Logo
image

’৫১ৰ পূৰ্বে অহাসকল অসমীয়া

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ছেপ্টেম্বৰ : ১৯৫১ চনৰ পূৰ্বে অসমলৈ অহা সকলো লোক অসমীয়া৷ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰীকৰণক লৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ ৰূপায়ণ সন্দৰ্ভত বুধবাৰে আছু নেতৃত্বৰে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই এই কথা ঘোষণা কৰে৷ জনতা ভৱনত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই কয়– আমি ইতিমধ্যে অসমৰ জনগণক অৱগত কৰিছোঁ যে বিপ্লৱ শৰ্মা কমিটীয়ে দিয়া ৬৭টা প্ৰস্তাৱৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাত থকা আটাইকেইটা প্ৰস্তাৱ আমি ৰূপায়ণ কৰিব বিচাৰোঁ৷ এই সন্দৰ্ভত আছুক বিশ্বাসত লৈ আগবাঢ়িব বিচাৰোঁ৷ বিপ্লৱ শৰ্মা প্ৰতিবেদন প্ৰথমবাৰৰ বাবে দুয়োটা পক্ষই ৰাইজৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ৷ কাইলৈৰ ভিতৰত উক্ত প্ৰতিবেদন অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবচাইটত উপলব্ধ হ’ব৷ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ প্ৰস্তাৱসমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি৷ তাৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত ৪০টা, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত ১২টা আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত ১৫টা প্ৰস্তাৱ ৰূপায়নৰ কতৃৰ্ত্ব আছে৷ আছু নেতৃত্বয়ো এই শ্ৰেণী বিভাজন স্বীকাৰ কৰিছে৷ অৰ্থাৎ বিপ্লৱ শৰ্মা প্ৰতিবেদন ৰূপায়ণ সন্দৰ্ভত প্ৰথমখন বৈঠকত স্পষ্টতা আহিল৷


অসম চৰকাৰৰ কতৃৰ্ত্বৰ ভিতৰত থকা প্ৰস্তাৱসমূহ কেনেকৈ ৰূপায়ণ কৰিম তাৰ একচন প্লেন ২৫ অক্টোবৰত আছু নেতৃত্বক অৰ্পণ কৰিম৷ আছু যদি সন্মত হয় এপ্ৰিলৰ আগতে এইসমূহ প্ৰস্তাৱ ৰূপায়ণ কৰাৰ পদক্ষেপ ল’ম৷ আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ কতৃৰ্ত্বৰ ১৫টা প্ৰস্তাৱ ৰূপায়ণ সন্দৰ্ভত আছুৰ লগত কথা-বতৰা পাতি অগ্ৰগতিৰ বাবে চেষ্টা কৰিম৷ প্ৰয়োজন হ’লে আছু, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম৷ বিপ্লৱ শৰ্মা কমিটীৰ ৫২ প্ৰস্তাৱৰ ৪০টা ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ বিষয়ক৷ এইকেইটা অসম চৰকাৰে নিজাববীয়াকৈ ৰূপায়ণ কৰিব পাৰে৷ বাকী সংসদ বা বিধানসভাৰ সংৰক্ষণ, চাকৰিৰ সংৰক্ষণৰ বিষয় কেন্দ্ৰীয় চৰকাৰৰ কতৃৰ্ত্বৰ ভিতৰত৷ বিপ্লৱ শৰ্মা কমিটীয়ে অসমীয়াৰ সংজ্ঞা দুটা ধৰণে কৰিছে৷ এটা– অসমত যি জন্মগ্ৰহণ কৰিব, অসমৰ বায়ু-পানী সেৱন কৰি ডাঙৰ-দীঘল হ’ব সেইসকলো অসমীয়া৷ দ্বিতীয়তে ১৯৫১ চনৰ পূৰ্বে অসমলৈ অহাসকল অসমীয়া৷ খিলঞ্জীয়া অসমীয়া হিচাপে ১৯৫১ চনৰ পূৰ্বে অসমলৈ অহাসকলৰ বংশধৰসকলেহে পাব সাংবিধানিক ৰক্ষা কবচৰ সুবিধা৷ বৰাকৰ ক্ষেত্ৰত অসমীয়াৰ উক্ত সংজ্ঞাৰ আউতিৰ বাহিৰত ৰাখিবলৈ আছুক আহ৩ান জনাইছোঁ৷ তেওঁ আৰু কয়– অসমত শিলসাঁকোত বেদখল উচ্ছেদ, জনজাতীয় এলেকাত বেদখল উচ্ছেদ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন মতেই হৈ আছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আমি বিপ্লৱ শৰ্মা প্ৰতিবেদন মেলি চোৱাৰ পূৰ্বে কাৰ্যকৰী কৰিছোঁ৷ অৰ্থাৎ আমি বিপ্লৱ শৰ্মা প্ৰতিবেদনতকৈ আগুৱাই গৈ কাম কৰি আছোঁ৷