ডিবি ষ্টকৰ কৰ্মীক পৃথকে পৃথকে জেৰা
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২ নৱেম্বৰ : অন লাইন ট্ৰেডিঙৰ জৰিয়তে ৭০০০ কোটি টকা আত্মসাৎ কৰা ডি বি ষ্টকৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰি নতুন নতুন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে৷ অসম আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু চি বি আয়ে ডি বি ষ্টকৰ কৰ্মচাৰীক আজি মহানগৰীৰ পাণবজাৰ থানাত পৃথকে পৃথকে জেৰা কৰি বহু বিস্ফোৰক তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে৷ মূল অভিযুক্ত দীপাংকৰ বৰ্মনক সন্মুখত বহুৱাই আৰক্ষীয়ে ডি বি ষ্টকৰ এজন এজনকৈ কৰ্মচাৰীক জেৰা কৰে৷ উল্লেখ্য যে, গুৱাহাটী লাচিত নগৰৰ বৰা ছাৰ্ভিচৰ ডি বি ষ্টকৰ কাৰ্যালয়ত ১৪ জন কৰ্মচাৰীয়ে কাম কৰিছিল৷ ডি বি ষ্টকৰ ১৪ জন কৰ্মচাৰীক আজি পাণবজাৰ থানাত হাজিৰ হ’বলৈ মহানগৰ আৰক্ষীয়ে নিৰ্দেশ জাৰি কৰিছিল৷ আৰক্ষীৰ নিৰ্দেশৰ ভিত্তিত আজি ডি বি ষ্টকৰ ৬ জন কৰ্মচাৰী পাণবজাৰ থানাত উপস্থিত হয়৷ থানাত হাজিৰ হোৱা কৰ্মচাৰীসকল হৈছে ক্ৰমে ৰিচিপ্টচনিষ্ট নিতুমণি চৌধুৰী, গাণনিক বিষয়া জিণ্টুমণি কলিতা, কাৰ্যালয়ৰ সহায়িকা পূজা পেটেল, গাণানিক সুজিত দাস, নলবাৰী শাখাৰ কাৰ্যালয়ৰ মেনেজাৰ বিশ্বজিৎ বৰ্মন, এগ্ৰিমেণ্ট বিভাগৰ কৰ্মচাৰী মহেশ ৰাজ্জাক৷ পাণবজাৰ সংমণ্ডলৰ এচিপি অমিত মহাতো আৰু যুটীয়া আৰক্ষী আয়ুক্তজনে দীপাংকৰৰ বৰ্মনৰ সন্মুখত ছয়জন কৰ্মচাৰীক বহুৱাই পৃথকে পৃথকে জেৰা চলাই আছে৷ আৰক্ষীৰ সমান্তৰালকৈ চি বি আয়ে ৬জন কৰ্মচাৰীক জেৰা কৰি আছে৷ আৰক্ষীৰ জেৰাত ডি বি ষ্টকৰ কৰ্মচাৰীও ডি বি ষ্টকত ধন বিনিয়োগ কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ কিন্তু কৰ্মচাৰীসকলেও এতিয়ালৈকে ধন ঘূৰাই পোৱা নাই বুলি আৰক্ষীক জানিবলৈ দিয়ে৷ ইপিনে, চি বি আয়ে ডি বি ষ্টকৰ বেংক একাউণ্টকে ধৰি বহু নথি পত্ৰৰ লগতে মোবাইল ফোন জব্দ কৰিছে৷ আৰক্ষীৰ তদন্তত ধৃত দীপাংকৰ বৰ্মনে বিলাসী পাৰ্টীৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে, ডি বি ষ্টকত চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই খেলি মেলি চলি আছিল বুলি কৰ্মচাৰীসকলে আৰক্ষীক জানিবলৈ দিয়ে৷
আগষ্ট মাহত দীপাংকৰে পলায়ন কৰাত বহিঃৰাজ্যৰ বহু বিনিয়োগকাৰীয়ে ডি বি ষ্টকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ উল্লেখ্য যে, দেওবাৰে মহানগৰ আৰক্ষীয়ে গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰি দীপাংকৰ বৰ্মনক গুৱাহাটীলৈ আনিছিল৷ উল্লেখ্য যে, যোৱা ২৮ অক্টোবৰত এক সংবাদ মেল আয়োজন কৰি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই দীপাংকৰ বৰ্মনৰ ওপৰত সংবাদ মাধ্যমৰ আগত তথ্য দাঙি ধৰিছিল৷ সেই তথ্য অনুসৰি বিশেষ কাৰিকৰী দিশ বিশ্লেষণ কৰি প্ৰবঞ্চক দীপাংকৰ বৰ্মনক গোৱাত গ্ৰেপ্তাৰ কৰা হৈছিল৷ আনকি দীপাংকৰ বৰ্মনৰ খৰচৰ বাবে এগৰাকী বান্ধৱীয়ে গুৱাহাটীৰ পৰা ২৭ লাখ টকা হাৱালাৰ জৰিয়তে দীপাংকৰ লৈ প্ৰেৰণ কৰিছিল৷ এইদৰে কৈছিল গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে প্ৰবাঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টন বজাৰ থানাত আৰু এটা নতুন গোচৰ ৰুজু কৰা হৈছে৷ ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক ট্ৰেনজিট ৰিমাণ্ডত লৈ গুৱাহাটীলৈ অনা হয়৷ এই মন্তব্য কৰি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে ডি বি ষ্টক নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে দীপাংকৰ বৰ্মনে বহু লোকৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰি ১৮ আগষ্টত গুৱাহাটী এৰি পলায়ন কৰিছিল৷ দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে ২২ আগষ্টত পল্টনবজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছিল৷ যিটো গোচৰ বৰ্তমান চি বি আইলৈ হস্তান্তৰ কৰা হৈছে৷ সেই গোচৰটোত দীপাংকৰৰ পিতৃ-মাতৃ, প্ৰেয়সী আৰু প্ৰেয়সীৰ ভগ্নী আৰু এজন চি এ’ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷ দীপাংকৰ বৰ্মনৰ পলায়ন সন্দৰ্ভত আৰক্ষী আয়ুক্ত জনে কয়, ‘‘২২ আগষ্টত পল্টন বজাৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পূৰ্বে ১৮ আগষ্টত পলায়ন কৰিছিল দীপাংকৰে৷ ২১ আগষ্টৰ পৰা সামাজিক মাধ্যম ব্যৱহাৰৰ পৰা বিৰত আছিল দীপাংকৰ৷ যাৰ বাবে দীপাংকৰ বৰ্মনক ধৰিব পৰা হোৱা নাছিল৷ পূৰ্বেও গোৱাত মহানগৰ আৰক্ষীয়ে দুসপ্তাহ বাহৰ পাতি দীপাংকৰ বৰ্মনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল৷ দীপাংকৰ বৰ্মনৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত গুৱাহাটী মহানগৰ আয়ুক্তগৰাকীয়ে কয়, ‘‘বিশেষ খবৰৰ ভিত্তিত শনিবাৰে গোৱাৰ এটা হোমষ্টেত দীপাংকৰ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷ দেওবাৰে পুৱা পাণবজাৰৰ এ চি পি অমিত মাহাতোৰ নেতৃত্বত আৰক্ষীৰ দল এটা গৈ গোৱা ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত দীপাংকৰক দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে৷ গোৱা চহৰৰ পৰা প্ৰায় ৭০-৮০ কিলোমিটাৰ দূৰৈৰ নৰ্থ গোৱাৰ পাৰনেম আৰক্ষী থানাৰ অন্তৰ্গত এটা হোমষ্টেত অকলশৰে আছিল দীপাংকৰ৷ এই অভিযানত ২৭ লাখ নগদ ধন, সোণৰ অলংকাৰ আৰু পাছপোৰ্ট জব্দ কৰা হৈছে৷”‘ তেওঁ লগতে কয়– আজি পাৰনেম আদালতত হাজিৰ কৰোৱা হৈছে দীপাংকৰ বৰ্মনক৷ তাৰ পৰা ট্ৰেনজিট ৰিমাণ্ড লৈ গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হয়৷ তাৰ পাছত আৰক্ষীয়ে নিজৰ জিম্মাত লৈ অনুসন্ধান চলায়৷ পল্টনবজাৰ থানাত দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পুনৰ ৩৭৪/২৪ নম্বৰত নতুনকৈ গোচৰ এটা ৰুজু কৰা হৈছে৷ এইদৰে কৈছিল আৰক্ষী আয়ুক্তজনে৷