Logo
image

আহিন গৰকি আহিল কাতি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৮ অক্টোবৰ : আহিন গৰকি আহিল কাতি৷ ৰাজ্যত মৃদু শীতৰো আগমণ ঘটিছে৷ বৃহস্পতিবাৰে কৃষিজীৱী অসমীয়াই পালন কৰিলে কাতি বিহু৷ আহিন গৰকি আহিল কাতি অসমীয়াৰ প্ৰণৰো প্ৰাণ তিনিটা বিহুৰ অন্যতম কাতি বিহু৷ সমগ্ৰ ৰাজ্যজুৰি কৃষিজীবী অসমীয়াই কৃষ্টি আৰু পৰম্পৰা মানি কাতি বিহু পালন কৰিলে৷ কৃষি পথাৰে পথাৰে জ্বলিল আকাশ বন্তি৷ শ্যামলী শইচৰ শ্ৰীবৃদ্ধি কামনা কৰি অসমীয়া কৃষিজীৱী ৰাইজে আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰিলে৷ অসমৰ কৃষিজীৱী লোকে ঘৰে ঘৰে তুলসী পুলি ৰুই সন্ধিয়া তুলসী তলত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে বন্তিৰ পোহৰেৰে অশুভ শক্তিৰ বিনাশ কামনা কৰিলে৷ কপালৰ ঘাম মাটিত পেলাই হাড়ভঙা পৰিশ্ৰমেৰে খেতিয়কে পথাৰত ভূঁই ৰুই অন্ত কৰিছে৷ শস্যডৰা নদন বদন - হ’ব৷ অন্তৰত হেঁপাহ, এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, সকলো অভাৱ অনাটন দূৰ হ’ব সেই আশা বুকুট বান্ধিছে কৃষিজীবী অসমীয়াই৷ এনে সময়ত শস্য নষ্টকাৰী কীট-পতংগ, পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰ লগতে প্ৰাকৃতিক উপসৰ্গ সমূহে নকৈ ফুলাম হৈ পৰা ধাননিডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়কে আকাশবন্তি জ্বলাই নিজৰ খেতিডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰি নেদেখাজনৰ ওচৰত সেৱা লৈছে৷ অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত অনাড়ম্বৰভাৱে পালন কৰি আহিছে৷ এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ অনাটনে কৃষক ৰাইজক হেঁচি ধৰে৷ সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীবী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে৷ লোকবিশ্বাস অনুসৰি কাতি বিহুৰ দিনা ঘৰ দুৱাৰ, চোতাল পদূলি পৰিষ্কাৰ হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেবীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে৷ আহিন মাহৰ শেষ দিনটোত প্ৰতিজন কৃষকেই নিজৰ নিজৰ কামত ব্যস্ত হয়৷


বৃহস্পতিবাৰে কৃষিজীৱী অসমীয়াই চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে৷ এটি সুন্দৰ - তুলসী পুলি ৰুই মচি-কাচি চাকি বন্তি জ্বলাই শৰাই আগবঢ়ায়৷ বৃহস্পতিবাৰে সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ-ছাগলীৰ গৰালৰ সন্মুখত মাটিৰ চাকি জ্বলালে৷ বিশেষকৈ গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰে৷ কাতি মাহ হিন্দু দৰ্শনমতে পবিত্ৰ মাহ৷ কঙাল বা অভাব-অনাটনৰ দিনত এই বিহু ঞ্চ উদ্‌ যাপিত হলেও ইয়াৰ প্ৰাসঙ্গিকতা এৰাই চলিব নোৱাৰি৷ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো কাতি বিহু বৃহস্পতিবাৰে পালন কৰা হয়৷ কাতি বিহু উপলক্ষে অসমীয়াই ঘৰ, পদূলি, নামঘৰ আদি চিকুনাই তুলি সন্ধিয়া প্ৰাৰ্থনা, নাম কীৰ্তন আদি কৰে৷ সমগ্ৰ ৰাজ্যৰ লগতে কংক্ৰিটৰ মহানগৰীতো বৃহস্পতিবাৰে কাতি বিহু পালন কৰা হয়৷ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিৰ উদ্যোগত আৰু খাৰঘুলি বিহু সন্মিলনৰ সহযোগত এই বেলিও কাতি বিহুটি খাৰঘুলি বিহুতলীত বৃহস্পতিবাৰে উদযাপন কৰা হয়৷ কাতি বিহু উপলক্ষে এখন কৃত্ৰিম ধাননি পথাৰৰ লগতে সম্পূৰ্ণ এক গাঁৱৰ পৰিবেশৰ সৃষ্টি কৰা হয় কাতি বিহু উপলক্ষে বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত বস্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে বৃহত্তৰ বিহু সমন্বয় সমিতিৰ সভাপতি ৰঞ্জন বৰাই৷ এইবেলি বিহুতলীৰ বাকৰিত কামৰূপ জিলাৰ হাজো ৰামদিয়াৰ আৰ্দশবান খেতিয়ক কনক ডেকাক প্ৰাক্তন সাংসদ ধীৰেশ্বৰ কলিতা সোঁৱৰণী বঁটাৰে সন্মানিত কৰা হয়৷ অনুষ্ঠানত গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধিয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকে আৰু মেয়ৰ মৃগেন শৰনীয়া, প্ৰদূষণ পৰিষদৰ ক্ৰমে অধ্যক্ষ অৰূপ মিশ্ৰ আৰু সদস্য সচিব শান্তনু দত্ত, বিশিষ্ট কণ্ঠ শিল্পী তৰালি শৰ্মাকে ধৰি বহুতো গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ কংক্ৰিটৰ মহানগৰীত জন্মগ্ৰহণ কৰা শিশু তথা নব প্ৰজন্মক অসমীয়াৰ অন্যতম বিহু কাতি বিহুৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবে গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে বৃহস্পতিবাৰে কাতি বিহুৰ আয়োজন কৰা হয়৷ ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণীঅঞ্চলৰ খেতি পথাৰসমূহত কৃষকসকলে বৰষুণৰ সুবিধালৈ কিছু আগতীয়াকৈ সাজু হৈ এইবোৰ আৰম্ভ কৰিছিল শালিধানৰ খেতি৷ 

বিশেষকৈ বৃহত্তৰ ৰাণী অঞ্চলৰ পাটগাঁৱৰ পৰা আৰম্ভ কৰি অসম - মেঘালয় সীমান্তৰ নালাপাৰালৈকে এই বৃহত্তৰ অঞ্চলটোৰ জৱে পাটগাঁও, সজ্জনপাৰা, ছাটাৰগাঁও, খপেগাঁও পুখুৰীপাৰ,  নালাপাৰা, বেলগুৰি,  চেঁচা, মৈৰাপুৰ, মাণিকপুৰ, পুৰাণ শুকুৰবেৰীয়া আদি অঞ্চলৰ কৃষক সকলে জুন মাহৰ শেষ সপ্তাহৰ পৰা শালিধানৰ কঠীয়া সিঁচা কাম আৰম্ভ কৰে৷ তেওঁলোকেও বৃহস্পতিবাৰে কাতি বিহু পালন কৰে৷ আনহাতে দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত টিংখাঙৰ নখাট লেঙেৰী পথাৰত আয়োজিত কাতি বিহু পালন অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে৷ সোণোৱালে উল্লেখ কৰে–বাপতিসাহোন কাতি বিহুৰ ঐতিহ্য-পৰম্পৰা, আকাশবন্তিৰ পোহৰে ন আশাৰ সঞ্চাৰ কৰি অসমৰ সমাজ জীৱন উজলাই তোলে, তুলসী তলৰ বন্তিয়ে কঢ়িয়াই আনে পৱিত্ৰতা৷ কাতি বিহুৰ যুগ যুগৰ এই পৰম্পৰাসমূহেৰে চৌদিশ উদ্ভাসিত হৈ উঠক আৰু খেতিপথাৰসমূহ কীট-পতংগৰ আক্ৰমণৰপৰা সুৰক্ষিত হৈ নদন-বদন হৈ পৰক, কৃষিজীৱী ৰাইজৰ মংগল হওক, তাৰেই কামনা কৰিলোঁ৷’ এই সময়ছোৱাত মন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, বিধায়কসকল- বিনোদ হাজৰিকা, তৰংগ গগৈ, তেৰছ গোৱালা প্ৰমুখ্যে স্থানীয় ৰাইজ আৰু গণ্য-মান্য ব্যক্তিসকল৷ সমগ্ৰ ৰাজ্যৰ কৃষি পথাৰ সমূহত বৃহস্পতিবাৰে সন্ধিয়া এক অপূৰ্ব পৰিবেশ বিৰাজ কৰে৷ আকাশ বন্তি জ্বলাই মা লক্ষ্মীক সেৱা জনাই শৰাই আগবঢ়ালে কৃষিজীৱী অসমীয়াই৷ শ্যামলী পথাৰখন নদন বদন হৈ পৰিব আৰু সোণগুটিবোৰে আশাৰ বতৰা লৈ আহিব তাকে কামনা কৰি আশাৰে বাট চাব কৃষিজীৱী অসমীয়াই৷ কঙালীয়ে আনিব ভোগৰ বতৰা তাৰে কামনা কৰিছে ৰাজ্যবাসীয়ে৷

তেজপুৰতো কাতিবিহু পালন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ : এক কিলোগ্ৰাম বেঙেনাৰ মূল্য ১২০টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে বিলাহী, জিকাকে ধৰি সকলো পাচলিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮০টকালৈ বৃদ্ধি পাইছে তেজপুৰত৷ একেদৰেই তিনিটা কাজি নেমু নাইবা তিনিমুঠি ধনীয়াৰ মূল্য বৃদ্ধি পাইছে ২০টকালৈ৷ তদুপৰি, প্ৰায় এটা মাহৰ ভিতৰতে সৰিয়হ তেলকে ধৰি বিস্কুটলৈকে সকলো খাদ্য-সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়েই নহয়, প্ৰায় ডেৰটা মাহৰ ভিতৰতে সৰিয়হ তেলকে ধৰি আন কিছু খাদ্য-সামগ্ৰীৰ মূল্য তিনিবাৰকৈ বৃদ্ধি পোৱাৰ সময়তে আজি ৰাজ্যজুৰি পালন কৰা হৈছে কঙালী বিহু৷ তেজপুৰৰ বামপৰ্বতীয়া, মাজগাঁও, ডেউৰীগাঁও, গটঙা, ডেকাৰগাঁও, মিলনপুৰ, ডিপোটা, বেছেৰীয়া, কলিবাৰীকে ধৰি বিভিন্ন কৃষিপ্ৰধান অঞ্চলত এতিয়া পথাৰ প্ৰায় নোহোৱাৰ দৰেই৷ এনেবোৰ অঞ্চলৰ ধাননি পথাৰ এতিয়া বিভিন্ন অট্টালিকা তথা ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠাৰ লগতে আন বহুঅংশই দালালৰ সহযোগত বিক্ৰী হৈছে৷ এনে অৱস্থাত তেজপুৰৰ বহু পথাৰতে কাতি বিহুৰ দিনটোত জ্বলা নাই আকাশবন্তি৷ অৱশ্যে ইয়াৰ মাজতে পৰম্পৰাগতভাৱে তেজপুৰৰ অসমীয়া গৃহস্থই ঘৰে ঘৰে তুলসীৰ তলত চাকি, বন্তি জ্বলাই পালন কৰিছে বাপতিসাহোন কাতি বিহু৷ ইপিনে, কৃষিজীৱী লোকৰ এই উৎসৱ কাতি বিহু উপলক্ষে আজি মাজগাঁও বৰনামঘৰত ৰাইজে পুৱা নাম-প্ৰসংগ কৰে৷ ভকত-বৈষ্ণৱ আৰু গোপিনীসকলে নাম-প্ৰসংগ কৰি বছৰটোত সকলোৰে মংগল কামনা কৰাৰ লগতে শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়৷ আনহাতে, তেজপুৰৰ দ-পৰ্বতীয়াৰ দেৱী সিং ঘাটৰ কাষৰ কৃষিপথাৰত স্থানীয় কৃষক ৰাইজে পৰম্পৰাগতভাৱে কাতি বিহু উপলক্ষে নিয়মসমূহ পালন কৰে৷ আজি পুৱাই স্থানীয় কৃষকসকলে নিজ নিজ পথাৰত চোৱা গছৰ পাত পথাৰত প্ৰোথিত কৰাৰ লগতে সন্ধিয়া চাকি-বন্তি জ্বলাই সেৱা কৰি সেউজীয়া পথাৰখন অনাগত দিনত শস্য-শ্যামলা হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনায়৷ একেদৰে মোৱাৰী, বাঁহবাৰী, বিন্দুকুৰি, পখীয়াঝাৰ আদিতো কৃষকসকলে পৰম্পৰাগতভাৱে কাতিবিহু পালন কৰে৷ ইপিনে ঠেলামৰা তথা দ-পৰ্বতীয়াত গোপিনীসকলে তুলসীৰ তলত তথা পথাৰত নাম গাই কাতিবিহু উপলক্ষে পথাৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে কৃষকসকলে আকাশবন্তি জ্বলাই কৃষিকৰ্মৰ শ্ৰীবৃদ্ধি কামনা কৰে৷ চহা ৰাইজে পৰম্পৰাগতভাৱে কাতিবিহু উদ্‌যাপনৰ বিপৰীতে আজি কাতিবিহুৰ দিনটোত অসম গণ পৰিষদৰ ছাত্ৰ সংগঠনে তেজপুৰত গ্ৰহণ কৰে এক বিশেষ পদক্ষেপ৷ অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদে আজি কাতিবিহুৰ পৰম্পৰা ৰক্ষা কৰি নগৰ অঞ্চলৰ ৰাইজৰ মাজৰপৰা হেৰাই যাৱলৈ ধৰা ‘তুলসী পুলি’ৰোৱা প্ৰথাটি বজাই ৰখাৰ এক প্ৰয়াসেৰে শোণিতপুৰ জিলা ছাত্ৰ পৰিষদৰ উদ্যোগত বিভিন্নজনৰ হাতত তুলি দিয়ে একোটাকৈ তুলসী গছৰ পুলি৷