
সৰুপেটাত আৰ্যভট্ট একাডেমিক ছ'চাইটিৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
'আমাৰ অসম'ৰ ভৱানীপুৰৰ প্ৰতিবেদক,২৪ এপ্ৰিলঃ সৰুপেটাৰ আৰ্যভট্ট একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত "আৰ্যভট্ট একাডেমিক ছ'চাইটি,সৰুপেটা"ৰ উদ্যোগত বুধবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। উল্লেখ্য যে বিনামূলীয়া চকু চিকিৎসা শিবিৰটো সৰুপেটাৰ আৰ্যভট্ট একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ কিশোৰ কুমাৰ চৌধুৰীয়ে উদ্বোধন কৰে।
আনহাতে উদ্বোধনী অনুষ্ঠানত বিদ্যালয়খনৰ উপাধ্যক্ষ দিলীপ কুমাৰ মেধি, সহকাৰী প্ৰধান শিক্ষক কুশল বৰ্মনৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে।
উল্লেখযোগ্য যে- গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ নেত্ৰালয়ৰ সহযোগত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰত ২৫৮ গৰাকী শিক্ষাৰ্থী আৰু শিক্ষকৰ চকু পৰীক্ষা তথা চকুৰ চিকিৎসা সেৱা আগবঢ়ায় শ্ৰীমন্ত শঙ্কৰদেৱ নেত্ৰালয়ৰ চিকিৎসক ক্ৰমে- পংখী প্ৰিয়া কলিতা, শাওনলি ভট্টাচাৰ্য্য,পৰমিতা নাথ,কে চিংখেই, ইমলিমেৰেৰ পংচ,উৰজেন ৱাংচুৱে।লগতে পাঁচ গৰাকী শ্ৰীমন্ত শঙ্কৰদেৱ নেত্ৰালয়ৰ চিকিৎসা কৰ্মীয়ে চিকিৎসা সেৱাত চিকিৎসকৰ স'তে সহযোগিতা কৰে।তদুপৰি উদ্যোক্তা সকলৰ তৰফৰ পৰা চকুৰ ৰোগাক্ৰান্ত ৰোগীক চশমা প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত জটিলভাৱে আক্ৰান্ত চকুৰ ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী শ্ৰীমন্ত শঙ্কৰদেৱ নেত্ৰালয়লৈ নিয়া হ'ব বুলি জানিবলৈ দিয়ে।