Logo
image

উক্তি-বক্ৰোক্তি

নীতি আয়োগৰ বৈঠকত মোক পাঁচ মিনিটো ক’বলৈ নিদিলে৷ আন কেইজনমানক ২০ মিনিটৰ বেছি সময় কোৱাৰ সুযোগ দিলেও মোক সুযোগ দিয়া নহ’ল৷ তাৰ আগতেই মাইক বন্ধ কৰি দিলে৷ এই বঞ্চনাৰ প্ৰতিবাদত মই বৈঠক এৰি ওলাই আহিলোঁ৷ 
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

বিজেপি এৰিবলৈ বিচৰা নেতাই অসম মাতৃৰ সেৱাৰ বাবে জাতীয়তাবাদী পতাকাৰ তলত ঠিয় হওক৷ অসমৰ সুৰক্ষিত ভৱিষ্যৎ, উন্নয়নৰ কাৰণে সন্মিলিতভাৱে কাম কৰক৷ 
– অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ

ক্ৰিকেট বিশ্বৰ সবাটোকৈ উত্তেজক দায়িত্ব হ’ল টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হোৱা৷ সেই কামৰ বাবে তোমালৈ স্বাগতম৷ তিনি সপ্তাহ হৈ গৈছে, মই দায়িত্ব এৰিছোঁ৷ যিদৰে মই দায়িত্ব শেষ কৰিলোঁ, সেয়া সপোনৰ দৰে আছিল৷ মই আশাকৰোঁ, প্ৰশিক্ষক হিচাপে তুমিও তেনে সোৱাদ পাবা৷ 
– প্ৰাক্তন ক্ৰিকেট প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

ভাৰতবৰ্ষৰ বানপানীৰ ১০.২ শতাংশ বানেই অসমত হয়৷ বিহাৰত এইবাৰ সামগ্ৰিকভাৱে বান কম হৈছে৷ কিন্তু মোদী চৰকাৰে বিহাৰক ১২ হাজাৰ কোটি টকা দি অসমত এটকাও নিদিলে৷ ডাবল ইঞ্জিন চৰকাৰৰ এয়াই ফলাফল নেকি? 
– ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ

মোৰ কথা বিকৃত কৰা হৈছে৷ মই ক’ব খুজিছিলোঁ, মেধা বনাম কোটাৰ কথা কোৱা হৈছে৷ সকলোৱেইতো একেই পৰীক্ষা দিছে৷ একেই ইণ্টাৰভিউ দিয়েই চাকৰিৰ বাবে নিৰ্বাচিত হৈছে৷ তাৰ পাছতহে কোটা প্ৰয়োগ কৰা হয়৷ মই কৈছিলোঁ– মেধা কি মুক্তিযু¸দ্ধৰ নাতি-পুতিৰ নাই? মেধা কেৱল ৰাজাকাৰৰ নাতি-পুতিৰহে আছে নেকি? 
– বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

এক লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছত আকৌ ৫০ হাজাৰ নিযুক্তি দিব চৰকাৰে৷ ২০২৫ চনৰ ১০ মে’ৰ ভিতৰত সেই ৫০ হাজাৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পেৰিছৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত এইবোৰ কি দেখুৱালে? কেৱল সমকামিতাৰ প্ৰদৰ্শনী৷ মই সমকামিতাৰ বিৰোধী নহয়৷ কিন্তু ফৰাছী সংস্কৃতিত কেৱল সমকামিতাহে আছে নেকি? ক্ৰীড়া ক্ষেত্ৰৰ এটা অনুষ্ঠানত ইমান যৌনতাৰ পয়োভৰ কিয়? সম্পূৰ্ণ লজ্জাজনক৷ 
– মাণ্ডিৰ  বিজেপি সাংসদ কংগনা ৰানাৱত

নিৰ্বাচনলৈকে অলপ সহ্য কৰিব লাগিব৷ এতিয়া যি প্ৰশ্নই নকৰক, তেওঁলোকে কেৱল হিন্দু-মুছলমানৰ কথাই ক’ব৷ আমাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিব৷ আৰু ডেৰবছৰৰ পাছত নোহোৱা হ’ব হিন্দু-মুছলমানৰ ৰাজনীতি৷ 
– কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

যোৱা বছৰ পাকিস্তান ভাৰতলৈ বিশ্বকাপ খেলিবলৈ গৈছিল৷ এতিয়া ভাৰতৰো পাকিস্তানত ছেম্পিয়নছ ট্ৰফী খেলিবলৈ অহা উচিত৷ 
– পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব মালিক