Logo
image

৩জন বিজ্ঞানীলৈ ৰসায়নৰ নোবেল

নতুন দিল্লী, ১০ অক্টোবৰ : চলিত বছৰৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে আমেৰিকাৰ ৰসায়নবিদ ডেভিদ বেকাৰ, ডেমিছ হাছাবিছ আৰু লণ্ডনৰ জন এম জাম্পাৰে৷ আজি ৰয়েল ছুইডিছ একাডেমী অব ছাইন্সে এই ঘোষণা কৰে৷ একাডেমীয়ে ঘোষণা কৰা মতে ডেভিদ বেকাৰক গণনামূলক প্ৰ’টিন ডিজাইনৰ বাবে আৰু ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰক প্ৰ’টিন গাঁথনিৰ ভৱিষ্যদ্বাণীৰ বাবে চলিত বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা যুটীয়াভাৱে প্ৰদানৰ সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য, প্ৰতিবছৰে ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ব্যক্তি বা সংস্থাক ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰি আহিছে৷ পৰৱৰ্তী পৰ্যায়ত সাহিত্য, শান্তি আৰু অৰ্থনীতিৰ ন’বেল বঁটাসমূহ ঘোষণা কৰা হ’ব৷


ডেভিড বেকাৰৰ সৈতে গৱেষণাত ব্যস্ত অসমীয়া বিজ্ঞানী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : আমেৰিকান জৈৱ ৰসায়নবিদ ডেভিদ বেকাৰলৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা৷ বিশ্বপ্ৰসিদ্ধ এই বিজ্ঞানীজনৰ নোবেলপ্ৰাপক গৱেষণাৰ সৈতে জড়িত আছিল এজন অসমীয়া যুৱ বিজ্ঞানী৷ এই অসমীয়া বিজ্ঞানীজন আন কোনো নহয়, তেওঁ হৈছে ড॰ ৰুবুল মাউত৷ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত বিজ্ঞানী ডেভিদ বেকাৰৰ তত্বাৱধানতে দীৰ্ঘদিনে প্ৰ’টিন ডিজাইনাৰ গৱেষণাত জড়িত আছিল অসম সন্তান ড॰ ৰুবুল মাউত৷ আনকি বৰ্তমান ডেভিদ বেকাৰৰ সৈতে একেলগে আন এক গৱেষণাৰ কামতো ব্যস্ত আছে ড॰ মাউত৷ অসম গৌৰৱ ৰুবুল মাউতে সামাজিক মাধ্যমযোগে নোবেল বঁটা বিজয়ী ডেভিদ বেকাৰৰ ঘনিষ্ঠতাৰ কথা ব্যক্ত কৰিছে৷ সামাজিক মাধ্যমত এটা পোষ্টত ৰুবুল মাউতে লিখিছে এইদৰে– ‘একালৰ মোৰ প’ষ্ট ডক্টৰেল মেণ্টৰ আৰু বৰ্তমানৰ অতি ঘনিষ্ঠ সহযোগী (Collaborator) ডেভিদ বেকাৰক আজি ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা দিয়া হৈছে ! যোৱা ৰাতিৰ পৰাই উদ্‌গ্ৰীৱ হৈ এই খবৰ বাবে ৰৈ আছিলো যদিও, আজি ৰাতিপুৱা ই বাস্তৱ হৈ উঠাত বাকহীন আবেগত উপচি পৰিছোঁ ! ডেভিদৰ সৈতে মোৰ যোৱা আঠবছৰৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গ’লে হয়তো এখন মহাকব্য হ’বগৈ৷ কিন্তু আজি ইয়াকে কওঁ যে পৃথিৱীৰ এজন অতি মেধাৱী (Genius) ব্যক্তিৰ সৈতে কৰা যুটীয়া গৱেষণাৰ ফলত এতিয়ালৈ চাৰিখন গৱেষণা পত্ৰ, কেইবাটিও পেটেণ্ট প্ৰকাশিত হৈছে৷ লগতে আন ভালেকেইটা Collaboration এতিয়াও চলি আছে৷ উল্লেখ্য, যোৱা সপ্তাহত আমাৰ এনে Collaborationৰ এখন গৱেষণা পত্ৰ Nature নামৰ জাৰ্নেলত প্ৰকাশ হৈ ওলাইছিল৷ য’ত আছিল আন এগৰাকী নোবেল প্ৰাপক Carolyn Bertozzi (২০২২)৷ তাতোতকৈ উল্লাসৰ কথা যে বিগত শুক্ৰবাৰে মোৰ অন্য এখন গৱেষণা পত্ৰৰ বাবে (bioRxivত থকা) পৃথিৱী শ্ৰেষ্ঠ বিজ্ঞান আলোচনী Nature এ ডেভিদ, জৰ্জ (হাৰ্ভাৰ্ডৰ ডিন জৰ্জ ডেলি), আৰু মোৰ প্ৰায় এঘণ্টাযোৰা সাক্ষাৎকাৰ লৈছিল, Nature-এ মোৰ এই গৱেষণা পত্ৰৰ ওপৰত অহা নৱেম্বৰ মাহৰ শেষৰফালে এটি লেখা প্ৰকাশ কৰিব৷ ডেভিদৰ উপৰি তেওঁৰ খ্যাতনাম বিজ্ঞানী পত্নী হানেলি বেকাৰ (Hannele Rouhala Baker)ৰ সৈতেও মোৰ সু-সম্পৰ্ক তথা Collaboration চলি আছে৷ ইয়াৰে কিছু কাম বিগত সপ্তাহত হানেলিৰ এগৰাকী ছাত্ৰীয়ে বাৰ্লিনত Present কৰিছিল৷ যি কি নহওক, আমাৰ জীৱনৰ শৈশৱ কাল বিজ্ঞান শিক্ষাৰ অবিহনে তেনেই সাধাৰণ ভাৱেই পাৰ হৈছিল, কিন্তু আজি ডেভিদৰ এই নোবেল স্বীকৃতিত আমাৰ অলপ হ’লেও সহযোগ থকাত কেনে ভাৱ হৈছে সেয়া ভাষাৰে ব্যক্ত কৰিবলৈ অপাৰগ৷ আজি কিছুবছৰ আগতে যেতিয়া ডেভিদৰ পি এইচ ডি মেণ্টৰ Randy Schekmanক নোবেল বঁটা দিয়া হৈছিল, তেতিয়া ডেভিদৰো ছাগৈ একে অভিজ্ঞতাই হৈছিল৷