Logo
image

ক্ৰিকেটক বিদায় জনালে শিখৰ ধৱনে

নতুন দিল্লী, ২৫ আগষ্ট : সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে জ্যেষ্ঠ ভাৰতীয় অ’পেনাৰ শিখৰ ধৱনে৷ ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টৰ জৰিয়তে শনিবাৰে নিজৰ অৱসৰৰ কথা ঘোষণা কৰে খেলুৱৈজনে৷ ৩৮ বৰ্ষীয় অ’পেনাৰজনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল ২০১০ চনত বিশাখাপটনমত অষ্টে˜লিয়াৰ বিৰুদ্ধে এখন এদিনীয়াত৷ ভাৰতৰ হৈ তেওঁ অংশ লোৱা অন্তিম মেচখনো আছিল ৫০ অভাৰৰ৷ ২০২২ চনত বাংলাদেশৰ বিৰুদ্ধে অংশ লোৱা এদিনীয়াখনেই ভাৰতৰ হৈ খেলা ধৱনৰ অন্তিম মেচ৷ এক্সত দিয়া এক পোষ্টত ধৱনে লিখিছে–‘মোৰ ক্ৰিকেটীয় যাত্ৰাৰ এই অধ্যায়ৰ সামৰণি পৰিল৷ এই যাত্ৰাৰ অসংখ্য স্মৃতি আৰু কৃতজ্ঞতা মই কঢ়িয়াই লৈ ফুৰিম৷ আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ ! জয় হিন্দ৷’ তেওঁ কয়–‘জীৱন আগুৱাই নিয়াৰ বাবে এই পৃষ্ঠাটো লুটিৱাৰ প্ৰয়োজন হ’ল৷ সেয়ে মই আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিলো৷



মোৰ ক্ৰিকেটীয় যাত্ৰাক বিদায় জনোৱাৰ সময়ত মই এক শান্তি অনুভৱ কৰিছো৷’ ধৱনে নিজস্ব কেৰিয়াৰত ভাৰতৰ হৈ ৩৪ খন টেষ্ট, ১৬৭ খন এদিনীয়া আৰু ৬৮ খন টি-টুৱেণ্টীত অংশ লৈছিল৷ কিন্তু যোৱা কেইটামান বছৰত তেওঁ ফৰ্মৰ সৈতে সংগ্ৰাম কৰিব লগা হৈছিল৷ ৫০ অভাৰৰ ক্ৰিকেটত তেওঁৰ সংগ্ৰহ ৬৭৯৩  ৰান৷ ইয়াৰ ভিতৰত আছে ১৭ টা শতক আৰু ৩৯ টা অৰ্ধশতক৷ সাতটা শতকসহ টেষ্টত ধৱনৰ সংগ্ৰহ ২৩১৫ ৰান৷ দেশৰ জাৰ্ছীত টি-টুৱেণ্টীত ১৭৫৯ ৰান সংগ্ৰহ কৰিছে ধৱনে৷ অৱসৰ ঘোষণা কৰি ধৱনে আৰু কয়–‘মোৰ এটাই লক্ষ্য আছিল দেশৰ হৈ খেলা৷ সেই লক্ষ্য পূৰণ হৈছে৷ সকলোকে ধন্যবাদ৷ মোৰ পৰিয়াল, ল’ৰালিৰ প্ৰশিক্ষক তাৰক সিং আৰু মদন শমাৰ্, মোৰ দলীয় সতীৰ্থসকলক ধন্যবাদ জনাইছো৷ সকলোৰে পৰা অপাৰ ভালপোৱা আৰু সমৰ্থন লাভ কৰিছো৷’