Logo
image

উক্তি-বক্ৰোক্তি

ভাৰত, মিছৰ, ছুডান, ছৌদি আৰব বিশ্বৰ বাবে আশীৰ্বাদ৷ আনকি ইৰাক, ইৰাণ, ছিৰিয়া পৃথিৱীৰ বাবে অভিশাপ৷ 
– ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু

চৰকাৰী চাকৰিয়ালেও ইচ্ছা কৰিলে বিজেপিৰ সদস্য হ’ব পাৰিব৷ 
– বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

যদি কোনোবা বাংলাদেশীয়ে মোক মাৰিব বুলি ভাবিছে, তেন্তে এটা কথা স্পষ্ট যে, শৃংখল চলিহা অকলে নমৰে৷ লগত দুই-চাৰিজনক লৈহে যাব৷ দেশ, জাতিৰ বাবে শ্বহীদ হ’বলৈ মই সাজু৷ 
– শৃংখল চলিহা



মই হেনো প্ৰচুৰ বল কৰিছোঁ৷ সকলো বলাৰতকৈ ময়েই বেছি খেলিছোঁ৷ নতুন প্ৰশিক্ষক গেৰী কাষ্টেৰ্নেও কৈছে এই কথা৷ সকলোৰে মোক বিশ্ৰাম দিয়াৰ মন৷ কিন্তু কিয়? ৱাকাৰ ইউনিছ, ৱাছিম আক্ৰমৰ ওপৰত খেলৰ চাপ নাছিল নেকি? 
– পাকিস্তানী পেচাৰ শ্বাহিন আফ্ৰিদি

এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ বৰ্তমানলৈকে ১,২৪,৩৪৫জনক ৰাজ্যৰ বিভিন্ন চৰকাৰী পদত নিযুক্তি দিয়া হৈছে৷ এক লাখৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ লগতে অতিৰিক্ত প্ৰায় ২৪ হাজাৰজনেও নিযুক্তি লাভ কৰিছে৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মই কিয় আৰাধ্যাক সকলো ঠাইলৈকে লৈ যাওঁ সেই কথা সকলোৱে সোধে৷ আৰাধ্যা মোৰ কন্যা৷ সেয়ে তাইক মই লগত লৈ ফুৰোঁ৷ এইটো কথাক লৈ আনে ইমান মূৰ ঘমোৱাৰ প্ৰয়োজন কি?
– বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

তেওঁ আধা মাহ থাকে অসমত, আধা মাহ থাকে ঝাৰখণ্ডত৷ অসমৰ ৰাইজক সেৱা কৰিবলৈ নহয়, বিজেপিক সেৱা কৰিবলৈহে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈছে৷ মাহে তেওঁ দুবাৰ-তিনিবাৰকৈ শ শ কোটি টকা ধাৰলৈ লয় আৰু তাৰ পৰা পোৱা কমিছনৰ টকা নি ঝাৰখণ্ডত খৰচ কৰে৷ 
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

তেওঁলোকে অমিতাভ বচ্ছন, আদানি, আম্বানিক নিমন্ত্ৰণ জনাইছিল৷ চিনেমাৰ কাকো বাকী ৰখা নাছিল৷ কিন্তু কোনো কৃষক বা শ্ৰমিকক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ নিমন্ত্ৰণ জনোৱা নাছিল৷ সেয়া কি ‘নাচ-গানা’ৰ অনুষ্ঠান আছিল নেকি? 
– লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পাছত মই প্ৰধানমন্ত্ৰী পদৰ বাবে বহুবাৰ প্ৰস্তাৱ লাভ কৰিছিলোঁ৷ বিৰোধী দলৰ এজন নেতাই প্ৰধানমন্ত্ৰী পদৰ বাবে মোলৈ প্ৰস্তাৱ আগবঢ়াইছিল৷ কিন্তু প্ৰধানমন্ত্ৰী হোৱাটো মোৰ লক্ষ্য নহয়৷ 
– কেন্দ্ৰীয় মন্ত্ৰী নীতীন গাডকাৰী