Logo
image

দুহাজাৰ ৰাস কমিটীলৈ ২৫ হাজাৰকৈ টকা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ পাছতেই এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলালৈ আহিল চৰকাৰী সাহায্যৰ টোপোলা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে আজি ৰাজ্যৰ ৰাস মহোৎসৱলৈ এককালীন বিত্তীয় সাহায্যৰ অনুমোদন দিয়ে৷ কেবিনেট বৈঠকৰ অন্তত এক সংবাদ মেলত  মুখ্যমন্ত্ৰী ড॰  শৰ্মাই এই সন্দৰ্ভত  এনেদৰে কয়–‘অসমৰ অনন্য জীৱন্ত ৰাসৰ ঐতিহ্যৰ প্ৰচাৰ আৰু আয়োজনৰ বাবে কেবিনেটে ৰাস সমিতিসমূহলৈ ২৫ হাজাৰ টকা এককালীন বিত্তীয় সাহায্যৰ অনুমোদন জনাইছে৷ এই সিদ্ধান্তই প্ৰায় ২০০০ জীৱন্ত ৰাস উৎসৱক লাভাম্বিত কৰিব৷ কেৱল জীৱন্ত ৰাস অনুষ্ঠিত কৰা ৰাস সমিতিয়েহে এই অনুদান লাভ কৰিব৷


মূৰ্তি ৰাসসমূহে এই অনুদান লাভ নকৰে৷ বিগত বৰ্ষটো প্ৰায়  ১৯০০  ৰাস কমিটীয়ে চৰকাৰী অনুদান লাভ কৰিছিল৷ তদুপৰি ৰাস মহোৎসৱ আয়োজনৰ বাবে প্ৰশাসনিক অনুমতিৰ বাবে কোনো মাচুল পৰিশোধ কৰিব নালাগে৷’ উল্লেখ্য যে আজিৰ কেবিনেটৰ বৈঠকে ৰাস সমিতিলৈ অনুদান ঘোষণাৰ লগতে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ-সাহায্য বৃদ্ধি সকলো চাহ বাগিচা কৰ্মচাৰীক ভৱিষ্য নিধিৰ অন্তৰ্ভুক্তকৰণ, বিনামূলীয়া ঔষধ-চিকিৎসা সামগ্ৰীৰ বাবে পুঁজি অনুমোদন, জৈৱ-শক্তিত গুৰুত্ব প্ৰদানেৰে বুজাবুজি চুক্তিত অনুমোদন আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ উল্লেখ্য, দুৰ্গাপূজা কমিটীসমূহলৈও ৰাজ্য চৰকাৰে ১০ হাজাৰকৈ টকাৰ এককালীন সাহায্য আগবঢ়াইছিল৷