Logo
image

২৩৫ত সমাপ্ত নিউজীলেণ্ডৰ ইনিংছ ,পুনৰ ব্যৰ্থ ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটাৰ

মুম্বাই, ২ নৱেম্বৰ : তিনিখন টেষ্টৰ শৃংখলাটো ইতিমধ্যেই দখল কৰিছে নিউজীলেণ্ডে৷ সেইফালৰ পৰা চালে শুকুৰবাৰৰ পৰা  ৱাংখেড়ে ষ্টেডিয়ামত আৰম্ভ হোৱা তৃতীয় তথা অন্তিম টেষ্টখনৰ বিশেষ গুৰুত্ব নাই৷  কিন্তু আই চি চিৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বৰ্তমানৰ স্থিতিলৈ চাই খেলখন ভাৰতীয় দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ৷ এই গুৰুত্বপূৰ্ণ খেলখনতে বেটাৰৰ ভুলৰ বাবে প্ৰথম দিনৰ সমাপ্তিত ৮৬ ৰানত চাৰিটা উইকেট হেৰুৱাবলগীয়া হৈছে দলটোৱে৷ ভাৰতীয় দলে বিচৰা ধৰণেই ৱাংখেড়ে ষ্টেডিয়ামত স্পিনাৰৰ সহায়ক পিটচ প্ৰস্তুত কৰা হৈছিল৷ ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰৰ শৃংখলিত বলিঙৰ বাবে ২৩৫ ৰানতে প্ৰথম ইনিংছ সামৰিছিল নিউজীলেণ্ডে৷ ভাৰতে ইনিংছৰ সপ্তম অভাৰত ২৫ ৰানত অধিনায়ক ৰোহিত শৰ্মাৰ (১৮) উইকেট হেৰুৱাইছিল৷ তাৰ পাছত সন্তোষজনকভাৱে ইনিংছ আগবঢ়াই নি যশস্বী জয়ছোৱাল আৰু শুভমন গীলে দ্বিতীয় উইকেটত যোগ দিছিল ৫৩ ৰান৷ তেনে সময়তে এজাজ পেটেলৰ বল অপ্ৰয়োজনীয়ভাৱে ৰিভাৰ্ছ ছুইপ কৰিবলৈ গৈ ব’ল্ড হৈছিল জয়ছোৱাল৷


৫২টা বলত চাৰিটা ‘চাৰি’ৰে ৩০ ৰান সংগ্ৰহ কৰে জয়ছোৱালে৷ সেই সময়ত দলৰ স্ক’ৰ আছিল তিনি উইকেটত ৭৮ ৰান৷ তাৰ পাছত নৈশ প্ৰহৰী হিচাপে ক্ৰীজলৈ অহা মহম্মদ ছিৰাজ প্ৰথমটো বলতে ব’ল্ড হৈছিল৷ শুভমন গীলক সংগ দিবলৈ তাৰ পাছত ক্ৰীজলৈ আহিছিল বিৰাট কোহলি৷ কিন্তু দিনটোৰ অন্তিমটো বলত অপ্ৰয়োজনীয়ভাৱে ৰান ল’বলৈ গৈ ৰান-আউট হয় কোহলি (৪) প্ৰথম দিনৰ সমাপ্তিত শুভমন গীল ৩৮টা বলত এটা ‘ছয়’, দুটা ‘চাৰি’ৰে ৩১ ৰানত আৰু ঋষভ পণ্ট ৰ ৰানত অপৰাজিত আছে৷ নিউজীলেণ্ডৰ এজাজ পেটেলে ৩৩ ৰানত দুটা আৰু মেট হেনৰীয়ে এটা উইকেট লাভ কৰে৷ ছটা উইকেট হাতত থকা অৱস্থাত নিউজীলেণ্ডৰ প্ৰথম ইনিংছৰ স্ক’ৰতকৈ ভাৰত ১৪৯ ৰানত পিছ পৰি আছে৷নিউজীলেণ্ডে ৭২ ৰানত তিনিটা উইকেট হেৰুওৱাৰ পাছত উইল ইয়ং আৰু ডেৰিল মিচেলে চতুৰ্থ উইকেটত যোগ দিছিল ৮৭ ৰান৷ সেই সময়ত দলটোৱে শক্তিশালী স্ক’ৰ থিয়  কৰাব বুলি ধাৰণা কৰা হৈছিল যদিও  অন্তিম সাতটা উইকেট হেৰুৱাইছিল কেৱল  ৭৬ ৰানত৷ ইয়ঙে ১৩৮টা বলত দুটা ‘ছয়’, চাৰিটা ‘চাৰি’ৰে ৭১ আৰু মিচেলে ১২৯টা বলত তিনিটা ‘ছয়’, তিনিটা ‘চাৰি’ৰে ৮২ ৰান সংগ্ৰহ কৰে৷ অধিনায়ক টম লাথাম আৰু গ্লেন ফিলিপছৰ বেটৰ পৰা আহে ক্ৰমে ২৮ আৰু ১৭ ৰান৷ ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই ৬৫ ৰানত পাঁচটা, ৱাশ্বিংটন সুন্দৰে ৮১ ৰানত চাৰিটা আৰু আকাশদীপে এটা উইকেট লাভ কৰে৷