Logo
image

লাভলীনাক আদৰণি জনালে অসম আৰক্ষীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ আগষ্ট : পেৰিছ অলিম্পিকত পদক আজুৰি অনাত ব্যৰ্থ হ’লেও ডিএছপি লাভলীনা বৰগোহাঁইক লৈ গৌৰৱান্বিত অসম আৰক্ষী৷ পেৰিছ অলিম্পিকৰ কোৱাটাৰ ফাইনেলত চীনা বক্সাৰ লী কিয়ানৰ হাতত পৰাস্ত হৈ গৃহ ভূমি অসমত আহি উপস্থিত হৈছে বক্সাৰ লাভলীনা বৰগোহাঁইক ৷ সোমবাৰে কৰ্মক্ষেত্ৰত উপস্থিত হোৱাত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে লাভলীনা বৰগোহাঁইক গামোছা পিন্ধাই আদৰণী জনায়৷ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই আদৰণী অনুষ্ঠানত এছটিএফৰ মুৰব্বী পাৰ্থ সাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া  উপস্থিত থাকে৷


এই অনুষ্ঠানে বক্সাৰ লাভলীনাই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক পেৰিছ অলিম্পিকৰ স্মাৰক উপহাৰ দিয়ে৷ উল্লেখ্য, লাভলীনা বৰগোঁহাইক টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতেই অসম চৰকাৰে ডিএছপি  চাকৰি প্ৰদান কৰিছিল৷ অসম আৰক্ষীত কৰ্মৰত লাভলীনাই পেৰিছ অলিম্পিকত অংশ গ্ৰহণৰ যোগত্য অৰ্জন কৰি আৰক্ষী বাহিনীক গৌৰৱাম্বিত কৰা বুলিও আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰিছে৷ অৱশ্যে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱা লাভলীনাই দেশবাশীৰ ওচৰত ক্ষমা বিচাৰি ফেচবুকত এটা আৱেগিক পোষ্ট লিখা দেখা গৈছিল৷ জি পি সিঙে আগন্তুক দিনত যাতে অধিক উৎসাহেৰে লাভলীনা বৰগোহাঁইক নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে তাৰ বাবে শুভেচ্ছা জনায় আৰক্ষী সঞ্চালকপ্ৰধানজনে৷ এই সন্দৰ্ভত টুইটযোগে জি পি সিঙে কয়– ‘পেৰিছ অলিম্পিক-২০২৪ত অংশ গ্ৰহণ কৰাৰ পাছত আমি আমাৰ ডিএছপি লাভলীনাক পুনৰ স্বাগতম জনাইছো৷ ভৱিষ্যতৰ প্ৰচেষ্টাত ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰক৷’