Logo
image

জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীৰ পুৰণি স্থিতি মনত পেলাই দিলে কংগ্ৰেছে

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৮ ছেপ্টেম্বৰ : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো নিবিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কাৰণ ৰাজ্যৰ অধিকসংখ্যক লোক জনজাতি হ’লে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব নোৱাৰে৷ আজি ডিব্ৰুগড় হোটেল টি ফাৰ্ণত অনুষ্ঠিত হোৱা এক সংবাদ মেলত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত এনেদৰে মন্তব্য কৰিছে নগাঁৱৰ সাংসদ প্ৰদু্যৎ বৰদলৈয়ে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সংবাদ মেলত সাংসদ বৰদলৈয়ে কয় যে, লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চুক্তিৰ ৬নং দফা উচ্ছস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ অসম চৰকাৰে ৫৭টা পৰামৰ্শ ৰূপায়ণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ ২০১৯চনত গঠিত বিপ্লৱ শৰ্মা প্ৰতিবেদন ২০২০চনতে চৰকাৰক দাখিল কৰিছিল৷ ইমানদিন বিজেপি চৰকাৰে ধোঁৱাচাঙত থৈ এতিয়া ৰাজনীতিৰ হেঁচাত প্ৰতিবেদন অনুমোদন জনালে৷ কিন্তু অসমৰ ৰাইজে এতিয়ালৈকে গম পোৱা নাই কোন ১০টা দফা অনুমোদন কৰা নাই চৰকাৰে৷ ৫৭টা দফা অনুমোদিত কৰা বুলি কৈছে৷ ১০টা কিয়, কি পৰিস্থিতিত বাদ দিলে বুলি প্ৰশ্ন উত্থাপন কৰে৷ আনহাতে, জনজাতিকৰণক লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা কংগ্ৰেছ শাসনকালত মন্ত্ৰী হৈ থকাৰ সময়ত দলটোৰ স্থিতি মনত পেলাই দি সাংসদ বৰদলৈয়ে কয়– প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ছয় জনগোষ্ঠী জনজাতিকৰণ কৰাত ২০১৩ চনৰ জ্ঝডিচেম্বৰত সিদ্ধান্ত লৈছিল৷ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ অন্য থলুৱা জনজাতিসমূহ সুৰক্ষিত কৰা কথাও কোৱা হৈছিল৷



তাৰ পৰৱৰ্তীসময়ত এই বিষয়ৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিটো সময়ত উপস্থাপন কৰা হৈছিল৷ সেইসময়ত কংগ্ৰেছৰ মন্ত্ৰীসভাত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আছিল৷ এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কংগ্ৰেছৰ কাৰণে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া ৰৈ যোৱা নাছিল৷ আজিও কংগ্ৰেছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো বিচাৰে৷ কিন্তু জনজাতি হিচাপে বৰ্তমান ৰাজ্যত থকা লোকসকলৰ মৰ্যাদা ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতি হোৱাটো কংগ্ৰেছে সদায় সমৰ্থন কৰে আৰু কৰি যাব বুলি স্পষ্ট কৰে৷ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও অসমৰ আহোম, মটক, কোচ, চাহ জনগোষ্ঠী আৰু চুতীয়াসকলক জনজাতিকৰণ নকৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ লগতে কয় যে, তেওঁ এজন চতুৰ মুখ্যমন্ত্ৰী৷ নিজৰ চতুৰালীৰ বাবেই আজি মুখ্যমন্ত্ৰী আসনত বহি আছে৷ কংগ্ৰেছত থাকোঁতেই তৰুণ গগৈক বগৰাই মুখ্যমন্ত্ৰী হোৱাৰ বাবে চক্ৰান্ত কৰিছিল৷ পৰৱৰ্তী সময়ত অসমৰ ৰাইজে নিৰ্বাচন কৰা আন এজন জনজাতীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উফৰাই নিজে মুখ্যমন্ত্ৰী গাদীত বহিলে৷ তেওঁ কেতিয়াও নিবিচাৰে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতি হোৱাটো৷ ৰাজ্যৰ অধিক মানু্‌হ জনজাতি হ’লে হিমন্ত বিশ্ব শৰ্মা নিজেই মুখ্যমন্ত্ৰী যে হ’ব নোৱাৰে সেই কথা তেওঁ নিজেই জানে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰদু্যৎ বৰদলৈয়ে৷ তেওঁ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ লগতে প্ৰয়োজনত সংবিধান সংশোধন কৰি হ’লেও, অসমখনক জনজাতীয় মৰ্যাদা ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে৷

মুখ্যমন্ত্ৰীয়ে বিভেদৰ বীজ সিঁচি সকলো চেদেলি-ভেদেলি কৰিবলৈ

লৈছে : ৰকিবুল হুছেইন

‘আমাৰ অসম’ৰ যোগীঘোপাৰ প্ৰতিবেদক ঃ বঙাইগাঁও জিলাৰ টাপাট্টাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত অভয়াপুৰী কলাপৰিষদ ভৱনত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়৷ সাংসদ ৰকিবুল হুছেইনক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত সভাখনত স্থানীয় বিধায়ক আব্দ বাতিন খণ্ডকাৰ, আবতাৱ উদ্দিন মোল্লা, এ কে ৰছিদ আলম আৰু প্ৰৱীণ কংগ্ৰেছী নেতা আবুল কাছেম আদি উপস্থিত থকা সভাখনত সাংসদ হুছেইনে সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত কেৱল অসমে নহয় ভাৰত আনকি গোটেই পৃথিৱীৰ ভিতৰতে ৰেকৰ্ডসংখ্যক ভোট দি বিজয়ী কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তদুপৰি, ভাষণত কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাৰসাম্য হেৰুৱাই পেলাইছে৷ গতিকে অনাগত দিনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি কয়৷ ইপিনে সাংবাদিকক কয় যে বৰ্তমানে সকলোৱে শান্তি বিচাৰিছে৷ মুখ্যমন্ত্ৰীয়ে যেনেকৈ সমাজত বিভেদৰ বীজ সিঁচি দি সকলো চেদেলি-ভেদেলি কৰিবলৈ লৈছে৷ এইবোৰ বিজেপিৰ সমৰ্থকেও ভাল পোৱা নাই বুলি সাংসদ হুছেইনে কয়৷ তদুপৰি, মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী পদত যিমান সোনকালেপৰা যায় এজন জনজাতীয় লোকক অধিষ্ঠিত কৰি ক্ষমতা হস্তান্তৰ কৰাৰ বাবে সকলোৱে একগোট হোৱা বুলি মন্তব্য কৰি তাৰ আগজাননী হিচাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমৰ মুঠ জনসংখ্যাৰ ৫১শতাংশ কৰিলে সকলো ৰাজনৈতিক দলে মুখ্যমন্ত্ৰীৰ পদত জনজাতীয় লোক অধিষ্ঠিত কৰিবলৈ বাধ্য হ’ব বুলিও মন্তব্য কৰে৷ সেইবাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত হোহোকা-পিছলা কৰি থকা বুলি মন্তব্য কৰে৷ তদুপৰি, ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি উল্লেখ কৰি গৃহমন্ত্ৰীৰ দায়িত্ব আনক দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ৩ান জনায়৷