স্মাৰ্ট মিটাৰৰ বিসংগতি আৰু প্ৰতিবাদ
অসমত শেহতীয়াভাৱে কেইবাটাও ইছ্যুক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে সৰ্বসাধাৰণ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে স্মাৰ্ট মিটাৰৰ বিসংগতি৷ গ্ৰাহকৰ সুবিধাৰ বাবে পূৰ্বৰ মিটাৰৰ পৰিৱৰ্তে প্ৰি-পেইড স্মাৰ্ট মিটাৰ বহুওৱা বুলি চৰকাৰৰ যুক্তিক মানি ল’ব পৰা নাই ৰাজ্যখনৰ সাধাৰণ নাগৰিকে; আৰু তাৰ ফলতে প্ৰতিটো প্ৰান্ততে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰা দেখা গৈছে৷ বিভিন্ন দল-সংগঠনেও প্ৰি-পেইড স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে পুনৰ পুৰণি মিটাৰ ব্যৱহাৰৰ দাবী উত্থাপন কৰিছে৷ বিধানসভাৰ মজিয়াতো এই বিষয়টোক লৈ শাসক আৰু বিৰোধীৰ বাক-বিতণ্ডাও হৈছে৷ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই সৰ্বসাধাৰণক লুণ্ঠন কৰা বুলি যুক্তি দৰ্শাই অনতি পলমে স্মাৰ্ট মিটাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা বিষয়টোত হস্তক্ষেপ বিচাৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ কাষ চাপিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ আন সদস্যৰ দাবী হৈছে যে প্ৰি-পেইড স্মাৰ্ট মিটাৰ বহুওৱাৰ পাছত বিদ্যুতৰ বিল অধিক অহাৰ অভিযোগ মানি ল’ব নোৱাৰি৷ অৱশ্যে, গৰম বেছি হোৱা বাবে জুন, জুলাই, আগষ্টত বিদ্যুতৰ বিল অধিক আহিব পাৰে৷ কিয়নো এই সময়ছোৱাত ফেন, ফ্ৰীজ, এচি আদিৰ ব্যৱহাৰ বেছিকৈ হয়৷ মুখ্যমন্ত্ৰীয়ে লগতে ইয়াকো কয় যে স্মাৰ্ট মিটাৰ ব্যৱহাৰ হোৱাৰ পাছত বিদ্যুতৰ বিল অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ প্ৰমাণ দিব পাৰিলে চৰকাৰে পুনৰ পুৰণি মিটাৰকে কাৰ্যকৰী কৰিব৷
কিন্তু মুখ্যমন্ত্ৰীয়ে এটা কথা ভাবি চোৱা উচিত যে স্মাৰ্ট মিটাৰৰ বিসংগতি নাথাকিলে এই ব্যৱস্থাৰ বিৰুদ্ধে সৰ্বস্তৰৰ লোকে বিক্ষোভ প্ৰদৰ্শন কৰিব কিয়? মাহটোৰ অধিক সময় ঘৰৰ বাহিৰত থকা পৰিয়াল এটাৰ বিদ্যুতৰ বিল পূৰ্বৰ মাহতকৈ অধিক হোৱাৰো অভিযোগ পোৱা গৈছে৷ যদি স্মাৰ্ট মিটাৰৰ কোনো বিসংগতিয়েই নাই, তেন্তে এনেধৰণৰ অভিযোগ আহিব কিয়?ইপিনে, গুৱাহাটীবাসীৰ অধিকাংশৰে এটা অভিযোগ হৈছে যে প্ৰতি ইউনিটৰ বিদ্যুৎ ব্যয়ৰ এটা নিৰ্দিষ্ট মূল্য ধৰি দিয়া থাকে যদিও প্ৰায়েই প্ৰতি ইউনিটৰ খৰচ বেলেগ হোৱা দেখা যায়৷ এয়াও স্মাৰ্ট মিটাৰৰ বিসংগতি নহয়নে? ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এপিডিচিএল আৰু শক্তি বিভাগে বিদ্যুৎ মাচুলৰ নামত সৰ্বসাধাৰণক যিধৰণে লুণ্ঠন চলাই আছে, তাৰ পৰিপ্ৰেক্ষিতত এই স্মাৰ্ট মিটাৰক এতিয়া ‘স্মাৰ্ট ডকাইত’ৰো আখ্যা দিয়া হৈছে৷ কৰ-কাটলৰ বোজা, মূল্যবৃদ্ধি, গ্ৰীষ্মকালত বিদ্যুতৰ লুকা-ভাকু আদি অনেক সমস্যাই ৰাজ্যবাসীক ভাৰাক্ৰান্ত কৰি ৰখাৰ সময়ত স্মাৰ্ট মিটাৰৰ নামত এই লুণ্ঠন এতিয়া ভূতৰ ওপৰত যেন দানহ হৈপৰিছে৷ সাধাৰণ নাগৰিকৰ দাবী– যদি স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ যোগেদি চৰকাৰে বিদ্যুতৰ অপচয় ৰোধ কৰাৰ লগতে ৰাজহ বৃদ্ধি কৰাত সহায় কৰিব পাৰে, তেন্তে এই ব্যৱস্থা বাণিজ্যিক আৰু চৰকাৰী প্ৰতিষ্ঠানবোৰত বাধ্যতামূলক কৰক৷ অসমৰ গ্ৰামাঞ্চলত বাস কৰা পঞ্চাছ শতাংশ লোকৰে স্মাৰ্ট ফোন নাই বুলি ক’ব পাৰি৷ তেনেক্ষেত্ৰত এইসকল লোক স্মাৰ্ট মিটাৰৰ পৰা অহা মাচুল পৰিশোধ কৰাত সমস্যাৰ সৃষ্টি নহ’বনে? স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি দেখা দিয়া প্ৰতিবাদক নিশ্চয় অমূলক বুলি ক’ব নোৱাৰি৷ চৰকাৰে এই দাবীক সমূলঞ্চে নস্যাৎ কৰাৰ পৰিৱৰ্তে প্ৰি-পেইড স্মাৰ্ট মিটাৰবোৰ সঁচাকৈ ত্ৰুটীপূৰ্ণ নেকি তাক পৰীক্ষা কৰি প্ৰয়োজন সাপেক্ষে এই মিটাৰবোৰৰ ঠাইত আন মিটাৰ সংস্থাপন কৰি চাবও পাৰে৷ স্মাৰ্ট মিটাৰৰ বিসংগতিৰ অভিযোগ কেৱল গাঁৱৰ অশিক্ষিত লোকৰ নহয়, চহৰ অঞ্চলৰ বহু শিক্ষিত আৰু অভিজ্ঞ লোকো স্মাৰ্ট মিটাৰৰ নামত চলি থকা লুণ্ঠনৰ ভুক্তভোগী৷ সেয়েহে বিষয়টোক লৈ ৰাজনীতি কৰাৰ পৰিৱৰ্তে এই সমস্যাটোৰ পৰা সৰ্বসাধাৰণক পৰিত্ৰাণৰ ব্যৱস্থা কৰাটোহে এই মুহূৰ্তত সময়ৰ আহ্বান৷