Logo
image

মিত্ৰতা ভংগৰ পূৰ্বে দলৰ বাবে মন্ত্ৰিত্ব বিচাৰিলে অতুল বৰাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ আগষ্ট : অসম মন্ত্ৰীসভাত অগপ দলৰ পৰা আৰু এজন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰ সজোৰে দাবী জনালে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কেন্দ্ৰিক চৰ্চাৰ মাজতে দেওবাৰে গুৱাহাটীত এক সংবাদ মেলত বৰাই এই দাবী জনায় কয়– ‘অগপৰ নেতা-কৰ্মীসকলে আৰু এজন মন্ত্ৰী অসম মন্ত্ৰীসভাত বিচাৰিছে৷ পূৰ্বতেও আমাৰ তিনিজন মন্ত্ৰী আছিল৷’ ইফালে বঙাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অগপৰ প্ৰাৰ্থী চূড়ান্ত হোৱা নাই বুলি মন্তব্য কৰি বৰাই কয়– ‘বঙাইগাঁও অগপৰ দুৰ্গ৷ আঠবাৰকৈ বঙাইগাঁৱত ফণীভূষণ চৌধুৰীয়ে বিজয় ধবজা উৰুৱাইছিল৷ বঙাইগাঁৱত অগপৰ তৃণমূলৰ শক্তিশালী ভিত্তি আছে, সমৰ্পিত নেতা-কৰ্মী আছে৷ বিজেপি আৰু ইউপিপিএলৰ সমৰ্থন আমাৰ লগত আছেই৷ কংগ্ৰেছ দলে আঠবাৰ প্ৰাৰ্থীত্ব দি আঠ বাৰেই হাৰিছে৷ আৰু এবাৰ কংগ্ৰেছ বঙাইগাঁৱত হাৰিব৷’ মন্ত্ৰী বৰাই ইংগিত পূৰ্বকভাৱে কয় যে মুখ্যমন্ত্ৰী ছেপ্টেম্বৰতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ তথা ৰদ-বদল কৰাৰ সম্ভাৱনা আছে৷ তৃণমূলৰ কৰ্মীৰ সৈতে আলোচনা কৰি বঙাইগাঁৱৰ উপনিৰ্বাচনৰ অগপৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব৷


প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাষাৰে ঘোষণা কৰিছে যে এইবাৰ উপনিৰ্বাচনত বঙাইগাঁও সমষ্টি বিজেপিয়ে অগপক এৰি দিলেও ২০২৬ত বঙাইগাঁও অগপক নিদিবও পাৰে৷ ২০২১ৰ মিত্ৰতাৰ ভিত্তিতহে অগপই বঙাইগাঁও পাইছে৷ ২০২৬ত এই মিত্ৰতা নাথাকিবও পাৰে৷ কাৰ্যতঃ মিত্ৰতা ভংগৰ পূৰ্বেই মন্ত্ৰীত্ব বিচাৰিলে অতুল বৰাই৷ ইফালে আজিৰ সংবাদ মেলত শেহতীয়াকৈ মিজোৰামৰে হোৱা দুদিনীয়া সীমা সমস্যাৰ সম্পৰ্কীয় আলোচনাৰ বিষয়ে সদৰি কৰি মন্ত্ৰী বৰাই কয়– ‘মিজোৰামত নতুন চৰকাৰ গঠন হোৱাৰ পাছত চলিত বৰ্ষৰ জ্ঝ ফেব্ৰুৱাৰীত গুৱাহাটীত দুয়ো ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে এখন মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল৷ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই এখন গুড উইল মিছনলৈ মোক মিজোৰামলৈ যাবলৈ নিৰ্দেশ দিছিল৷ সেই মৰ্মে যোৱা দুদিন ধৰি মিজোৰামত মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ লগতে মিজোৰাম চৰকাৰৰ বিষয়াবৰ্গৰে আলোচনাত মিলিত হওঁ৷ মিজোৰাম চৰকাৰেও দুয়ো ৰাজ্যৰ সীমা সমস্যা সোনকালে সমাধান কৰাত আগ্ৰহ দেখুৱাইছে৷ হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ সৈতে মুঠ ১৬৪.৬ কিলোমিটাৰ দৈৰ্ঘৰ সীমা মিজোৰামৰ সৈতে অসমৰ আছে৷ মিজোৰাম চৰকাৰৰ এটা প্ৰতিনিধি দলক নামি গুৱাহাটীলৈ আমন্ত্ৰণ জনাইছোঁ৷ তেওঁলোকে অহাৰ প্ৰতিশ্ৰুতি দিছে৷ অহা বৰ্ষৰ জানুৱাৰী বা মাৰ্চত তেওঁলোক আহিব৷’