
কোন দুগৰাকী গায়িকাৰ ধন হৰলুকি কৰিছিল চুমি-বিশালে ?
'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদকঃ অনলাইন ট্রেডিং কেলেংকাৰিৰ মূল অভিযুক্ত চুমি বৰা-বিশাল ফুকনৰ ট্ৰেডিং প্ৰবঞ্চনাৰ জালত ভৰি দিছিল ৰাজ্যৰ দুই জনপ্ৰিয় গায়িকাই।
দুগৰাকী জনপ্ৰিয় গায়িকাই চুমি-বিশালৰ প্ৰতিষ্ঠানত লাখ লাখ টকা ধন বিনিয়োগ কৰি বিপদত পৰিছে। উল্লেখযোগ্য যে নিলাক্ষী নেওগে পাৰ্চেলিয়া কনছালটেন্সীত ৫ লাখ টকা বিনিয়োগ কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইৰ সন্মুখত গায়িকা নিলাক্ষী নেওগে দিয়া বহু ভাষ্য পোহৰলৈ আহিছে। আনহাতে গায়িকা নিলাক্ষী নেওগে ২০২৪ চনৰ ৪ আগষ্টত পাৰ্চেলিয়া কনছালটেন্সীৰ একাউণ্টতলৈ বেংক ট্ৰেন্সফাৰ জৰিয়তে ৫ লাখ টকা আদায় দিছিল। তদুপৰি পাৰ্চেলিয়া কনছালটেন্সীৰ নামত চুমিয়ে বহুতৰে পৰা ধন সংগ্ৰহ কৰিছিল।
লগতে চুমিয়ে জনপ্ৰিয় গায়িকা নিলাক্ষী নেওগকো মোটা অংকৰ ৰিটাৰ্ণৰ প্ৰলোভন দিছিল। মোটা অংকৰ ৰিটাৰ্ণ পোৱাৰ আশাত বন্দী হৈয়ে নিলাক্ষী নেওগে বিনিয়োগ কৰিছিল বৃহৎ পৰিমাণৰ ধন।
আনহাতে গায়িকা নিলাক্ষী নেওগে চি বি আইৰ সন্মুখত দিয়া ভাষ্য অনুসৰি- "২০২১ চনৰ আশে-পাশে চুমি বৰাক লগ পাইছিলো, যেতিয়া তেওঁ মোৰ গীত "লছপ'চি"ৰ কোৰিঅ'গ্ৰাফী কৰিছিল। তেতিয়াৰ পৰা আমাৰ মাজত বহুত ভাল সম্পৰ্ক আছিল। তাই সদায় বিশালৰ কথা কৈ আহিছে। তাই মোক বিশালৰ লগত চিনাকি কৰাই দিছিল। পাৰ্চেলিয়া ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেডৰ লঞ্চ ইভেণ্টত। এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাইছিল চুমি বৰা আৰু ৰাজীৱ বৰাই।ট্ৰেডিঙৰ সন্দৰ্ভত মোৰ বিশেষ ধাৰণা নাছিল। ট্ৰেডিঙৰ সন্দৰ্ভত মই কেতিয়াও আন কাৰোবাৰ লগত সঁচাকৈয়ে আলোচনা কৰা নাছিলো। চুমিয়েই মোক কৈছিল যে বিশাল ব্যৱসায়ৰ লগত জড়িত আৰু তেওঁ ভাল ৰিটাৰ্ণ দিয়ে, আৰু চুমিয়ে নিজেই তেওঁৰ লগত বিনিয়োগ কৰি ভাল ৰিটাৰ্ণ পাইছে। বিশালৰ লগত বিনিয়োগ কৰি ভাল ৰিটাৰ্ণ পাব পাৰিম বুলি তাই পৰামৰ্শ দিলে যিটো প্ৰৰোচনা বুলি প্ৰমাণিত হ’ল। সেয়ে ২০২৪ চনৰ ৪ আগষ্টত বিশালৰ লগত ৫,০০,০০০ টকাৰ বেংক ট্ৰেন্সফাৰৰ জৰিয়তে পাৰ্চেলিয়া কনছালটেন্সীৰ একাউণ্টত বিনিয়োগ কৰিলোঁ। মোক কোৱা হ’ল যে মোৰ ঠিকনালৈ বিনিয়োগকাৰীৰ চুক্তি পঠিওৱা হ’ব যিটো কেতিয়াও নাহিল৷ এতিয়া বিশাল ফুকন, চুমি বৰা আদিয়ে কৰা প্ৰৱঞ্চনাৰ বাবেই মোৰ কষ্টোপাৰ্জিত ধন হেৰুৱাই পেলাইছো। চুমি বৰাৰ বাবেই মই বিনিয়োগ কৰিছিলোঁ।"
বিনিয়োগ কৰা ৫ লাখ টকাৰ এটকাও ৰিটাৰ্ণ নাপালে জনপ্ৰিয় গায়িকা নিলাক্ষী নেওগে। চুমি-বিশালৰ ট্ৰেডিং প্ৰবঞ্চনাত ভৰি দিছিল আন এগৰাকী গায়িকাই। গায়িকা নিতা চেতিয়াই ৩ লাখ টকা ব্যয় কৰিছিল। উল্লেখযোগ্য যে অনলাইন ট্রেডিং কেলেংকাৰিৰ মূল অভিযুক্ত মহাপ্ৰৱঞ্চক বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন আৱেদন বৃহস্পতিবাৰে মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজ্য কপোৱা বিয়াগোম অনলাইন ট্ৰেডিং কেলেংকাৰিত গ্ৰেপ্তাৰ হৈ এবছৰ ধৰি জেলত থকা বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল। উল্লেখ্য যে ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ ৮৫/২৫ নম্বৰৰ গোচৰত জামিন পালে বিশাল ফুকন আৰু তাৰ্কিক বৰাই। এই একে গোচৰত গ্ৰেপ্তাৰ হৈ এবছৰ ধৰি জেলত থকা চুমি বৰাই এতিয়াও জামিন লাভ কৰা নাই। শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা তাৰ্কিক বৰা ওৰফে তপন বৰা আৰু বিশাল ফুকন। সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে কাৰাৰুদ্ধ হৈ আছে দুয়োগৰাকী। আনহাতে চুমী বৰাই এতিয়াও জামিনৰ বাবে আবেদন কৰা নাই আদালতত।
উল্লেখযোগ্য যে যোৱা বছৰ ৰাজ্য কপোৱা বিয়োগোম ট্ৰেডিং কেলেংকাৰীত যোৱা ২ ছেপ্তেম্বৰত বিশাল ফুকনক ডিব্ৰুগড়ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই চুমী বৰাৰ নাম বিশালৰ ব্যৱসায়ত সাঙোৰ খায় পৰিছিল আৰু তাৰ পাছতে চুমী বৰা আৰু গিৰিয়েক তার্কিক বৰাই আত্মগোপন কৰিছিল।