Logo
image

ট্ৰাম্পৰ জয়ত ধোনিৰ সংযোগ ! ছ’চিয়েল মিডিয়াত সৰস চৰ্চা

নতুন দিল্লী, ৭ নৱেম্বৰ : বিগত কেইটামান মাহৰ পৰা বিশ্ববাসীৰ নজৰ আছিল আমেৰিকাৰ ওপৰত৷ অৱশেষত সকলো জস্পনা-কল্পনাৰ ওৰ পেলাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭  সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প৷ কমলা হেৰিছক পৰাস্ত কৰি পুনৰ হোৱাইট হাউছত প্ৰবেশ কৰিবলৈ সাজু হৈছে ট্ৰাম্প৷ কিন্তু ৰিপাব্লিকান প্ৰাৰ্থী ট্ৰাম্পৰ এই জয়ৰ পাছত তেওঁৰ লগতে আন এজন ব্যক্তিক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে৷ তেওঁ হৈছে মহেন্দ্ৰ সিং ধোনি৷ ৰাজনীতিৰ পৰা সদায়েই আঁতৰত থকা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কজনৰ নামটো ট্ৰাম্পৰ জয়ৰ সৈতে  জড়িত হ’ল কেনেকৈঞ্জ ৰাজনীতিক আৰু প্ৰশাসনীয় মুৰব্বীৰ সৈতে একেলগে ধোনিক খুব কমেইহে দেখা যায়৷ কিন্তু ২০২৩ চনত আমেৰিকা ভ্ৰমণৰ সময়ত ট্ৰাম্পৰ সৈতে গ'ল্ফ খেলা দেখা গৈছিল ধোনিক৷ দৰাচলতে ট্ৰাম্পে ধোনিক ট্ৰাম্প নেশ্বনেল গ'ল্ফ ক্লাবলৈ  আমন্ত্ৰণ জনাইছিল৷ সেই সময়ত তেওঁ আছিল আমেৰিকাৰ প্ৰক্তন ৰাষ্ট্ৰপতি৷


বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ ছবি স্পষ্ট হৈ পৰাৰ পাছৰ পৰা ট্ৰাম্প আৰু ধোনিৰ ২০২৩ চনৰ সেই ফটো আৰু ভিডিঅ’  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ ক্ৰিকেটৰ লগতে ফুটবল আৰু বেডমিণ্টনতো ৰাপ আছে ধোনিৰ৷ কিন্তু গ'ল্ফতো যে তেওঁ সমানেই পাৰদৰ্শী সেই কথা ট্ৰাম্পৰ সৈতে খেলাৰ পাছতহে জানিব পৰা গৈছিল৷ ধোনি আৰু ট্ৰাম্পে একেলগে গ'ল্ফ খেলাৰ ভিডিঅ’ৰ বিষয়ে সময়ৰ লগে লগে সকলোৱে পাহৰি গৈছিল যদিও বুধবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল নিশ্চিত হোৱাৰ পাছত পুনৰ চৰ্চালৈ আহে সেই ভিডিঅ’৷ আনকি ট্ৰাম্প আৰু ধোনিৰ মাজত বহু সাদৃশ্যও বিচাৰি পাইছে নেটিজেনে৷ বহুতেই ধোনিৰ সৈতে ট্ৰাম্পৰ সংখ্যাৰো মিল পাইছে৷ ট্ৰাম্প আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি হ’বলৈ গৈ আছে৷ ৪৭ৰ সৈতে যুক্ত থকা ‘৭’  নম্বৰটে হৈছে ধোনিৰ প্ৰিয় সংখ্যা৷ ধোনিক ক্ৰিকেট ফিল্ডত সদায় ‘৭’ নম্বৰ জাৰ্ছীতে দেখা হৈছে৷ এই ‘৭’ নম্বৰটোৱে ট্ৰাম্পৰ জয়তো গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ কিয়নো আমেৰিকাৰ সাতখন ‘ছুয়িং ষ্টেটৰ ওপৰত নিৰ্ভৰ কৰিছিল ট্ৰাম্পৰ ভৱিষ্যৎ আৰু এই সাতখন প্ৰদেশেই তেওঁৰ জয় নিশ্চিত কৰে৷ ফলত ইয়াতো ধোনি, ট্ৰাম্প আৰু ‘৭’ নম্বৰৰ যোগসূত্ৰ বিচাৰি পাইছে তেওঁৰ অনুৰাগীসকলে৷