Logo
image

কেনেকৈ সহজে সীমান্ত পাৰ হ’ব? দেখুৱালে বাংলাদেশী ইউটিউবাৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ জুলাইঃ ভাৰত-বাংলাদেশ সীমান্তত কাঁটা তাঁৰৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা বুলি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ আস্ফালনৰ সময়তে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ফোপোলা স্বৰূপ উন্মোচন কৰিছে এজন বাংলাদেশী ইউটিউবাৰে৷ পাছপ’ৰ্ট-ভিছা অবিহনে বাংলাদেশী নাগৰিকে কিদৰে বাধাহীনভাৱে প্ৰতিদিনে ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰি আহিছে তাৰ ভয়ংকৰ তথ্য উদঙাই দেখুৱাইছে বাংলাদেশী ট্ৰেভেল ব্ল’গাৰজনে৷ বাংলাদেশৰ পৰা সীমান্তৰ সংযোগস্থলৰ উন্মুক্ত কালভাৰ্টৰ সুৰংগ পাৰ হৈ অবৈধভাৱে বাংলাদেশী নাগৰিকে মেঘালয় সীমান্তই ভাৰতত প্ৰৱেশ কৰাৰ দৃশ্যৰ ইউটিউবাৰজনৰ ভাইৰেল ভিডিঅ’টোক লৈ এতিয়া গৃহ মন্ত্ৰণালয়তো হাহাকাৰ লাগিছে৷ 



ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষাৰ বাস্তৱ ছবিখন উদঙাই দেখুওৱা বাংলাদেশী ট্ৰেভেল ইউটিউবাৰজনৰ চেনেলটোৰ নাম হৈছে ডি এইচ ট্ৰেভেলিং ইনফ্ৰ’৷ বাংলাদেশী ব্ল’গাৰজনৰ ২১ মিনিটৰ উক্ত ভাইৰেল ভিডিঅ’টোৱে ভাৰতৰ চোৰাংচোৱা মহলতো খলকনিৰ সৃষ্টি কৰিছে৷ ভিডিঅ’টো ইউটিউবাৰজনে আৰম্ভ কৰিছিল বাংলাদেশ সীমান্তৰ ছিলেট জিলাৰ জুমগাঁৱৰ পৰা৷ যিখন গাঁৱত গাৰো সম্প্ৰদায়ৰ এটা উপ-জাতিৰ লোকে বাস কৰা বুলি প্ৰকাশ কৰা হৈছে৷ উক্ত গাঁওখন পাৰ হৈ ইউটিউবাৰজনে কেইবাজনো বন্ধুসহ ভাৰত ভ্ৰমণৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় সীমাৰ শেষ প্ৰান্তৰত উপস্থিত হয়৷ য’ত এখন ছাইনব’ৰ্ডত সতৰ্কীকৰণ হিচাপে বাংলাদেশ চৰকাৰে লিখি ৰাখিছে এইদৰে–‘বাংলাদেশৰ শেষ সীমা৷ আন্তৰ্জাতিক সীমাৰেখা অতিক্ৰম কৰা নিষেধ৷ আদেশক্ৰমেঃ কতৃৰ্পক্ষ৷’ এই সতৰ্কীকৰণমূলক ছাইনব’ৰ্ডখন অতিক্ৰম কৰি সতীৰ্থসহ ইউটিউবাৰজনে সীমান্তক ভাগ কৰা এটা পকী পিলাৰৰ কাষেৰে আগবাঢ়ি একেবাৰে সীমান্তৰ কাঁটা তাঁৰৰ বেৰা স্পৰ্শ কৰে৷ ইয়াৰ পাছতেই ইউটিউবাৰজনে বাংলাদেশৰ ভূ-খণ্ডৰ কাঁটা তাঁৰৰ বেৰাৰ কাষে কাষে কিছু খোজকাঢ়ি গৈ ৩-৪টা কালভাৰ্টৰ ওপৰত উপস্থিত হয়৷ যিকেইটা কালভাৰ্টে দি ভাৰতৰ পানী বাংলাদেশলৈ আৰু বাংলাদেশৰ পানী ভাৰতলৈ পাৰাপাৰ হয়৷ কালভাৰ্টটোৰ এটা মূৰৰ পৰা জুমি চালে, সিটো মূৰ স্পষ্টকৈ দেখা পায়৷ কিন্তু কালভাৰ্ট কেইটাৰ মুখ কেইখনৰ ভাৰত-বাংলাদেশ দুয়োখন ৰাষ্ট্ৰই কাঁটা তাঁৰে বেৰা দি নৰখাৰ সুযোগ লৈ অনায়াসে নিতৌ বাংলাদেশৰ পৰা ভাৰতত একাংশ লোকে অবৈধভাৱে প্ৰৱেশ কৰি আহিছে৷ 

বাংলাদেশী ইউটিউবাৰজনে উক্ত এটা কালভাৰ্টৰ সুৰংগ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে৷ বাংলাদেশৰ পৰা কালভাৰ্ট পাৰ হৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰা অঞ্চলটো মেঘালয়ৰ চেৰাপুঞ্জী বুলিও ব্ল’গাৰজনে ভিডিঅ’টোত প্ৰকাশ কৰিছে৷ ইমানেই নহয়, ব্ল’গাৰজনে মেঘালয়ত নাও চলাই থকা এজন মাছমৰীয়াৰ ভাষ্য প্ৰকাশ কৰিছে৷ য’ত নাওচালকজনে ভাৰতৰ পৰা পশুধন-চুপাৰিকে ধৰি বিভিন্ন সামগ্ৰী অবৈধভাৱে বাংলাদেশলৈ নদী পথেৰে চালান হৈ থকাৰ কথাও ব্যক্ত কৰিছে৷ অৱশ্যে ইউটিউবাৰজনে পাছপ’ৰ্ট-ভিছা অবিহনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাটো নিজৰ ‘ৰিস্ক’ বুলিও ভিডিঅ’টোত সতৰ্ক কৰি দিয়া দেখা গৈছে৷ অৱশ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’ কেতিয়াৰ সেই তথ্য স্পষ্ট নহয়৷ লক্ষণীয়ভাৱে কেৱল মেঘালয় সীমান্তই নহয়, এক পন্থাৰে বিএছএফৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ অসম আৰু পশ্চিমবংগ সীমান্তৰে নিতৌ বাংলাদেশীয়ে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি অহা বুলিও চৰ্চা চলিছে৷