নদীদ্বীপ মাজুলীক ভূ-ঐতিহ্যক্ষেত্ৰ ঘোষণা
মাজুলীৰ পৰা মিটু খাটনিয়াৰ (আমাৰ অসম) : মাজুলীক ভূ-ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ভাৰতীয় ভূতাত্ত্বিক জৰীপে৷ মাজুলী দেশৰ সৰ্ববৃহৎ নদী দ্বীপ আৰু বিশ্বৰ ভিতৰতে অন্যতম বসতিপ্ৰধান বৃহৎ দ্বীপ৷ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি আৰু লোহিত বা খেৰকটিয়া নদীৰ সীমাৰেখাৰে আবৃত এই দ্বীপটোত মিছিং, দেউৰী আৰু সোণোৱাল কছাৰী জনগোষ্ঠীৰ মিশ্ৰিত জনসংখ্যাৰ বসতি আৰু অসমীয়া নৱ-বৈষ্ণৱী সংস্কৃতিৰ কেন্দ্ৰবিন্দু৷ জি এছ আয়ে এই দ্বীপটোক দেশৰ নব্বৈটা গুৰুত্বপূৰ্ণ ভূ-ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত অন্যতম হিচাপে ঘোষণা কৰিছে৷ এই লৈ মাজুলী মহাবিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মাজুলীৰ কমলাবাৰী অঞ্চলত মাজুলীক ভূ-ঐতিহ্য ক্ষেত্ৰ হিচাপে গুৰুত্ব আৰোপ কৰি এখন ছাইন ব’ৰ্ড উদ্বোধন কৰে জি এছ আইৰ সঞ্চালক সুভাশিষ ৰয়চৌধুৰীয়ে৷ সভাত মাজুলী দ্বীপক জিঅ’ ঐতিহ্য ক্ষেত্ৰ হিচাপে মনোনয়ন সন্দৰ্ভত এক উপস্থাপন আগবঢ়ায় অসমৰ ছিনিয়ৰ ভূতত্ত্ববিদ মনছুম প্ৰকাশ কাশ্যপে৷ ইয়াৰ পাছতে দ্বীপটোৰ ভূতাত্ত্বিক পৰিৱেশ আৰু ইয়াৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এটা চুটি ভিডিঅ’ ক্লিপ প্ৰকাশ কৰা হয়৷ উল্লেখ্য, ব্ৰহ্মপুত্ৰ আৰু খেৰকটীয়া-লোহিত পৰিৱেষ্টিত মাজুলী বিগত কেইবা শতিকাজুৰি ভিন্নজনৰ দৃষ্টিত ভিন্ন গুৰুতৰে প্ৰতিভাত হৈ আহিছে৷ মাজুলী বিশ্বৰ বৃহত্তম নদী-দ্বীপ, মধ্যযুগৰ ভক্তি আন্দোলনৰ অসমৰ দিক্পাল মহাপুৰুষ শংকৰ-মাধৱৰ মিলনভূমি তথা ৰজাঘৰীয়া তিনিসত্ৰ সমন্বিতে বত্ৰিছখন সত্ৰৰ অৱস্থিত এখন পুণ্যক্ষেত্ৰ৷ কলা-সংস্কৃতিপ্ৰেমী আৰু গৱেষকসকলৰ বাবে মাজুলীসমৃদ্ধ সংস্কৃতিৰ সু-সংগবদ্ধ এখন বিদ্যালয়, য’ত বিভিন্ন জাতি-জনজাতিৰ বৰ্ণাঢ্য সংস্কৃতিয়ে স্বকীয়তা ৰক্ষা কৰিও দিয়া-লোৱা প্ৰক্ৰিয়াৰে সমন্বয়ৰ সেতু ৰচনা কৰিছে৷
মাজুলী প্ৰত্নতাত্ত্বিক কলাসম্পদৰো যাদুঘৰস্বৰূপ৷ ন-ন চিন্তাৰ উন্মেষ ঘটাৰ লগে লগে মাজুলী দ্বীপ সৃষ্টিৰ ৰহস্য, ইয়াৰ ভৌগোলিক অৱস্থিতি, প্ৰদূষণমুক্ত প্ৰাকৃতিক পৰিৱেশ, দেশী-বিদেশী প্ৰব্ৰজনকাৰী চৰাই, বিৰল জীৱ-বৈচিত্ৰ্য; সংঘাতপূৰ্ণ অথচ সহজ-সৰল-সংস্কৃত জনজীৱন আদি উপাদানসমূহেও গৱেষকসকলক প্ৰলুব্ধ কৰি আহিছে৷ মাজুলী, অসমলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ বাবেও আকৰ্ষণ-থলীৰূপে পৰিচিত হৈ পৰিছে৷ মাজুলীয়ে অসমৰ মানচিত্ৰত প্ৰাকৃতিকভাৱে এক বিশেষ স্থান দখল কৰি আহিছে৷ প্ৰকৃতাৰ্থত ‘মাজুলী’ নিজেই এটা ভৌগোলিক শব্দ যাৰ অৰ্থ চাৰিওফালে নদীৰ পানীৰে আগুৰি থকা সাৰুৱা ভূমি আৰু য’ত প্ৰাণভৰি ভূগোলৰ বৈশিষ্ট্যৰে পৰিপূৰ্ণ বিভিন্ন উপকৰণসমূহ উপভোগ কৰিব পাৰি৷ বৰলুইতৰ বুকুৰ শুৱনি মাজুলী বৰ্তমানৰ বন্যা-বিপন্ন, প্ৰতি মুহূৰ্ততে খহনীয়াৰ দ্বাৰা আক্ৰান্ত৷ অৱশ্যে অনেক প্ৰাকৃতিক দুৰ্যোগৰ মাজতো মাজুলীয়ে এতিয়াও কিছুমান স্বকীয়তা বজাই ৰাখিবলৈ সমৰ্থ হৈছে৷ মাজুলী এতিয়াও এক প্ৰদূষণমুক্ত অঞ্চল৷ এই মাজুলী কেৱল অসম তথা ভাৰতৰে এখন পৱিত্ৰ ভূমি আৰু বৈষ্ণৱ কলা-সংস্কৃতিৰ বৰঘৰ নহয়, ই পৃথিৱীৰ এটা বৃহত্তম জনবসতিপূৰ্ণ নদী-দ্বীপ হিচাপেও খ্যাতি বহন কৰি আহিছে৷ মাজুলীৰ ভৌগোলিক স্থিতিৰ ক্ষেত্ৰত ইয়াৰ জলনিৰ্গম প্ৰণালী বা অৱবাহতন্ত্ৰৰ ব্যৱস্থাটো প্ৰত্যক্ষভাৱে সাঙোৰ খাই আছে৷ এই জলনিৰ্গম প্ৰণালী মাজুলীৰ স্থিতিৰ এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি৷ ইয়াক বাদ দি নদী-দ্বীপটো কোনোদিনেই বৰ্তি থাকিব নোৱাৰে৷ এই জলনিৰ্গম প্ৰণালীৰ বিভিন্ন কাৰ্য, প্ৰকাৰ্য সংঘটিত হৈ ইয়াৰ স্থিতিৰ ৰূপ, প্ৰতিৰূপ সময়ে সময়ে স্থান বিশেষে সাময়িক আৰু স্থায়ীভাৱে পৰিৱৰ্তন হৈ আছে৷ সেয়ে ভূ-পৃষ্ঠৰ ভিন্ ভিন্ অঞ্চলৰ স্থিতিত ভূ-প্ৰকৃতি আৰু জলনিৰ্গম প্ৰণালীৰ নানা ক্ৰিয়াৰ ফলত যেনেদৰে বিভিন্ন ৰূপ প্ৰতিফলিত হৈছে, ঠিক তেনেদৰে মাজুলীৰ ক্ষেত্ৰতো হৈছে, অৰ্থাৎ স্থলাকৃতি, নদ-নদী, আদ্ৰৰ্ভূমি আদি মিলি যি সুস্থিৰ প্ৰাকৃতিক পৰিৱেশৰ সমন্বয় ঘটিছে, সেইটোৱে ইয়াৰ সাংস্কৃতিক পৰিৱেশৰ উপকৰণসমূহকো এক স্বকীয় ৰূপ প্ৰদান কৰাত সহায়ক হৈছে৷ ২০১৮চনৰপৰা জৰীপ কৰি জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই মাজুলীক ভূ-ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা কাৰ্যই পৰৱৰ্তী সময়ত দ্বীপটোৰ ভৌগোলিক সুৰক্ষাৰ ক্ষেত্ৰটো কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিছে মাজুলীবাসীয়ে৷