Logo
image

অহা বছৰ ৫ খন টেষ্টৰ শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতে

নতুন দিল্লী, ২৩ আগষ্ট: এক পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাত অংশ লোৱাৰ লক্ষ্যৰে অহাবছৰ ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলে৷ বৃস্পতিবাৰে এই কথা ঘোষণা কৰিছে বি চি চি আইয়ে৷ ২০২৫ চনৰ ২০ জুনৰ পৰা চাৰি আগষ্টলৈ শৃংখলাটো অনুষ্ঠিত হ’ব৷ প্ৰথম টেষ্ট অনুষ্ঠিত হ’ব ২০-২৪ জুনত লীডছৰ হেডিংলিত৷ আন কেইখন টেষ্ট অনুষ্ঠিত হ’ব ক্ৰমে বাৰ্মিংহামৰ এজবাষ্টন (২-৬ জুলাই), ল’ৰ্ডছ (১০-১৪ জুলাই), মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড([২৩-২৭ জুলাই) আৰু অ’ভেলত (৩১ জুলাইৰ পৰা ৪ আগষ্ট)৷



এক্সত টেষ্ট কেইখনৰ সূচী ঘোষণা কৰিছে বি চি চি আইয়ে৷  উল্লেখ্য, ভাৰত-ইংলেণ্ডৰ প্ৰথম টেষ্টেৰেই আৰম্ভ হ’ব আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ২০২৫-২০২৭ চাইকল৷  বৰ্তমানৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অনুষ্ঠিত হ’ব ২০২৫ চনত৷ ২০০৭ চনত শেষবাৰৰ বাবে ইংলেণ্ডক টেষ্ট শৃংখলাত নিজৰ ভূমিত পৰাস্ত কৰিছিল ভাৰতে৷ সেইবাৰ ভাৰতীয় দলৰ নেতৃত্বত আছিল ৰাহুল দ্ৰাৱিড়৷ ভাৰতীয় দল শেষবাৰৰ বাবে ইংলেণ্ড ভ্ৰমণলৈ গৈছিল ২০২১-২২ ছীজনত৷ সেইবাৰ দুখন টেষ্টত জয়ী হ’লেও শৃংখলা জয় কৰা নাছিল ভাৰতে৷ প্ৰতি আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চাইকলত ভাৰত-ইংলেণ্ডৰ শৃংখলা অনুষ্ঠিত হৈছে৷ ২০১৯-২১ ছীজনত ঘৰুৱা খেলপথাৰত ইংলেণ্ডক হৰুৱাইছিল ভাৰতে৷ সেই সময়ত অধিনায়ক আছিল বিৰাট কোহলি৷ ২০২১-২০২৩ ছীজনত ইংলেণ্ডৰ মাটিত ২-২ত অমীমাংসিত হৈ ৰৈছিল শৃংখলা৷ ২০২৩-২৫ ছীজনত ৰোহিত শৰ্মাৰ নেতৃত্বত ঘৰুৱা খেলপথাৰত ভাৰতে ৪-১ ব্যৱধানত শৃংখলা জয় কৰিছিল৷