Logo
image

শৈশৱতে অনাথ হোৱা অমনে ৰাখিলে ভাৰতীয় মল্লযুঁজৰ মান

পেৰিছ অলিম্পিকত ভাগ লোৱা ভাৰতীয় মল্লযোদ্ধাৰ দলটো আছিল ছজনীয়া৷ এই ছগৰাকী মল্লযোদ্ধাৰ পাঁচগৰাকীয়েই খালি হাতে উভতিবলগীয়া হ’ল৷ অৱশ্যে, মহিলাৰ ৫৩ কিলোগ্ৰাম শাখাৰ ফাইনেলত উপনীত হোৱাৰ পাছতো বিতৰ্কিতভাৱে অযোগ্য ঘোষিত হৈছে ৱিনেশ ফোগাট৷ ফোগাটক বাদ দি আন চাৰিগৰাকী মল্লযোদ্ধা ব্যৰ্থ হ’লেও এটা ব্ৰঞ্জৰ পদকেৰে ভাৰতৰ মল্লযুঁজৰ মান ৰাখিলে ২১ বছৰীয়া অমন শ্বেৰাৱটে৷ অলিম্পিক আৰম্ভ হোৱাৰ আগলৈকে এইজন মল্লযোদ্ধা আছিল একেবাৰে অপৰিচিত৷ যদি ভাৰতৰ পুৰুষ মল্লযোদ্ধাৰ কথা কোৱা হয়, তেন্তে সবাতোকৈ পৰিচিত নাম হৈছে সুশীল কুমাৰ৷ তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল৷ সুশীল কুমাৰৰ উপৰি বজৰং পুনিয়া, যোগেশ্বৰ দত্ত, ৰবিকুমাৰ দাহিয়াও ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে হয়তো অপৰিচিত নহয়৷ অন্ততঃ খেলৰ খবৰ ৰখাসকলে এইসকলৰ নাম নুশুনাকৈ থকা নাই৷


কিন্তু অমন শ্বেৰাৱটৰ নাম হয়তো বহুতেই শুনা নাই৷ কিন্তু বহুতৰ বাবে অপৰিচিত এইজন মল্লযোদ্ধাই এইবাৰৰ অলিম্পিকৰ মল্লযুঁজত ভাৰতৰ হৈ একমাত্ৰ (শুকুৰবাৰ পৰ্যন্ত) পদকটো জয় কৰিলে৷ পেৰিছ অলিম্পিকত এজন নতুন তাৰকাৰ সন্ধান পালে ভাৰতীয় মল্লযুঁজৰ সৈতে জড়িত থকা প্ৰশাসকসকলে৷ ২১ বছৰীয়া এই মল্লযোদ্ধাজনৰ কথা শুনিলে বহুতৰে হয়তো চকুৰ পানী ওলাব৷ যি বয়সত ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ নিৰাপদ আশ্ৰয়ত থাকি কৈশোৰত ভৰি দিয়ে, সেই বয়সত তেওঁ হৈছিল অনাথ৷ মাত্ৰ এঘাৰ বছৰত তেওঁ হেৰুৱাইছিল মাতৃক৷ পিতৃৰ সপোন আছিল অমন এজন মল্লযোদ্ধা হওক৷ সেইবাবে তেওঁ অমনক মল্লযুঁজৰ একাডেমী এখনত নাম ভৰ্তি কৰাই দিয়াৰ সিদ্ধান্ত লৈছিল৷ কম বয়সতে তেওঁক মল্লযুঁজৰ অনুশীলনৰ বাবে পঠোৱা হৈছিল দিল্লীৰ প্ৰখ্যাত ছত্ৰসাল ষ্টেডিয়ামলৈ৷ মাতৃ বিয়োগ হোৱাৰ ছমাহৰ পাছত অমনে হেৰুৱাইছিল পিতৃকো৷ পিতৃ-মাতৃক হেৰুওৱাৰ পাছক অমন আৰু তেওঁৰ ভগ্নীৰ লালন-পালনৰ দায়িত্ব লৈছিল তেওঁৰ মাহীয়েকে৷ সুশীল কুমাৰৰ দ্বাৰা অনুপ্ৰাণিত হোৱা অমনে এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ পিতৃৰ সপোন সাৰ্থক কৰিব বিচাৰে৷ সুশীল কুমাৰে ২০০৮ চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ সময়ত অমনৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ৷ চাৰি বছৰ পাছত অৰ্থাৎ ২০১২ চনৰ লণ্ডন অলিম্পিকত সুশীলে ৰূপৰ পদক লাভ  কৰাৰ পাছতে নিজৰ লক্ষ্য স্থিৰ কৰি পেলাইছিল৷ এবছৰ পাছত মল্লযঁুজৰ আখৰাত নাম ভৰ্তি কৰাইছিল৷ তাৰ পাছত আৰু থমকি ৰ’বলগীয়া হোৱা নাই৷ ২০১৯ চনত এছিয়ান কেডেট চেম্পিয়নশ্বিপত লাভ কৰিছিল ৰূপৰ পদক৷ ললিত কুমাৰৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল৷ তাৰ পাছত প্ৰথমজন ভাৰতীয় মল্লযোদ্ধা হিচাপে অনূধবৰ্ ২৩ বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণপদক লাভ কৰিছিল৷ যোৱা বছৰ এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণপদক আৰু এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ ২১ বছৰ বয়সতে উল্লেখনীয় সফলতা লাভ কৰিছিল৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ পৰিচয় নাছিল, যিটো আনি দিলে পেৰিছ অলিম্পিকে৷অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত অমনে কৈছিল–‘মোৰ দেউতা-মাৰ সপোন আছিল মই মল্লযোদ্ধা হোৱাটো৷ তেওঁলোকে অলিম্পিকৰ বিষয়ে একো নাজানিছিল৷ মাত্ৰ মই মল্লযোদ্ধা হোৱাটো বিচাৰিছিল৷ অলিম্পিকত পোৱা পদকটো মই মোৰ পিতৃ-মাতৃৰ লগতে দেশবাসীলৈ উৎসৰ্গা কৰিছো৷’