে লৈ যায়৷’  

লক্ষণীয় বিষয়টো হৈছে, আয়ুষ্মান কাৰ্ডৰ সুবিধা যদি নাৰ্ছিং হোমত বন্ধ কৰাৰ সন্দৰ্ভত কেবিনেটে পূৰ্বেই সিদ্ধান্ত  লৈছিল, তেনেহ’লে চৰকাৰে সেই সিদ্ধান্ত ইমান দিনে ৰাজহুৱা কৰা নাছিল কিয়? স্বাস্থ্য বিভাগে আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ হঠাতে আয়ুষ্মান কাৰ্ডৰ সুবিধা বন্ধ কৰি দিয়াত ৰোগী আৰু ৰোগীৰ অভিভাৱক সংকটৰ মুখলৈ ঠেলি দিয়া হ’ল কিয়? আনহাতে আয়ুষ্মান কাৰ্ডৰ নামত নাৰ্ছিংহোমে দুৰ্নীতি কৰা বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যদিও এই দুৰ্নীতি ইমান দিনে স্বাস্থ্য বিভাগৰ চকুত নপৰা আৰু দুৰ্নীতিৰ তদন্ত ঘোষণা নকৰাক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ ইফালে শুকুৰবাৰে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এখন সংবাদমেলত আয়ুষ্মান ভাৰতৰ প্ৰসংগত কয়–‘আয়ুষ্মান কাৰ্ডৰ সুবিধা নাৰ্ছিং হোমসমূহত দিয়াৰ কোনো যুক্তিয়ো নাই৷ আমাৰ চৰকাৰী হাস্পতালতে ইমান ধুনীয়া সুবিধা আছে৷ নাৰ্ছিং হোমসূহে ধনী ধনী ৰোগীসকলক আনক৷ যিখিনি ৰোগৰ চিকিৎসা চৰকাৰী হাস্পতালত কৰিব নোৱাৰি, সেইবোৰহে ব্যক্তিগত হাস্পতালত দিয়া হৈছে৷ যেনে হৃদযন্ত্ৰ সংৰোপণ, বৃক্ক সংৰোপন আদি গুৰুতৰ ৰোগৰ বাবে নাৰ্ছিং হোমত চিকিৎসা দিছো৷ সন্তান জন্ম দিয়াৰ বাবে নাৰ্ছিং হোমত যোৱা মানুহক চৰকাৰে আয়ুষ্মান কাৰ্ডৰ সুবিধা দিয়াৰ কোনো কথা নাই৷ গুৰুতৰ ৰোগ সমূহৰ চিকিৎসা আমি নাৰ্ছিং হোমতো দিছো, চৰকাৰী হাস্পলতো দিছো৷ যিখিনি নিয়মীয়া ৰোগ, তাৰ চিকিৎসা নাৰ্ছিং হোমত দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে৷ এইটো আমাৰ ভুল হৈ আছিল, সেয়া এতিয়া শুদ্ধ কৰি দিছো৷ ৩০০ টা ৰোগ আছে যি গুৰুতৰ শ্ৰেণীত পৰে৷ আয়ুষ্মান কাৰ্ডৰ ট্ৰেন্সপ্লেণ্ট, কিডনী ট্ৰেন্সপ্লেণ্ট, নিউৰ’লজীকেল চাৰ্জাৰী, বাৰ্ণ কেয়াৰ আদি চৰকাৰী আৰু নাৰ্ছিং হোমত দুয়োটাতে কৰিব পাৰিব৷ চকু কেটেৰেক্টৰ অস্ত্ৰোপচাৰৰ সুবিধা চৰকাৰী হাস্পতালত উপলব্ধ থকাৰ পাছত নাৰ্ছিং হোমত যোৱাটো অৰ্থহীন৷