Logo
image

ইউএছটিএমৰ স্বত্বাধিকাৰীৰ ২৮ বছৰ পুৰণি ‘জালিয়াতি’ৰ সম্ভেদ, কৰিমগঞ্জত গোচৰ ৰুজু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ আগষ্ট : অসম চৰকাৰ আৰু মেঘালয়ৰ শৈক্ষিক প্ৰতিষ্ঠান ইউএছটিএমৰ সংঘাতে এইবাৰ পালেগৈ চৰম পৰ্যায়৷ জালিয়াতিৰে জাতিগত প্ৰমাণ-পত্ৰ সংগ্ৰহৰ অভিযোগত সুদীৰ্ঘ ২৮ বছৰৰ পাছত ইউএছটিএমৰ স্বত্বাধিকাৰী তথা আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অসম চৰকাৰে৷ গুৱাহাটীৰ কৃত্ৰিম বানক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে ইউএছটিএমে ‘ফ্লাড জেহাদ’ চলোৱা বুলি অভিযোগ কৰাৰ পাছতেই শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰী মহবুবুল হকেও উভতি ধৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ আনহাতে, মন্ত্ৰী পীয়ূষ হাজৰিকাই ইউএছটিএমে পাহাৰ খনন চলোৱাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰিছিল   যদিও সেই সময়তো ইউ এছ টি এমৰ মালিক মহবুবুল হকে মন্ত্ৰীজনকো পাহাৰখননৰ প্ৰমাণ কৰিবলৈ প্ৰত্যাহ৩ান জনাইছিল৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ইউএছটিএমৰ বিৰুদ্ধে শ্ল’ পয়জন অব্যাহত ৰাখিব বুলি মুকলি ঘোষণা কৰিছিল৷ এই বাক যুদ্ধৰ পাছতেই অৱশেষত মুখ্যমন্ত্ৰীয়ে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে ১৯৯২ চনত জালিয়াতিৰে অন্যান্য পিছপৰা শ্ৰেণীৰ জাতিগত প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰাৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসনে অপৰাধজনিত গোচৰ ৰুজু কৰাৰ কথা সদৰি কৰিছে৷ বুধবাৰে দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউ এছ টি এমৰ আচাৰ্য মববুবুল হকৰ সন্দৰ্ভত কয়– ‘ইমানদিন আমি কি কৈ আছিলোঁ ইউএছটিএমৰ মালিক এজন শিক্ষাবিদ৷ কিন্তু কৰিমগঞ্জৰ ডি চিৰ পৰা এটা ৰিপ’ৰ্ট আহিছে– তেওঁ অ’বিচিৰ চাৰ্টিফিকেট লৈছিল জালিয়াতিৰে৷ আৰু তেওঁৰ চাৰ্টিফিকেটখন ইতিমধ্যে কৰিমগঞ্জ জিলা আয়ুক্তই বাতিল কৰিছে৷ ভুৱা অ’বিচি প্ৰমাণ-পত্ৰ উলিওৱা মানুহজন কেতিয়াবা শিক্ষাবিদ হ’ব পাৰে নেকি? কিৰেণ সম্প্ৰদায়ৰ লোক বুলি তেওঁ এখন অ’বিচিৰ প্ৰমাণ-পত্ৰ লৈছিল৷ তেতিয়া মানহে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল৷




সেই সময়ত কৰিমগঞ্জৰ জিলা উপায়ুক্তই সকলোৰে শুনানি লোৱাৰ পাছত এইজন ভদ্ৰলোকৰ অ’বিচিৰ প্ৰমাণ-পত্ৰ খাৰিজ কৰে৷ ডিচিয়ে চাৰ্টিফিকেটখন নাকচ কৰিলে, যদিও সেই সময়ত এফআইআৰ দিয়া নাছিলে৷ এজন মানুহে জাল প্ৰমাণ-পত্ৰ লোৱাৰ পাছত, পাছৰ পদক্ষেপটো হ’ব লাগিছিল ক্ৰিমিনেল গোচৰ৷ তেতিয়া এফআইআৰ দিয়া হোৱা নাছিল৷ এতিয়া আমি এফআইআৰ দিম৷ কৰিমগঞ্জ জিলা আয়ুক্তক মই এতিয়া এফআইআৰ দিবলৈ ক’ম৷ যিসকলে মোক ইউএছটিএমক লৈ আক্ৰমণ কৰি আছে, তেওঁলোকে নিজেই নজনাকৈ নিজক আৰু জাতিটোক আক্ৰমণ কৰি আছে৷’ উল্লেখ্য, কৰিমগঞ্জৰ জিলা আয়ুক্তই ২৭ আগষ্ট, ২০২৪ ত পত্ৰ নং ই ৪৯৭১২.যডি এফ এ ২৮৯২৮৯১ যোগে মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিবলৈ এই বিষয়ে সবিশেষ তথ্য প্ৰেৰণ কৰিছে৷ সেই পত্ৰত উল্লেখ কৰা মতে কৰিমগঞ্জ জিলাৰ পাঠাৰকাণ্ডি থানাৰ পূৰ্বগোল নামৰ গাঁওখনৰ প্ৰয়াত ইব্ৰাহিম আলীৰ পুত্ৰ মহবুবুল হকে ২৪ আগষ্ট, ১৯৯২ত অ’ বি চিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিছিল৷ যিখন জাতিগত প্ৰমাণ-পত্ৰত স্বাক্ষৰ কৰিছিল কৰিমগঞ্জৰ তদানীন্তন উপায়ুক্তয়ে৷ কিন্তু এই প্ৰমাণ-পত্ৰ পৰীক্ষা কৰি তেওঁৰ এই প্ৰমাণ-পত্ৰখন জাল বুলি অৱগত হোৱাৰ পাছত ২০ আগষ্ট, ১৯৯৬ত এই প্ৰমাণ-পত্ৰ নাকচ কৰা হৈছিল৷ প্ৰমাণ পত্ৰখন বাতিল কৰাৰ সময়ত পঞ্জীয়কে মহবুবুলক হক কিৰণ আৰু মাইমল কোনো এটা সম্প্ৰদায়ৰৰে নহয় বুলি টোকা লিখি থৈছিল৷ অৰ্থাৎ প্ৰমাণ-পত্ৰখন বাতিল কৰাৰ সুদীৰ্ঘ ২৮ বছৰৰ পাছত চৰকাৰে এইবাৰ ইউ এছ টি এম কাণ্ডৰ পাছতেই মহবুবুল হকৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে সাজু হৈছে৷