Logo
image

সুশান্তৰ সৈতে নৈশ যাপনৰ কথা স্বীকাৰ ছাৰাৰ

আমাৰ অসম, ২৯ ছেপ্টেম্বৰঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যক কেন্দ্ৰ কৰি এতিয়া কম্পমান সমগ্ৰ বলীউড৷ আৰম্ভ হৈছে ইটোৰ পিঠত সিটো বিতৰ্ক৷ জালত পৰিছে ইজনৰ পিছত সিজন তাৰকা অভিনেতা-অভিনেত্ৰী তথা ছবি জগতৰ হাই প্ৰফাইল ব্যক্তি৷ ইয়াৰ মাজতে ছাৰা আলী খানে আগবঢ়াইছে আন এক বিস্ফোৰক স্বীকাৰোক্তি৷ ছাৰাই প্ৰকাশ কৰা মতে সুশান্ত সিং ৰাজপুতে গাঞ্জা সেৱন কৰিছিল৷ লগতে সুশান্তই নিজৰ ফাৰ্মহাউচত দিছিল কেইবাটাও বিলাস-বহুল পাৰ্টী৷ ছাৰাই এন চি বিৰ জেৰাত সুশান্তৰ সৈতে ফাৰ্মহাউচত নিশা যাপন কৰাৰ কথাও অকপটে স্বীকাৰ কৰিছে৷ ছাৰাৰ এই ভাষ্যই সুশান্তৰ মৃত্যু ৰহস্যক আন এক নতুন গতি প্ৰদান কৰা বুলি বিবেচিত হৈছে৷