Logo
image

ড্ৰাগ্‌ছ আসক্ত কংগনাৰ ক্ষেত্ৰত এন চি বি মৌন কিয়ঃ নাগমা

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংকনা ৰাণাৱতে ড্ৰাগছ সেৱন কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পিছত এন চি বিক উভতি ধৰিছে আন এগৰাকী অভিনেত্ৰী তথা কংগ্ৰেছ নেত্ৰী নাগমাই৷ নাগমাই নিজৰ টুইটাৰ হেণ্ডেলত প্ৰশ্ন উত্থাপন কৰিছে যে কংগনাই নিজে ড্ৰাগছ সেৱন কৰা বুলি প্ৰকাশ কৰাৰ পিছতো এন চি বি এই ক্ষেত্ৰত কিয় মৌন হৈ আছে৷ কংগনাৰ মতে বলীউডৰ ড্ৰাগছ কাণ্ডত অন্যান্য অভিনেতা-অভিনেত্ৰীসকলক হোৱাটছএপত মত বিনিময়ৰ তথ্যক ভিত্তি কৰি  যদি এন চি বিয়ে জেৰা কৰিব পাৰে তেন্তে কংগনাক নোৱাৰে কিয়? উল্লেখ্য যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত কংগনা ৰাণাৱতে ড্ৰাগছ সেৱন কৰাৰ কথা প্ৰকাশ কৰিছিল৷