Logo
image

নতুন প্ৰজন্মৰ পৃথিৱী গঢ়ে গুগ্‌ল-ইন্‌ষ্টাগ্ৰামে

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ ‘পৃথিৱীত কোনো জাতি নাই যি নিজৰ ভাষা অবিহনে উন্নতি কৰিছে৷’ –এই ভাষ্য ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক তথা সাহিত্য অকাদেমি বঁটাপ্ৰাপক প্ৰসিদ্ধ গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷ শনিবাৰে যোৰহাটত ডামিনী ফাউণ্ডেশ্বন নামৰ এটা বেচৰকাৰী সংস্থা উদ্বোধন কৰি দিয়া ভাষণত বিশিষ্ট সাংবাদিক-সাহিত্যিকজনে এইদৰে কয়৷ 

যোৰহাট থিয়েটাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত গোস্বামীয়ে কয়– ‘বিশ্বৰ প্ৰসিদ্ধ সাহিত্য, চিনেমা আদি নিজৰ ভাষাত সৃষ্টি হৈছে৷ আনকি আইনষ্টাইনেও নিজৰ ভাষাতে আপেক্ষিকতাবাদৰ তত্ত্ব গঢ়ি তুলিছিল৷ কিন্তু অসমীয়া ভাষা সম্পৰ্কে বহুতৰ হীনমন্যতা আছে৷ এনে হীনমন্যতাৰ কোনো ভিত্তি নাই৷ কাৰণ অসমীয়া ভাষা যথেষ্ট সমৃদ্ধিশালী; অসমীয়া ভাষাত যথেষ্ট সমৃদ্ধিশালী সাহিত্য সৃষ্টি হৈছে৷ এই সাহিত্য হিন্দী সাহিত্যৰ তুলনাত যথেষ্ট উন্নত৷ অসমীয়া ভাষা দুই কোটিৰো অধিক মানুহে ব্যৱহাৰ কৰে৷ ইয়াৰ বিপৰীতে প্ৰায় ৪০ লাখ মানুহে কোৱা নৰৱেজিয়ান ভাষাত সাহিত্য সৃষ্টি কৰি জন ফচেই সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল৷ ভাৰতবৰ্ষৰ এসময়ৰ সমৃদ্ধিশালী সংস্কৃত ভাষা মৃত ভাষাত পৰিণত হ’ল৷ হিব্ৰু ভাষাও মৃত ভাষাত পৰিণত হৈছিল যদিও ইজৰাইলীসকলে অনুভৱ কৰিলে যে নিজৰ ভাষা নাথাকিলে তেওঁলোক দুৰ্বল হৈ পৰিব, তেওঁলোকৰ সৃষ্টিশীলতা আৰু সৃজনশীলতা নোহোৱা হ’ব৷ সেয়ে তেওঁলোকে হিব্ৰু ভাষাক পুনৰুজ্জীৱিত কৰিলে আৰু ইজৰাইলৰ চৰকাৰী ভাষাত পৰিণত কৰিলে৷ এতিয়ালৈকে প্ৰায় ৯০০জন ব্যক্তিয়ে নোবেল বঁটা লাভ কৰিছে আৰু ইয়াৰে ১৪০জনেই ইহুদী৷ এটা জাতিৰ বাবে সৃষ্টিশীলতা আৰু সৃজনশীলতা গুৰুত্বপূৰ্ণ বিষয়৷ আমাৰ সৃষ্টিশীলতা আৰু সৃজনশীলতা নোহোৱা হৈছে৷ আনক অনুকৰণ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ কিন্তু জাতিটোক সমৃদ্ধিশালী কৰিবলৈ সৃষ্টিশীলতা আৰু সৃজনশীলতাৰ বিকাশ কৰিবই লাগিব; সকলো ক্ষেত্ৰতে সৃষ্টিশীলতা থাকিব লাগিব৷ তেতিয়াহে ভাৰত বিশ্বগুৰু হ’ব পাৰিব৷ নতুন প্ৰজন্মই যথেষ্ট সুযোগসহকাৰে জন্ম গ্ৰহণ কৰিছে৷ এই প্ৰজন্মৰ আমাৰ তুলনাত বহু বেছি ‘আই কিউ’ আছে৷ সেয়ে আমাৰ দৃষ্টিকোণৰ পৰা তেওঁলোকৰ শুদ্ধ ছবিখন নাপাব পাৰোঁ৷ নতুন প্ৰজন্মই কৃত্ৰিম বুদ্ধিমত্তা, ৫-জি আদিৰ সুযোগ লাভ কৰি জন্ম গ্ৰহণ কৰিছে; গুগ্‌ল তেওঁলোকৰ গুৰু; হোৱাট্‌ছএপ-ফেচবুকত তেওঁলোকে তথ্য লাভ কৰে; ইষ্টাগ্ৰামে তেওঁলোকৰ পৃথিৱীখন গঢ়ি তোলে৷ এইবোৰে তেওঁলোকৰ সন্মুখত বহুত সুযোগ আনি দিছে৷ কিন্তু তেওঁলোকে এইবোৰ কেনেকৈ ব্যৱহাৰ কৰিছে সেইটোহে মূল কথা৷ নতুন প্ৰজন্মৰ মাজত ভাষাৰ ব্যৱহাৰ কমি আহিছে৷ নিজৰ ভাষাক সমৃদ্ধিশালী কৰিবই লাগিব৷’ 



গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত যোৰহাটৰ বস্ক’ ইনষ্টিটিউটৰ সঞ্চালক ফাডাৰ জেৰি থমাছে কয়– ‘বৰ্তমান প্ৰজন্ম যথেষ্ট মানসিক চাপ, উদ্বেগ আদিৰ সন্মুখীন হৈছে৷ গতিকে তেওঁলোকৰ মানসিক যত্ন লোৱাৰ প্ৰয়োজন হৈছে৷’ এনাৰ্জী এণ্ড ৰিছাৰ্চ ইনষ্টিটিউটৰ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ আৰু ৰিজিয়নেল চেণ্টাৰৰ মুখ্য সঞ্চালক ড॰ দীপাংকৰ চহৰীয়াই অনুষ্ঠানত ভাষণ দি কয়– ‘সম্প্ৰতি জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হৈছে৷ এই পৰিৱৰ্তনৰ ফলত উষ্ণতা বৃদ্ধি পাইছে৷ ইয়াৰ প্ৰভাৱ মানুহৰ মনস্তত্ত্বৰ ওপৰত পৰিছে৷ এনে উষ্ণতাৰ ফলতে মানুহ মানসিক চাপ, উদ্বেগ আদিৰ সন্মুখীন হৈছে৷ সেয়ে মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে৷’ অনুষ্ঠানত মাজুলীৰ হেমিংবাৰ্ড স্কুলৰ প্ৰতিষ্ঠাপক বিপিন ধানেই কয়– ‘পৃথিৱীখন ব্যাপকভাৱে পৰিৱৰ্তন হৈছে৷ ৭৫ বছৰৰ ভিতৰত পৃথিৱীখন আৰু মানুহৰ জীৱন যিমান সলনি হৈছে আগতে কেতিয়াও সিমান সলনি হোৱা নাছিল৷ ইয়াৰ ফলতে মানুহ তীব্ৰ মানসিক চাপৰ সন্মুখীন হৈছে৷ সফলতাৰ দৌৰৰ বাবে এনে চাপ সৃষ্টি কৰা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলক অধিক নম্বৰৰ পিছত দৌৰিবলৈ দিয়াৰ ফলত তেওঁলোকে চাপ সহ্য কৰিব নোৱৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ সেয়ে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আহি পৰিছে৷ এপাহ ফুল নিজৰ সময়তহে ফুলিব৷ ছাত্ৰ-ছাত্ৰীসকলো নিজৰ দৰেহে বিকশিত হ’ব৷’ অনুষ্ঠানত আদৰণী ভাষণ দি ডামিনী ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাপক তথা ক্ৰিচেণ্ট একাডেমিৰ সঞ্চালক চন্দ্ৰানী বৰুৱাই (জিতা) কয়– ‘দীৰ্ঘদিন ধৰি শিক্ষানুষ্ঠানৰ সৈতে জড়িত হৈ ছাত্ৰ-ছাত্ৰীসকল মানসিক চাপৰ সন্মুখীন হোৱাৰ বিষয়ে মই উপলব্ধি কৰিছোঁ৷ সেয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ যত্ন লোৱাৰ বিষয়ে চিন্তা কৰোঁ আৰু এইক্ষেত্ৰত কাম কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানটোৰ জন্ম দিয়া হৈছে৷’ 

উল্লেখ্য, শনিবাৰৰ এই অনুষ্ঠানতে মনোজ কুমাৰ গোস্বামীয়ে ফলক মুকলি কৰি ডামিনী ফাউণ্ডেশ্বনৰ শুভাৰম্ভ কৰে৷ ডেভিদ হাজৰিকাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক প্ৰণিতা বৰুৱাই৷ অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ গীতটো পৰিৱেশন কৰাৰ লগতে বাঁহীবাদন কৰা হয়৷ অনুষ্ঠানত শলাগ জ্ঞাপন কৰে ডামিনী ফাউণ্ডেশ্বনৰ মুখ্য কাৰ্যবাহী বিষয়া অন্তৰীপা বৰাই৷