Logo
image

খালী পেটত ডালচেনি খালে নিয়ন্ত্ৰণ হয় কলেষ্টেৰ’ল

আজিকালি প্ৰায়েই বিভিন্নজনৰ মুখত কলেষ্টেৰ’লৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ কলেষ্টেৰ’লৰ মাত্ৰা বাঢ়িলে এটা সময়ত হিতে বিপৰীত হ’ব পাৰে৷ সেয়ে কলেষ্টেৰ’লৰ সমস্যাত আক্ৰান্ত হোৱা বুলি জানিলেই ইয়াক নিয়ন্ত্ৰণৰ বাবে বিভিন্নজনে  বিভিন্ন পদ্ধতি অৱলম্বন কৰিবলৈ ধৰে৷ কিন্তু কিছুমান প্ৰাকৃতিক উপাদান আছে যিবোৰে কলেষ্টেৰ’লৰ পৰা সকাহ দিয়াত সহায় কৰে৷ আয়ুৰ্বেদ বিশেষজ্ঞসকলৰ মতে ডালচেনিয়ে উচ্ছ কলেষ্টেৰ’ল দ্ৰুত নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷  

- আলিগড় আয়ুৰ্বেদিক কলেজৰ সহকাৰী অধ্যাপক ডাঃ পীয়ূষ মাহেশ্বৰীৰ মতে ডালচেনিত থকা উপাদানসমূহে তেজত জমা হোৱা বেয়া কলেষ্টেৰ’ল আঁতৰোৱাত সহায় কৰে৷ ডালচেনিত থকা এণ্টি অক্সিডেণ্টে শৰীৰটো ফ্ৰী ৰেডিকেলৰ বিপজ্জনক প্ৰভাৱৰ পৰা ৰক্ষা কৰে৷ ৰেডিকেলসমূহে কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে তেজৰ ধমনীসমূহৰ ক্ষতি কৰে৷ এনেক্ষেত্ৰত খালী পেটত নিতৌ এটুকুৰা ডালচেনি খালে কলেষ্টেৰ’লৰ  সমস্যাৰ পৰা উপকাৰ পোৱা যায়৷



- পুৱা শুই উঠাৰ পাছত এটুকুৰা ডালচেনি কুহুমীয়া পানীৰ সৈতে মিহলাই খাওক৷ এই অভ্যাস কেইদিনমান কৰিলেই কলেষ্টেৰ’ল নিয়ন্ত্ৰণ হোৱাৰ লগতে হৃদযন্ত্ৰ অধিক শক্তিশালী হ’ব৷

- অৱশ্যে ডালচেনি কলেষ্টেৰ’ল কমোৱাৰ সহজ উপায় হ’লেও ইয়াত ঔষধৰ বিকল্প হিচাপে বিবেচনা কৰা নহয়৷ যদি আপুনি নিয়মীয়াকৈ কলেষ্টেৰ’ল নিয়ন্ত্ৰণৰ ঔষধ সেৱন কৰি আছে তেন্তে ডালচেনিৰ সহায় লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক৷

- আপুনি যদি খালী পেটত ডালচেনি গুড়ি কৰি  খাব নোৱাৰে তেন্তে গাখীৰ, চাহ বা কফিৰ সৈতে মিহলায়ো খাব পাৰে৷ অথবা ওটছ, দৈ বা অন্যান্য খাদ্যৰ সৈতেও মিহলাই খাব পাৰে৷