Logo
image

অকলেণ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত অসমীয়া চিনেমা ‘ব্ৰীজ’ৰ প্ৰিমিয়াৰ

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ কেলিফৰ্ণিয়াৰ অকলেণ্ড চহৰত ২৩ ছেপ্টেম্বৰৰ স্থানীয় সময় মতে নিশা ন বাজি পাঁচ মিনিটত ১৮সংখ্যক অকলেণ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈ যায় কৃপাল কলিতা পৰিচালিত অসমীয়া চিনেমা ‘ব্ৰীজ’ৰ৷ চিনেমাখনৰ প্ৰদৰ্শনৰ অন্তত জুম মিটযোগে দৰ্শকৰ লগত পোনপটীয়াকৈ প্ৰশ্ন-উত্তৰ শিতানত ভাগলোৱাৰ ব্যৱস্থা কৰিছিল মহোৎসৱ উদ্যোক্তাই৷ শনিবাৰে জুম মিটৰ জৰিয়তে ডেভিদ ৰোচিয়ে ‘ব্ৰীজ’ৰ পৰিচালকৰ লগত বাৰ্তালাপ কৰে৷ অনুষ্ঠানত কৃপাল কলিতা আৰু হংসৰাজে অংশ লয়৷ বিদেশৰ ভূমিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত ব্ৰীজ ছবিখনৰ এইটোৱেই হ’ল প্ৰথম ৰাজহুৱা প্ৰদৰ্শন৷ ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত ব্ৰীজৰ অন্তৰ্ভুক্তিয়ে ছবিখনৰ লগত জড়িত শিল্পী-কলা-কুশলী তথা চলচ্ছিত্ৰ অনুৰাগীক উৎসাহিত কৰি তুলিছে৷ অসমৰ আৰ্থ-সামাজিক জীৱনৰ এক মননশীল বলিষ্ঠ কাহিনীৰে ব্ৰীজ নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য যে ছবিখনত অভিনয় কৰা প্ৰায়ভাগ শিল্পীয়ে জীৱনত প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত থিয় দিছে৷ পৰিচালক কলিতাই জনোৱা মতে, ১৯-২৫ অক্টোবৰলৈ হ’বলগীয়া Oregon State international film festival (USA) OSIFF ২০২০ ব্ৰীজ প্ৰদৰ্শিত হ’ব৷