পিয়ন, চকীদাৰৰ পদৰ বাবে পৰীক্ষাত বহিল স্নাতকোত্তৰ-অভিযন্তা ডিগ্ৰীধাৰী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ অক্টোবৰ : পিয়ন, চকীদাৰৰ পদৰ বাবে অৱতীৰ্ণ হয়৷ লক্ষণীয় বিষয়টো হৈছে পিয়ন-চকীদাৰৰ চতুৰ্থ বৰ্গৰ পদৰ বাবে সৰ্বোচ্ছ শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ বুলি বিজ্ঞাপনত স্পষ্ট কৰি দিছিল৷ কিন্তু দেওবাৰৰ এই পৰীক্ষাত সাধাৰণ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ কথা বাদেই, বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি অভিযান্ত্ৰিক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ো অৱতীৰ্ণ হোৱা পৰিলক্ষিত হয়৷ চতুৰ্থ বৰ্গৰ পিয়ন, চকীদাৰ, খালাচী আদি পদৰ বাবে বিজ্ঞান স্নাতকোত্তৰ তথা অভিযান্ত্ৰিক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ বিষয়টোৱে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহ দিশটোক উদঙাই দিলে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ৫ খন শীৰ্ষ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে কাম কৰা বুলি দাবী কৰি অহাৰ সময়তে সাধাৰণ এটা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ৰাজ্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱাই অৱতীৰ্ণ হোৱা চৰম উদ্বেগজনক বিষয়টোও পোহৰলৈ আহিছে৷ অৱশ্যে, চতুৰ্থ বৰ্গৰ পদত স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱাই বিধি ভংগ কৰি আবেদন তথা অৱতীৰ্ণ হৈ জালিয়াতি সংঘটিত কৰাও অভিযোগ উঠিছে৷ কিয়নো চতুৰ্থ বৰ্গৰ পদৰ বাবে সৰ্বোচ্ছ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ আছিল যদিও স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱাই কেনেকৈ আবেদন কৰিব পাৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ স্বাভাৱিকতেই অষ্টম শ্ৰেণী উত্তীৰ্ণ শিক্ষাগত অৰ্হতাৰ পিয়ন-চকীদাৰৰ পদৰ পৰীক্ষাত উচ্ছ শিক্ষিত প্ৰাৰ্থীয়ে আইন বহিৰ্ভূতভাৱে বাছনি লাভ কৰাৰো আশংকা ব্যক্ত কৰিছে একাংশ পৰীক্ষাৰ্থীয়ে৷ যদিহে পিয়ন-চকীদাৰৰ চতুৰ্থ বৰ্গৰ পদত উচ্ছ শিক্ষিত প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰে, তেনেহ’লে অষ্টম শ্ৰেণী বা দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীসকলে কেনেকৈ চাকৰি লাভ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে৷ অভিযোগ অনুসৰি ইয়াৰ পূৰ্বৰ এ ডি আৰ পৰীক্ষাতো চতুৰ্থ বৰ্গৰ পদত স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছিল৷
তদুপৰি দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ গাড়ী চালকৰ পদতো নিযুক্তি পোৱা ৭০ শতাংশ প্ৰাৰ্থী স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰী বুলি খোদ চৰকাৰী গাড়ী চালক সংস্থাই বিবৃতি যোগে অভিযোগ কৰিছে৷৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি জালুকবাৰীৰো ৫৬/৫৭ বছৰীয়া বৃদ্ধ প্ৰাৰ্থীয়ো স্বাস্থ্য বিভাগত নিযুক্তি লাভ কৰিছিল৷ চতুৰ্থ বৰ্গৰ পদত উচ্ছ শিক্ষিত প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰা অনিয়মৰ দৰে জালুকবাৰী সমষ্টিৰ বৃদ্ধ প্ৰাৰ্থীয়ে স্বাস্থ্য বিভাগৰ পদত নিযুক্তি লাভ কৰা ভয়ংকৰ কেলেংকাৰিৰো কোনো তদন্ত নকৰাকৈ গাপ দি ৰাখিলে দিছপুৰে৷ ইফালে চলিত এ ডি আৰ পৰীক্ষাত চতুৰ্থ বৰ্গৰ পদত উচ্ছ শিক্ষিত প্ৰাৰ্থীয়ে কেনেকৈ আবেদন কৰিবলৈ সক্ষম হ’ল এই লৈ নিয়োগ বিনিময় কেন্দ্ৰৰ সূত্ৰই বাখ্যা দাঙি ধৰিছে৷ ছেবাৰ ৱেবচাইটত এ ডি আৰ ইৰ আবেদনৰ সময়ত আবেদনকাৰী প্ৰাৰ্থীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন নম্বৰটো পৰীক্ষণ কৰা হৈছিল যদিও শিক্ষাগত অৰ্হতাৰ বিষয়টো পৰীক্ষণৰ কোনো ব্যৱস্থা নাছিল৷ কতৃৰ্পক্ষৰ এই দুৰ্বলতাৰ সুযোগ লৈ চাকৰি বিচাৰি হাহাকাৰ কৰা একাংশ স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে শৈক্ষিত অৰ্হতা গোপনে ৰাখি চতুৰ্থ বৰ্গৰ পদত আবেদন কৰিবলৈ সক্ষম হোৱা বুলিও নিয়োগ বিনিময় কেন্দ্ৰৰ সূত্ৰটোৱে জানিবলৈ দিছে৷ অৱশ্যে সাক্ষাৎকাৰৰ সময়ত নিয়োগ বিনিময় কেন্দ্ৰৰ প্ৰমাণ পত্ৰখন সঠিকভাৱে পৰীক্ষণ কৰি নিযুক্তি আয়োগে প্ৰকৃত যোগ্যজনক বাছনি কৰাৰ সুযোগ থকা বুলিও সদৰী কৰিছে নিয়োগ বিনিময় কেন্দ্ৰৰ কতৃৰ্পক্ষই৷ অৱশ্যে, চতুৰ্থ বৰ্গৰ পদৰ বাবে স্নাতকোত্তৰ-অভিযান্ত্ৰিক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে আবেদন কৰিলেও এয়া যে নিবনুৱা সমস্যাৰ উদ্বেগজনক প্ৰতিফলন, সেয়া নকলেও অনুমেয়৷ চতুৰ্থ বৰ্গৰ এ ডি আৰ পৰীক্ষাত প্ৰায় ১৪ লাখ নিবনুৱাই আবেদন কৰিলেও বৰ্তমান ৰাজ্যৰ পঞ্জীয়নভুক্ত নিবনুৱা সংখ্যাই ৩৪ লাখৰ ঘৰ অতিক্ৰম কৰিছে৷ এক কথাত ৰাজ্য চৰকাৰে পঞ্জীয়নভুক্ত ৩৪ লাখ নিবনুৱাৰ বিপৰীতে এ ডি আৰ পৰীক্ষাত মাত্ৰ ১২ হাজাৰকহে নিযুক্তি দিবলৈ সক্ষম হ’ব৷ যিটো এপাচি শাকত এটা জলকীয়া বুলিহে চৰ্চা লাভ কৰিছে৷
গুৱাহাটীৰ পৰীক্ষাকেন্দ্ৰত মোবাইলসহ গ্ৰেপ্তাৰ পৰীক্ষাৰ্থী
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : ইণ্টাৰনেট সেৱা বন্ধ কৰি কটকটীয়া নিৰাপত্তাৰ মাজতে দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা চলি থকাৰ সময়তে মহানগৰ আৰক্ষীৰ জালত পৰিল এজন পৰীক্ষাৰ্থী৷ অসৎ উপায় অৱলম্বন কৰিবলৈ পৰীক্ষা হলত মোবাইল ফোন লৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল তেজপুৰৰ এজন যুৱক৷ গুৱাহাটীৰ নাৰেংগীৰ এছ আৰ কলেজৰ পৰীক্ষা হলৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে তেজপুৰৰ ছাবিবৰ হুছেইন (২২)৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ নাৰেংগীৰ যুৱ নগৰৰ এছ আৰ কলেজত আজি এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰে৷ তেজপুৰৰ যুৱক ছাবিবৰ হুছেইনে এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা দিবলৈ নাৰেংগীৰ এছ আৰ কলেজত নিৰ্দিষ্ট সময়ত উপস্থিত হয়৷ আন আন ছাত্ৰ-ছাত্ৰীৰ লগতে তেজপুৰৰ ছাবিবৰ হুছেইনে পৰীক্ষা হলত প্ৰশ্নৰ উত্তৰ লিখি আছিল৷ এনেতে ছাবিবৰ হুছেইনৰ পকেটত ৰিং ৰিং কৰি মোবাইল ফোনটো বাজি উঠিল৷ লগে লগে পৰীক্ষা নিয়ন্ত্ৰণকৰ চকু পৰিল ছাবিবৰ হুছেইনৰ ওপৰত৷ পৰীক্ষক নিয়ন্ত্ৰকে ছাবিবৰ হুছেইনৰ ওচৰলৈ আহি তেওঁৰ লংপেণ্টৰ পকেটত তালাচী চলাই এটা মোবাইল ফোন জব্দ কৰে৷ ততাতৈয়াকৈ পৰীক্ষক নিয়ন্ত্ৰকজনে ছাবিবৰ হুছেইনক আটক কৰি পৰীক্ষাৰ নিয়ম অনুসৰি নুনমাটি আৰক্ষীক গতাই দিয়ে৷ ঘটনা সন্দৰ্ভত নুনমাটি থানাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি পৰীক্ষাৰ্থীজনক জেৰা অব্যাহত ৰাখিছে৷ এতিয়া প্ৰশ্ন হৈছে আৰক্ষীৰ কটকটীয়া তালাচীৰ মাজতে পৰীক্ষাৰ্থীজনে মোবাইল ফোনলৈ পৰীক্ষা হলত প্ৰেৱশ কৰিলে কেনেকৈ? উল্লেখ্য যে, কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে অসম প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পদৰ মেট্ৰিক পৰ্যায়ৰ পৰীক্ষা (ADRE)৷ পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে পৰীক্ষা আৰু সমাপ্ত হয় দুপৰীয়া ১২.৩০ বজাত৷ ৰাজ্যজুৰি ১, ৪৮৪ টা কেন্দ্ৰত মেট্ৰিক পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৮,২৭,১৩০ গৰাকী প্ৰাৰ্থী৷ ইফালে পৰীক্ষাৰ বাবে পুৱা ৮.৩০ বজাৰ পৰাই ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷ বিয়লি ৪.০০ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ আছিল৷ অৰ্থাৎ ৭ ঘণ্টা ৩০ মিনিট বন্ধ থাকিল ইণ্টাৰনেট সেৱা৷ এইবাৰ ১৩ লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এই পৰীক্ষাত৷ পিছবেলা দুপৰীয়া ১.৩০ বজাৰ পৰা বিয়লি ৪.০০ বজালৈ ৰাজ্যৰ ৮০৮টা কেন্দ্ৰত অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়৷ এই পৰীক্ষাত অৱতীৰ্ণ হঅয় ৫,৫২,০০২ গৰাকী পৰীক্ষাৰ্থী৷ আজিৰ দিনটোৰ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ১৩,৭৯,১৩২ গৰাকী৷ ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে জাৰি কৰা এছ অঅ পি অনুসৰি মেট্ৰিক পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা আৰম্ভ হৈছে আৰু বিয়লি সমাপ্ত হৈছে৷ আয়োগৰ হৈ ছেবাই এই পৰীক্ষা অনুষ্ঠিত কৰিছে৷ প্ৰতিগৰাকী প্ৰাৰ্থীক জাৰি কৰা নিৰ্দেশনা অনুসৰি তালাচী চলাই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে৷ ইফালে পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত যিমান সংখ্যক প্ৰাৰ্থীয়ে পৰীক্ষা দিছে তাৰ প্ৰায় সিমান সংখ্যক প্ৰাৰ্থীৰ লগত অহা অভিভাৱকে বাহিৰত ভিৰ কৰিছে৷ যাৰ ফলত আজি যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছে৷ গুৱাহাটী মহানগৰীত পুৱাৰ পৰাই অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে৷ পৰীক্ষা কেন্দ্ৰসমূহৰ বাহিৰত প্ৰাৰ্থীসকলৰ অভিভাৱকে অৱস্থান কৰা পৰিলক্ষিত হৈছে৷ লক্ষণীয় বিষয় যে এইবাৰ নিযুক্তি পৰীক্ষাত নকল কৰা, প্ৰশ্নকাকত ফাদিলকে ধৰি অন্যান্য অসৎ উপায় অৱলম্বন কৰাটো প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা) আইন, ২০২৪ ৰূপায়ণ কৰিছে৷ এই আইনৰ অধীনত নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে সংশ্লিষ্ট প্ৰাৰ্থীয়ে নূ্যনতম ৩ বছৰৰ পৰা সৰ্বোচ্ছ ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব৷ একেদৰে আইনৰ অধীনত নূ্যনতম ৰ লাখ টকাৰ পৰা সৰ্বোচ্ছ ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ বিধান আছে৷ আনহাতে সমাজ বিৰোধী চক্ৰৰ ওপৰতো আৰক্ষীয়ে এইবাৰ চোকা দৃষ্টি ৰাখিছে৷