Logo
image

এইবোৰ সমস্যা থাকিলে মধুৰিআম নাখাব

মধুৰিআম সকলোৰে  পৰিচিত৷ এইবিধ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ পুষ্টিগুণেৰে ভৰপুৰ মধুৰিআম স্বাস্থ্যৰ বাবে উপকাৰী৷ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো মধুৰিআমে সহায় কৰে৷ 
বিভিন্ন গৱেষণা মতে মধুৰিআমৰ পাতৰ ৰসে হৃদযন্ত্ৰ ভালে ৰাখে৷ পিছে এইবিধ ফলত থকা কিছুমান উপাদান সকলোৰে বাবে উপকাৰী নহবও পাৰে৷ বিশেষজ্ঞসকলৰ মতে মধুৰিআম উপকাৰী হ’লেও অত্যধিক খালে ই ক্ষতি কৰে৷ সেয়ে
মধুৰিআম বেছিকৈ খালে পানী খোৱাৰ পৰিমাণ বঢ়াব লাগে৷ কিছুমান সমস্যাত মধুৰিআম খোৱাটো ক্ষতিকাৰক৷



উল্লেখ কৰা হ’ল কোনবোৰ সমস্যা থাকিলে মধুৰিআম খাব নালাগে– 
- চৰ্দি-কাহ বা পানীলগা সমস্যা থাকিলে মধুৰিআম নাখাব৷ কিয়নো মধুৰিআম ঠাণ্ডা৷ 
-  গৰ্ভৱতী মহিলাসকলে মধুৰিআম খোৱাটো অনুচিত৷ এইবিধ ফল অত্যধিক ফাইবাৰযুক্ত হোৱা বাবে ই হজমত সমস্যা কৰে৷ 
- পেটৰ সমস্যাত ভুগি থাকিলে মধুৰিআম নাখাব৷ ইয়াত থকা পটাছিয়াম আৰু ফাইবাৰে পেটৰ সমস্যা থাকিলে ক্ষতি কৰে৷
- মধুৰিআম অত্যধিক খালে পেট ফুলাৰ আশংকা বাঢ়ে৷ ইয়াত থকা ফ্ৰুক্টোজ নামৰ উপাদান বিধে হজমত সমস্যা কৰে৷ ফলত পেট ফুলে আৰু গেছৰ সমস্যা হয়৷ 
- দাঁতৰ বিষত মধুমিআম নাখাব৷ বহুতে পকা মধুৰিআম খাই ভাল পায়৷ কিন্তু পকা মধুৰিআমে দাঁতবিষ বঢ়ায়৷
- যিসকলৰ এজমাৰ সমস্যা আছে তেওঁলোকে মধুৰিআমৰ পাতৰ ৰস নাখাব৷