পিতৃয়ে খেলিছিল ভাৰতৰ হৈ পুত্ৰই খেলিলে ইংলেণ্ড দলত
মানচেষ্টাৰ, ২৪ আগষ্ট : শ্ৰীলংকাৰ বিৰুদ্ধে চলিত প্ৰথম টেষ্টত ইংলেণ্ডৰ জাৰ্ছীত দেখা গৈছে এজন ভাৰতীয় মূলৰ ক্ৰিকেটাৰক৷ দ্বাদশ ক্ৰিকেটাৰ হিচাপে দলত থকা ক্ৰিকেটাৰজনে শ্ৰীলংকাৰ প্ৰথম ইনিংছত ফিল্ডিঙো কৰিছিল৷ তেওঁ হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰুদ্ৰ প্ৰতাপ সিঙৰ পুত্ৰ হেৰী সিং৷ ১৯৮৬ চনত ভাৰতৰ হৈ দুখন খেল খেলিছিল পেচ বলাৰ ৰুদ্ৰ প্ৰতাপ সিঙে [ছিনিয়ৰ]৷ ঘৰুৱা ক্ৰিকেটত তেওঁ খেলিছিল উত্তৰ প্ৰদেশ আৰু এয়াৰ ইণ্ডিয়াৰ হৈ৷ নব্বৈৰ দশকৰ শেষৰভাগত তেওঁ ইংলেণ্ডলৈ গৈ তাতেই বসবাস কৰিবলৈ লৈছিল৷ ইংলেণ্ডত কাউণ্টী দল লাংকাশ্বায়াৰক প্ৰশিক্ষণো দিছিল ৰুদ্ৰ প্ৰতাপে৷ সেইজন ৰুদ্ৰ প্ৰতাপৰ পুত্ৰ হেৰী সিঙে শ্ৰীলংকাৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত ইংলেণ্ড দলত স্থান পাইছে৷
অৱশ্যে, প্ৰথম টেষ্টত তেওঁ ইংলেণ্ড দলত আছে দ্বাদশ ব্যক্তি হিচাপে৷ হেৰীয়ে ইংলেণ্ডত ৫৯খন প্ৰথম শ্ৰেণীৰ খেল আৰু ২১খন লিষ্ট ‘এ’ খেল খেলিছে৷ ২০২২ চনত তেওঁ সযোগ পাইছিল ইংলেণ্ডৰ অনূধবৰ্ ১৯ বছৰৰ দলত৷ একেটা বছৰতে হেৰী সিং লাংকাশ্বায়াৰত চুক্তিবদ্ধ হৈছিল৷ লাংকাশ্বায়াৰত তেওঁ খেলে অ’পেনাৰ হিচাপে৷ পুত্ৰ হেৰী সন্দৰ্ভত ৰুদ্ৰ প্ৰতাপে কয়–‘ইংলেণ্ডৰ ছিনিয়ৰ দলত খেলাটো সহজ নহ’ব৷ তাৰবাবে তেওঁ প্ৰচুৰ ৰান সংগ্ৰহ কৰিব লাগিব৷ এনে বহু ক্ৰিকেটাৰ দেখিছো, যিসকলে ঘৰুৱা ক্ৰিকেটত ভাল খেলে যদিও প্ৰকৃত সময়ত তেওঁলোক ব্যৰ্থ হয়৷ হেৰী সিঙে ৰাষ্ট্ৰীয় দলত খেলিবলৈ হ’লে তেওঁ যথেষ্ট পৰিশ্ৰম কৰিব লাগিব৷’