Logo
image

‘বেংগল টাইগাৰ’ৰ বায়’পিকত হূত্বিক?

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ বেংগল টাইগাৰ সৌৰভ গাংগুলীক লৈ বায়’পিক নিৰ্মাণৰ ইচ্ছা আছিল সুশান্ত সিং ৰাজপুতৰ৷ এই কথা ব্যক্ত কৰিছে সুশান্তৰ ব্যৱসায়ী সহযোগী বৰুণ মাথুৰে৷ ইডিৰ জেৰাত মাথুৰে কয়– ক্ৰিকেটাৰ গাংগুলীৰ বায়’পিক নিৰ্মাণৰ সপোন দেখিছিল সুশান্তই৷ সুশান্তৰ এই সপোন দিঠকত পৰিণত কৰিবৰ কাৰণে দাদা নিজেই আগবাঢ়িছে৷ বছৰৰ আৰম্ভণিতে তেওঁ জনাইছিল যে নিজৰ বায়’পিকত হূত্বিক ৰোশনৰ জৰিয়তে তেওঁৰ ইমেজটো চাব বিচাৰো৷ ইফালে, ছবি নিৰ্মাতা পৰিচালক কৰণ জোহৰে গাংগুলীৰ বায়’পিকখন কৰাৰ ব্যাপক ইচ্ছা প্ৰকাশ কৰিছে৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ বায়’পিকখনত লৈ বলীউডৰ সম্প্ৰতি ব্যাপক চৰ্চা চলিছে৷ ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিং ধোনিৰ বায়’পিক ‘ধোনি দ্য আনটোলড ষ্টৰী’য়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল, য’ত সুশান্তই প্ৰাণঢালি অভিনয় কৰিছিল৷ ছবিখনত সুশান্তই ধোনি চৰিত্ৰটোৰ লগত একাত্ন হ’ব পাৰিছিল৷ অভিনেত্ৰী নেহা ধুপিয়াৰ জনপ্ৰিয় টক শ্ব’ ‘ন’ ফিলটাৰ নেহা’ত নেহাৰ মুখামুখী হৈছিল বেংগল টাইগাৰখ্যাত সৌৰভ গাংগুলী৷ সেই শ্ব’তে প্ৰথমে উত্থাপন হৈছিল দাদাৰ বায়’পিকৰ প্ৰসংগ৷ তেতিয়া দাদাৰ মুখেৰেই ওলাইছিল যে তেওঁ বায়’পিকৰ বাবে আটাইতকৈ পচন্দৰ অভিনেতাজন হ’ল হূত্বিক ৰোশন৷ কিন্তু দাদা মহাৰাজৰ চৰ্ত– পেশীবহুল ছিক্সপেকধাৰী হূত্বিকে তেওঁৰ দৰে চেহেৰা বনাব লাগিব, যাতে হূত্বিকক স্ক্ৰীনত তেওঁৰ দৰে লাগে৷