Logo
image

আৰ্তজনৰ কাষত ঈশ্বৰৰ দূত

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ ‘ৰিল লাইফ’ত পৰ্দাত দেখা মানুহজন আৰু ‘ৰীয়েল লাইফ’ৰ মানুহজনৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ কৰ’না কালত এই অভিনেতাজনে প্ৰায়ে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ শিৰোনাম দখল কৰি আহিছে৷ পৰ্দাত দেখা সেই দানৱীয় ৰূপটোৰে নহয়, তেওঁৰ মানৱীয়তাইহে দেশবাসীৰ পৰা চেলুট পাইছে৷ তেওঁ দেশবাসীৰ আদৰ মৰম এনেদৰে পাইছে যে কোনোবাই নিজৰ চেলুনখনৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰিছে৷ কোনোবাই নিজৰ সন্তানৰ নাম তেওঁৰ নামেৰে ৰাখিছে, কোনোৱে আকৌ ৱেল্ডিং প্ৰতিষ্ঠানটোৰ নাম তেওঁৰ নামেৰে নামাংকিত কৰি ধন্য মানিছে৷ লকডাউনৰ সময়ত দেশৰ শ্ৰমজীৱী হাজাৰ হাজাৰ লোকৰ বাবে তেওঁ হৈ পৰিছিল ত্ৰাণকৰ্তা, দানবীৰ৷ গৰীবৰ বন্ধু, আৰ্তজনৰ সুহূদ ছনু সুডৰ কথা ক’বলৈ গৈয়ে এই অৱতাৰণা৷ সেৱামূলক কামৰ বাবে ছনু সুড আজি খলনায়কৰ পৰা প্ৰকৃত নায়ক হৈ পৰিছে৷ বিপদগ্ৰস্তক সহায় কৰি ভালপোৱা ছনুৰ জনপ্ৰিয়তা তুংগত৷ বিশেষকৈ ছ’চিয়েল মিডিয়াত তেওঁক ঈশ্বৰ জ্ঞান কৰা হৈছে৷ প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ‘ঈশ্বৰৰ দূত’ হৈ পৰে ছনু৷ ৪৭ বছৰীয়া অভিনেতাজনৰ জন্ম পাঞ্জাৱত৷ মহাৰাষ্ট্ৰৰ আন্ধেৰীত বসবাস কৰাৰ ছনু সুডে হিন্দী ছবিৰ উপৰি তেলেগু, তামিল, কন্নড়, পাঞ্জাবী চলচ্ছিত্ৰত অভিনয় কৰিছে৷ নাগপুৰৰ যশৱন্তৰাও চৱন কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ বি ই ডিগ্ৰীধাৰী ছনু সুডে দাবাং, হেপী নিউ ইয়েৰ, যোধা আকবৰ, সিং ইজ কিং, মিছন মুম্বাই, পল্টন, নেতাজী সুভাষ বসু, বুদ্ধা হোগা তেৰা বাপ আজি জনপ্ৰিয় ছবিত অভিনয় কৰিছে৷ ছবি উদ্যোগটোৰ অন্যতম নামি-দামী অভিনেতা ছনুৱে ৰূপালী পৰ্দাৰ জগতত ২১ বছৰ ধৰি কাম কৰিছে৷ প্ৰায় ১৩০ কোটি টকাৰ সম্পত্তিৰ গৰাকী ছনু সুডে নিজৰ সাঁচতীয়া ধন সমাজসেৱাৰ বাবেই খৰচ কৰি আহিছে৷ সেৱামূলক মনোবৃত্তিৰ বাবেই তেওঁ মাতৃৰ নামত এটা ন্যাস গঠন কৰি লৈছে৷ প্ৰফেচাৰ সৰোজ সুড ট্ৰাষ্ট নামৰ ন্যাসৰ দ্বাৰাই গৰীৱ, অসহায়, অনাথ শিশু, দুৰ্গত-আৰ্তজনক সহায় আগবঢ়াই ছনু সুডে বঞ্চিত শিশুক বিনামূলীয়াকৈ পঢ়াইছিল ছনুৰ মাতৃয়ে৷ দেউতাকে পাঞ্জাৱৰ মোগাত কাপোৰৰ দোকান চলাইছিল৷ সংবাদ মাধ্যমত ছনুৱে কৈছিল– ‘মা-দেউতাই এটাই কথা কৈছিল, যদি তুমি জীৱনত সঁচাকৈয়ে সফল হোৱা, তেন্তে আপদে-বিপদে মানুহক সহায়ৰ হাত আগবঢ়াই যাবা৷’

কৰ’না কালত জুহুত ছনুৱে তেওঁৰ হোটেলখন এৰি দিছিল কৰ’না যোদ্ধা, স্বাস্থ্যকৰ্মীসকলক থকাৰ বাবে৷ স্থানীয় চিকিৎসালয়ত নিয়োজিত চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছৰ বাবে তেওঁৰ হোটেলখন হৈ পৰিছিল নিৰাপদ স্থান৷ লকডাউনৰ সময়ত বিভিন্ন ৰাজ্যৰ শ্ৰমিকসকলক নিৰাপদে নিজ ৰাজ্যলৈ পঠিওৱাৰ ক্ষেত্ৰত গুৰুদায়িত্ব বহন কৰিছিল অভিনেতাজনে৷ লকডাউনৰ সময়ত নিজৰ ধন খৰচ কৰি বিমান ভাড়া কৰি হাজাৰ হাজাৰ শ্ৰমিকক গন্তব্য স্থানলৈ প্ৰেৰণ কৰে ছনুৱে ৰে’লযোগে, বাছযোগে যেনেকৈ সম্ভৱ নিজ ঘৰলৈ যোৱাত সহায় কৰিছিল৷ লকডাউনৰ পাছতো দুখীয়া-আৰ্তজনৰ সহায়ৰ হাত আগবঢ়াই আহিছে বলীউডৰ তাৰকাজনে৷ বিপদগ্ৰস্তৰ ত্ৰাণকৰ্তাগৰাকীয়ে মহাৰাষ্ট্ৰৰ ২৫ হাজাৰ আৰক্ষীক যোগান ধৰিছিল মাস্ক, ফেচ ফিল্ড৷ তদুপৰি কিৰ্গিস্তানত আৱদ্ধ চাৰি হাজাৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীক ঝাৰখণ্ড আৰু বিহাৰলৈ ঘূৰাই আনিছিল দানবীৰগৰাকীয়ে৷ অন্ধ্ৰৰ গৰীৱ কৃষক নাগেশ্বৰে গৰুৰ অভাৱত কন্যাক হাল টানিবলৈ লগোৱা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত ছনুৱে গৰীৱ কৃষক পৰিয়ালটোক এখন ট্ৰেক্টৰ কিনি দিছিল৷ বিহাৰৰ আৰাৰ বাসিন্দা দিব্যা নামৰ ছোৱালীজনী পেনক্ৰেয়টিক টিউমাৰত আক্ৰান্ত হোৱাত দিল্লীৰ এইমছত অস্ত্ৰোপচাৰৰ সমস্ত খৰচ বহন কৰিছিল অভিনেতাগৰাকীয়ে৷ এনে উদাহৰণ ঢেৰ আছে৷