
বিটিচিৰ ১০খন জিলা ক্ৰীড়া সন্থাৰ সন্মিলন সম্পন্ন
‘আমাৰ অসম’ৰ ভৱানীপুৰৰ প্ৰতিবেদক, ৩০ মাৰ্চঃ শালবাৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেওবাৰে দিনজোৰাকৈ বিটিআৰৰ অন্তৰ্গত আটাইকেইখন জিলা পৰ্যায়ৰ ক্ৰীড়া সন্থাৰ সন্মিলন অনুষ্ঠিত হয়৷ শালবাৰী জিলা ক্ৰীড়া সন্থাৰ সভাপতি কান্তেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক দাওহাৰু বসুমতাৰী, কোষাধ্যক্ষ আন্দোলন খেৰকটাৰীৰ পৰিচালনাত অনুষ্ঠিত সন্মিলনৰ সভাত বিটিচিৰ দহখন জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিৰ লগতে বড়োলেণ্ড ক্ৰীড়া সন্থাৰ বিষয়ববীয়াও উপস্থিত থাকে৷
সন্মিলনৰ সভাত বিটিচিৰ দহখন জিলা ক্ৰীড়া সন্থা আৰু বড়োলেণ্ড ক্ৰীড়া সন্থাই বিটিআৰৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ উত্তৰণৰ লক্ষ্যৰে আৰ্থিক অনুদানৰ বাবে প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷