Logo
image

প্ৰদূষণ পৰিষদত ‘প্ৰদূষণ’

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ অক্টোবৰ : অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদত চলিছে এতিয়া বিষয়াৰ একনায়কত্ববাদ৷ কেন্দ্ৰৰ নিৰ্দেশনাকো কেৰেপ নকৰা এজন বিতৰ্কিত বিষয়াৰ বাবে নিজেই ‘প্ৰদূষিত’ হৈ পৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ৷ অভিযোগ অনুসৰি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অসম প্ৰদূষণ পৰিষদৰ সদস্য সচিব শান্তনু দত্তৰ এবছৰীয়া কাৰ্যকাল বৃদ্ধিৰ নিৰ্দেশনা নাকচ কৰাৰ পাছতো সদস্য সচিবৰ চকী এৰিব বিচৰা নাই বিতৰ্কিত বিজ্ঞানী শান্তনু দত্তই৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিবৰ লোভনীয় চকীখন এৰিব নিবিচৰা শান্তনু দত্তই কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনা প্ৰত্যাহাৰৰ বাবেহে এতিয়া দিছপুৰলৈ তাঁত বাতি কঢ়াত নামি পৰিছে৷ আনকি বিতৰ্কিত বিজ্ঞানী শান্তনু দত্তক সদস্য সচিব পদৰ কাৰ্যকালৰ ম্যাদ বৃদ্ধি কাৰ্যক অবৈধ বুলি ঘোষণা কৰাৰ পাছতো বিতৰ্কিত বিজ্ঞানীজনকে উক্ত চকীত বহুৱাই ৰখাৰ বাবে এটা প্ৰভাৱশালী চক্ৰই দিছপুৰত হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ উঠিছে৷ উল্লেখ্য, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শ্বিলংস্থিত আঞ্চলিক কাৰ্যালয়ৰ বিজ্ঞানী শান্তনু দত্তক তিনি বছৰৰ বাবে ডেপুটেশ্বনত অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব পদত নিযুক্তি দিয়া হৈছিল৷ বিগত ২৬ ছেপ্টেম্বৰত শান্তনু দত্তৰ তিনিবছৰীয়া কাৰ্যকাল অন্ত পৰে যদিও ইয়াৰ পূৰ্বে বিগত ১৮ ছেপ্টেম্বৰত দিছপুৰৰ এটা বিশেষ চক্ৰৰ হেঁচাত ৰাজ্য চৰকাৰৰ বন বিভাগে সম্পূৰ্ণ অবৈধভাৱে শান্তনু দত্তৰ কাৰ্যকাল পুনৰ এবছৰলৈ বৃদ্ধি কৰিছিল৷


কিন্তু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমোদন অবিহনে অবৈধভাৱে শান্তনু দত্তৰ ডেপুটেশ্বনৰ ম্যাদ অসম চৰকাৰে পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা কাৰ্যত খৰ্গহস্ত হৈ পৰে কেন্দ্ৰীয় পৰিষদৰ খোদ অধ্যক্ষ৷ যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ গাইডলাইন উলংঘন কৰি শান্তনু দত্তৰ ডেপুটেশ্বনৰ ম্যাদ বৃদ্ধি কৰা কাৰ্যক অবৈধ বুলি ঘোষণা কৰি বিগত ২৭ ছেপ্টেম্বৰতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এটা নিৰ্দেশনা যোগে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক শান্তনু দত্তক কেন্দ্ৰীয় প্ৰতিষ্ঠানটোলৈ ঘূৰাই পঠোৱাৰ বাবে নিৰ্দেশ দিছিল৷ আনকি নিৰ্দেশনাটোত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যালয়ত মানৱ সম্পদৰ নাটনিৰ বাবে তাৎক্ষণিকভাৱে শান্তনু দত্তক অব্যাহতি দিয়াৰ ব্যৱস্থা কৰাৰ বাবেও কোৱা হৈছিল৷ কিন্তু ২৭ ছেপ্টেম্বৰত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাৰি কৰা নিৰ্দেশনাৰ এপষেক অতিক্ৰম কৰিলে যদিও ৰহস্যজনক কাৰণত দিছপুৰে শান্তনু দত্তক এই পৰ্যন্ত অব্যাহতি দিয়া নাই৷ আনকি শান্তনু দত্তয়ো অজ্ঞাত কাৰণত সদস্য সচিবৰ চকী এৰাৰ ইচ্ছা কৰা নাই৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিবৰ চকীখন ‘সোণৰ কণী পৰা হাঁহ’লৈ পৰিণত হোৱাৰ বাবেই বিতৰ্কিত শান্তনু দত্তই উক্ত চকীখন এৰি যাব নিবিচৰা বুলিও এতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ভিতৰচ’ৰাত চৰ্চা চলিছে৷ আনকি দিছপুৰৰ এটা প্ৰভাৱশালী আমোলা-বিষয়াৰ চক্ৰই শান্তনু দত্তকে পুনৰ সদস্য সচিবৰ আসনত অধিষ্ঠিত কৰোৱাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনাৰ পাছতেই শেহতীয়াকৈ ৰাজ্যপালৰ কাৰ্যালয়ে শান্তনু দত্তৰ অব্যাহতিত অনুমোদন জনাই যদিও হাত দীঘল বিতৰ্কিত বিষয়াজনকে ক্ষমতাত বহুৱাই ৰখাৰ বাবে চেষ্টাৰ ক্ৰুটি কৰা নাই দিছপুৰীয়া প্ৰভাৱশালী চক্ৰটোৱে৷ অভিযোগ অনুসৰি ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিটোৰে পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় আপত্তি বিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে৷ আনকি উদ্যোগ-কাৰখানাসমূহে বাৰ্ষিক নবীকৰণ প্ৰমাণ পত্ৰও পৰিষদৰ পৰা বাধ্যতামূলকভাৱে সংগ্ৰহ কৰিব লাগে৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতি অবিহনে কোনো উদ্যোগ-কাৰখানা কাৰ্যক্ষম কৰিব নোৱাৰে৷ যাৰ বাবে সদস্য সচিব শান্তনু দত্তই পৰিষদৰ অধ্যক্ষকো কেৰেপ নকৰি নিজ খেয়াল-খুচী মতে উদ্যোগ-কাৰখানাসমূহক আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ অভিযোগ আছে৷ আনকি ধন নিদিলে তেনে প্ৰমাণ পত্ৰ প্ৰদানত বিলম্ব কৰি ব্যৱসায়ীসকলক হাৰাশাস্তি কৰাও বহু অভিযোগ উত্থাপন হৈছে৷ সেয়েহে এই সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰা পৰিষদৰ সদস্য সচিবৰ চকীখন শান্তনু দত্তই এৰিব নিবিচৰা বুলিও চৰ্চা লাভ কৰিছে৷ কাৰ্যতঃ প্ৰদূষণমুক্ত ৰাজ্য গঢ়াৰ দায়িত্ব পালন কৰা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ঊধবৰ্তন সংস্থাৰ নিৰ্দেশ অমান্য কৰি নিজেই এতিয়া যেন ‘প্ৰদূষিত’ হৈ পৰিছে৷