Logo
image

ফলাফলৰ পূৰ্বেই ৰাজহুৱা হ’ল উত্তৰবহী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ অক্টোবৰ : ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰলৈ চৰকাৰী নিযুক্তি পৰীক্ষাই ‘অভিলেখ’ ৰচনা কৰিছে৷ এই অভিলেখ আন একো নহয়, নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বেই ৰাজহুৱা কৰা হ’ল প্ৰাৰ্থীৰ উত্তৰ বহী৷ বিগত ১৫ ছেপ্টেম্বৰত ৰাজ্যৰ ৩,১২৭টা তৃতীয় বৰ্গৰ পদৰ বাবে ১১ লাখ নিবনুৱাৰ মাজত অনুষ্ঠিত অনুষ্ঠিত এ ডি আৰ পৰীক্ষাৰ ইতিমধ্যে ছেবাই অ’ এম আৰ উত্তৰ বহী ৰাজহুৱা কৰিছে৷ যিসকল পৰীক্ষাৰ্থীয়ে ৫০ টকা পৰিশোধ কৰি অনলাইন যোগে অ’ এম আৰ শ্বীটৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ অ’ এম আৰ শ্বীটসমূহ ডাউনলোডৰ বাবে উপলব্ধ হৈছে৷ উল্লেখ্য, ফলাফলৰ পূৰ্বে অ’ এম আৰ এনছাৰ শ্বীট ৰাজহুৱা কৰাটো প্ৰথমবাৰলৈ অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত দেখা গ’ল বুলিও এতিয়া চৰ্চা লাভ কৰিছে৷ অৱশ্যে অ’ এম আৰ শ্বীট ৰাজহুৱা হ’ল যদিও ছেবাই এই পৰ্যন্ত ফলাফল তথা কাট অৱ মাৰ্ক ৰাজহুৱা নকৰাত পৰীক্ষাৰ্থীসকল উৎকণ্ঠিত হৈ পৰিছে৷ সচৰাচৰ স্বচ্ছতাৰে অনুষ্ঠিত হোৱা নিযুক্তি পৰীক্ষাসমূহত প্ৰথমে এনছাৰ কী ৰাজহুৱা কৰি কোনো পৰীক্ষাৰ্থীৰ এনছাৰ কী লৈ আপত্তি থাকিলে, আৱেদনৰ সুযোগ দিয়া হয়৷ ইয়াৰ পাছতেই পৰীক্ষা পৰিচালনা কতৃৰ্পক্ষই বিশেষজ্ঞৰ জৰিয়তে অভিযোগসমূহ পুনৰ বিবেচনা কৰি চূড়ান্ত এনছাৰ কী ৰাজহুৱা কৰে৷ উক্ত চূড়ান্ত এনছাৰ কীৰ জৰিয়তে ফলাফল ঘোষণাৰ পাছত পৰীক্ষাৰ্থীৰ আবেদনৰ ভিত্তিত উত্তৰ বহী প্ৰদান কৰা দেখা যায়৷ কিন্তু এ ডি আৰ ইৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা দেখা পোৱা গৈছে৷ এনছাৰ কীৰ আপত্তি থাকিলে পৰীক্ষাৰ্থীক প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ৫০০ টকাকৈ জমা দি আবেদনৰ নিৰ্দেশ দিয়া হৈছে৷


তদুপৰি ফলাফল ৰাজহুৱা কৰাৰ পূৰ্বে অ’ এম আৰ এনছাৰ শ্বীট ৰাজহুৱা কৰা হৈছে৷ স্বচ্ছতাৰ স্বাৰ্থতেই এই ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ফেচবুক লাইভ যোগে দাবী কৰিছে৷ অথচ প্ৰথম অৱস্থাত তৃতীয় বৰ্গৰ এই পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰাৰ্থীক ঘৰলৈ আনিবলৈ অনুমতি দিয়া নাছিল৷ কিন্তু উক্ত পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে স্বচ্ছতা আৰু নিকা পৰীক্ষাৰ দোহাইদি প্ৰশ্নকাকত ৰাজহুৱা কৰিবলৈ বাধ্য হৈছিল৷ অৱশ্যে যদিহে ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ অ’ এম আৰ শ্বীট স্ক্ৰেনিং তথা মূল্যায়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, তেনেহ’লে ফলাফল ৰাজহুৱা কৰাত পলম কিয় বুলিও প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে একাংশ পৰীক্ষাৰ্থীক৷ পৰীক্ষাৰ্থীসকলক উৎকণ্ঠিত কৰি ৰখাতকৈ ফলাফল ৰাজহুৱা কৰাত চৰকাৰৰ আপত্তি ক’ত বুলিও প্ৰশ্ন উঠিছে৷ ইফালে ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ এনছাৰ কী আৰু অ’ এম আৰ শ্বীট ৰাজহুৱা কৰাৰ পাছত এইবাৰ ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা তৃতীয় বৰ্গৰ স্নাতক উত্তীৰ্ণ আৰু চালক পদৰ পৰীক্ষাৰ অ’ এম আৰ শ্বীটৰ লগতে এনছাৰ কী ৰাজহুৱা কৰাৰ নিৰ্দেশনা জাৰি কৰিছে নিযুক্তি আয়োগে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি তৃতীয় বৰ্গৰ স্নাতক উত্তীৰ্ণ আৰু চালক পদৰ পৰীক্ষাৰ ক্ৰমে চতুৰ্থ আৰু পঞ্চম কাকতৰ প্ৰাৰ্থীসকলে ৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈকে তেওঁলোকৰ অ’ এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব৷ চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয়েল এনছাৰ কী ৯ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা উপলব্ধ হ’ব৷ যদিহে প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰবহী পুনৰীক্ষণ কৰিব বিচাৰে, তেন্তে ৯ অক্টোবৰৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত আবেদন জনাব পাৰিব৷