Logo
image

ভাৰতৰ উমেশ যাদৱৰ বিশ্ব অভিলেখ ভংগ ৱেষ্ট ইণ্ডিজৰ বলাৰৰ

কিংষ্টন, ৩ ডিচেম্বৰ: বাংলাদেশৰ বিৰুদ্ধে অংশ লোৱা দ্বিতীয় টেষ্টত নিয়ন্ত্ৰিত  বলিঙেৰে অভিলেখ ৰচনা কৰিছে ৱেষ্ট ইণ্ডিজৰ বলাৰ জেডেন ছিলছে৷ টেষ্টখনৰ প্ৰথম ইনিংছত ১৬৪ ৰানত আউট হৈ যায় বাংলাদেশ৷ কিংষ্টনত অনুষ্ঠিত মেচখনত দুৰন্ত প্ৰদৰ্শন আগবঢ়াই  ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ ছিলছে৷ তেওঁৰ নিখুত লাইন আৰু লেন্থৰ প্ৰত্যুত্তৰ দিব নোৱাৰিলে আলহী দলটোৱে৷ ৱেষ্ট ইণ্ডিজে  বাংলাদেশক কম ৰানত আউট কৰি দিয়াৰ পথত ছিলছে অভিলেখ গঢ়িলে৷ বেগী বলাৰজনে ১৫.৫ অভাৰ বল কৰি খৰচ কৰে মাত্ৰ পাঁচ ৰান৷ ১০টা অভাৰত তেওঁ কোনো ৰান খৰচ নকৰিলে৷ তেওঁৰ বলিং বিশে¡ষণ আছিল–১৫.৫-১০-৫-৪৷ অভাৰে প্ৰতি তেওঁ খৰচ কৰিছে ০.৩১ ৰান৷ টেষ্ট মেচৰ এটা ইনিংছত অন্ততঃ ১০ অভাৰ বল কৰা বলাৰৰ ভিতৰত  ১৯৭৮  চনৰ পৰা ছিলছেই আটাইতকৈ কম খৰচী বলাৰ হিচাপে প্ৰতিপন্ন হৈছে৷


কেবল বেগী বলাৰৰ প্ৰদৰ্শনৰ দিশৰ পৰা এটা ইনিংছত অন্ততঃ ১৫ অভাৰ বল কৰা বলাৰৰ ভিতৰত ছিলছেই আটাইতকৈ কম খৰচী বলাৰ৷ এই ক্ষেত্ৰত ৱেষ্ট ইণ্ডিজৰ বলাৰজনে ভংগ কৰে ভাৰতৰ উমেশ যাদৱৰ বিশ্ব অভিলেখ৷ ২০১৫ চনত দিল্লীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰতি অভাৰত উমেশে খৰচ কৰিছিল ০.৪২ ৰান৷ ২১ অভাৰ বল কৰি উমেশে তিনিটা উইকেটো লাভ কৰিছিল৷ উমেশৰ বলিং বিশ্লেষণ আছিল–২১-১৬-৯-৩৷  ছিলছতকৈও কম খৰচী বলাৰ আছে৷ সেই ইনিংছত অন্ততঃ ১৫ অভাৰ বল কৰা নাছিল সংশ্লিষ্ট বলাৰজনে৷ ১৯২৮  চনত ডাৰবানত দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছত ১৩ অভাৰত তিনিটা উইকেট লাভ কৰিছিল ইংলেণ্ডৰ প্ৰাক্তন বেগী বলাৰ বব ৱায়েটে৷ ইনিংছত তেওঁ প্ৰতি অভাৰত ০.৩০ ৰান খৰচ কৰিছিল৷ উল্লেখ্য, দ্বিতীয় টেষ্টত বাংলাদেশ প্ৰথম ইনিংছত ১৬৪ ৰানত আউট হোৱাৰ পাছত দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ৱেষ্ট ইণ্ডিজে এটা উইকেট হেৰুৱাই ৭০ ৰান সংগ্ৰহ কৰিছে৷