Logo
image

আৰ্থ্ৰাইটিছত ভোগাসকলে এইবোৰ পাচলি নাখাব

আৰ্থ্ৰাইটিছ হৈছে এনে এবিধ সমস্যা, যাৰ কাৰণে শৰীৰৰ গাঁঠিসমূহ ফুলি উঠে আৰু বিষাবলৈ আৰম্ভ কৰে৷ আৰ্থ্ৰাইটিছৰ বিষ অতি অস্বস্তিতদায়ক৷ বিভিন্ন কাৰণত আৰ্থ্ৰাইটিছৰ সমস্যা হ’ব পাৰে৷ অৱশ্যে এই সমস্যাৰ উপসৰ্গ ব্যক্তিবিশেষে বেলেগ বেলেগ হয়৷ পিছে  খাদ্যাভ্যাসৰ পৰিৱৰ্তনেৰে এই সমস্যাক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ ভুল খাদ্যই আৰ্থ্ৰাইটিছৰ সমস্যা বৃদ্ধি কৰে৷ বিশেষকৈ আমি সাধাৰণতে খোৱা কেতবোৰ পাচলিয়ে আৰ্থ্ৰাইটিছৰ সমস্যা বঢ়ায়৷ উল্লেখ কৰা হ’ল কোনবোৰ পাচলি খালে আৰ্থ্ৰাইটিছৰ সমস্যা আৰম্ভ হয়৷ 



মহাৰাণী ৰামেশ্বৰী ইণ্ডিয়ান ইন্সটিটিউট অব মেডিকেল ছায়েন্সৰ অধ্যক্ষ ডাঃ সম্ভুচৰণৰ মতে শেহতীয়াকৈ গাঁঠিৰ বিষত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ব্যাপক হাৰত বাঢ়িবলৈ লৈছে৷ এনে সমস্যাত ভোগাসকলৰ অধিকাংশই নিম্নবিত্তৰ৷ তেওঁৰ মতে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছত আক্ৰান্ত হোৱাসকলে ফুলকবি বা বন্ধাকবি খাব নালাগে৷  তদুপৰি মটৰ, বিলাহী আদি একেলগে মিহলাই খালেও আৰ্থ্ৰাইটিছৰ সমস্যা হ’ব পাৰে৷ বুটমাহৰ দাইল নোখোৱাটোৱেই শ্ৰেয়৷

- আলুৱেও আৰ্থ্ৰাইটিছৰ সমস্যা বঢ়ায়৷ ইয়াত থকা উচ্ছ গ্লাইচেমিক সূচকে তেজত শৰ্কৰা মাত্ৰা বৃদ্ধি কৰে৷ 
- বেঙেনাও আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত অপকাৰী৷ বেঙেনাই প্ৰদাহ বৃদ্ধি কৰে৷ ফলত বাতবিষৰ সমস্যা বাঢ়ে৷
- কেঁচা জলকীয়াত থকা কেপচাইন নামৰ উপাদানবিধে পেট জ্বলা-পোৰা কৰাৰ লগতে পেটফুলা সমস্যা বঢ়ায়৷ সেয়ে আৰ্থ্ৰাইটিছৰ সমস্যা থাকিলে পৰাপক্ষত কেঁচা জলকীয়া নোখোৱাই ভাল৷ 
- বন্ধাকবিত থকা অক্সালিক এচিডে শৰীৰৰ প্ৰদাহ বৃদ্ধি কৰে বাবে বাতবিষত আক্ৰান্ত সকলে বন্ধাকবি খোৱাৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিয়া হয়৷ 
- কেপচিকামত থকা চলানিন নামৰ উপাদান বিধে আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষত ক্ষতি কৰে৷