অ’চি ভাৰ্গৱৰ গ্ৰেপ্তাৰৰ দাবীত জ্ঞানদীপৰ গোচৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৭ নৱেম্বৰ : পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ গুণ্ডাগিৰী কাণ্ডই সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ জোকাৰি গৈছে৷ আনকি অসম আৰক্ষীৰ ভিতৰচ’ৰাতো এক প্ৰকাৰ জোকাৰিনীৰ সৃষ্টি হৈছে৷ পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ দাদাগিৰীৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এজন ফুড ডেলিভাৰী বয় জ্ঞানদ্বীপ হাজৰিকাক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত ৰাজ্যৰ বিভিন্ন দল সংঘটনে আৰক্ষী বিষয়া জনক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ ইপিনে, অ চি ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰৰ দাবীত ভুক্তভোগী ফুড ডেলিভাৰী বয় জ্ঞানদ্বীপ হাজৰিকাই আজি সন্ধিয়া পানবজাৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰত ভুক্তভোগী ফুড ডেলিভাৰী বয় জ্ঞানদ্বীপ হাজৰিকাই উল্লেখ কৰা অনুসৰি মই শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাসিন্দা জ্ঞানদ্বীপ হাজৰিকা হয়৷ মই ডেলিভাৰী প্ৰাইভেট লিমিটেডত ফুড ডেলিভাৰী বয় হিচাপে কাম কৰি আছিলোঁ৷ কালি সন্ধিয়া ৬.৩০ বজাত মই ফাঁচী বজাৰৰ জেল ৰোডত খাদ্য ডেলিভাৰী দিবলৈ নিজৰ স্কুটীৰে গৈ আছিলোঁ৷ এনেতে পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই ফাঁচী বজাৰৰ জেল ৰোডত মোক ৰখাই ৰাজ পথত মোক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি থানলৈলৈ যায়৷ থানলৈলৈ নি পুনৰ অ চি জনে মোক উপৰ্যপৰি প্ৰহাৰ কৰে৷ গতিকে মই পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ৷ আইনগত ভাবে আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ৷
এইদৰে কয় জ্ঞানদীপ হাজৰিকাই৷ আনহাতে, শুকুৰবাৰে ডেলিভাৰী বয়ৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে দুগৰাকী সচেতন নাগৰিকে৷ পলাশ ৰঞ্জন বৰুৱা আৰু হিমাংশু গগৈয়ে পাণবজাৰ আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ প্ৰতিলিপি ৰাষ্ট্ৰপতি, উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে৷ ইফালে ভুক্তভোগী ডেলিভাৰী এজেণ্ট জ্ঞানদীপ হাজৰিকায়ো অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ৷ উল্লেখযোগ্য যে, জ্ঞানদীপ হাজৰিকা নামৰ ভুক্তভোগী যুৱকজনক নিশা পানবজাৰ থানাত বহাই ৰাখিছিল৷ প্ৰায় ৪ (চাৰি) ঘণ্টা থানাত বহি নিশা ১১.৪০ বজাত ওলাই আহিল জ্ঞানদীপ হাজৰিকা৷ মন কৰিবলগীয়া বিষয় যে ‘জনহিতজন সেৱাৰ্থে’– এই সংকল্প লৈ আৰক্ষী সেৱাত যোগদান কৰা আৰক্ষী বিষয়া এজনে ডেলিভাৰী বয়ক ৰাজহুৱা স্থানত নিৰ্মমভাৱে প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ শুকুৰবাৰে সন্ধিয়া কৰ্তব্যৰত জোৱানৰ নিৰ্দেশ অৱমাননা কৰাৰ অপৰাধতে ডেলিভাৰী বয়ক ৰাজহুৱা স্থানত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই৷ এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সাধাৰণ লোকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা আৰক্ষী বিষয়াজনৰ ব্যৱহাৰ গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আৰক্ষী বিষয়াজনক চাকৰিৰ পৰা নিলম্বন কৰে৷ উল্লেখযোগ্য যে, আলফাৰ ভাবুকিক লৈ পাণবজাৰ আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া ফাঁচীবজাৰৰ জেইল ৰোডত যান-বাহনৰ নিয়মীয়া তালাচী চলাইছিল৷ সন্ধিয়া প্ৰায় ৬.৩০ বজাত সেই পথেৰে আহিছিল ডেলিভাৰী ডট কম নামৰ সামগ্ৰী যোগানীয় প্ৰতিষ্ঠানটোত কৰ্মৰত জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজন৷ ডেলিভাৰী এজেণ্টজনক স্কুটীৰে সেই পথেৰে আহি থকা দেখা পাই পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ লগতে আন এজন আৰক্ষী জোৱানে ডেলিভাৰী বয়জনক ৰ’বলৈ নিৰ্দেশ দিয়ে৷ কিন্তু আৰক্ষীৰ সেই নিৰ্দেশ নামানি জ্ঞানদীপে আগবাঢ়ি যোৱাৰ চেষ্টা কৰে৷ তেনে সময়তে ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই ডেলিভাৰী এজেণ্টজনক আগচি স্কুটীৰ পৰা নমাই ডিঙিত চেপা মাৰি ধৰে আৰু মুখত ঘুঁচিয়াই, চৰিয়াই ‘তোক মাৰি পেলাম’ বুলি ভাবুকি দিয়ে৷
ইয়াৰ পিছতেই জ্ঞানদীপ হাজৰিকাক প্ৰায় প্ত ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিয়ে৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডহ্ল হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত উল্লেখ কৰে– ‘অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয়৷ বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ’ব লাগিব৷ অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ’ল৷ আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কতৃৰ্ত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে৷ আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে৷ লগতে, এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে৷’ ইপিনে, পাণবজাৰ আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই দেওবাৰৰ ভিতৰত ৰাজহুৱাকৈ জ্ঞানদীপ হাজৰিকাক ক্ষমা নুখুজিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে কটনিয়ানসকলে৷ কিয়নো এই ঘটনাৰ পিছত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা জ্ঞানদীপ হাজৰিকা মানসিকভাৱে ভাগি পৰিছে আৰু আত্মসন্মান লাঘৱ হৈছে বুলি তেওঁলোকে উল্লেখ কৰে৷ যিহেতু হাজৰিকাই কোনেও নজনাকৈ ডেলিভাৰী এজেণ্ট হিচাপে কাম কৰি নিজৰ প্ৰয়োজনখিনি পূৰণ কৰিছিল৷ লগতে কটনিয়ানসকলে উল্লেখ কৰে যে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তাৎক্ষণিকভাৱে তদন্তৰ ঘোষণা কৰিছে যে ইয়াৰ উচিত তদন্ত হওক৷ কিন্তু এয়া এটা টুইট বা ফেচবুক পেজতে যাতে সীমাবদ্ধ হৈ নাথাকে তাৰ প্ৰতি আহ৩ান জনাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে৷ শুকুৰবাৰে ফাঁচী বজাৰত জ্ঞানদীপ হাজৰিকাৰ ওপৰত বৰ্বৰভাৱে আৰক্ষী বিষয়াই আক্ৰমণ কৰি এনে বৰ্বৰতাৰ পৰিচয় দিলে ৰাইজ কাৰ ওচৰলৈ যাব বুলি কটনিয়ানসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আনহাতে ঘটনা সন্দৰ্ভত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ফালৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে৷ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰক বৰ্বৰভাৱে আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ পৰা ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰি আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হয়৷ ইপিনে, ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনজিত তেৰাঙক পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে৷
গোটেই বিষয়টো ৰাইজলৈ এৰিলে জ্ঞানদীপৰ মাতৃয়ে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ : গুৱাহাটীৰ ৰাজপথত কটনৰ মেধাৱী ছাত্ৰ তথা ডেলিভাৰী বয় হিচাপে কাম কৰা জ্ঞানদীপ হাজৰিকাক আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই কৰা প্ৰহাৰ সন্দৰ্ভত আজি নিগ্ৰহৰ সন্মুখীন হোৱা ছাত্ৰজনৰ মাতৃ বেবী হাজৰিকাই তেজপুৰত সংবাদ মাধ্যমৰ আগত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ উল্লেখ্য, আৰক্ষী বিষয়াজনৰ আক্ৰমণৰ সন্মুখীন হোৱা জ্ঞানদীপৰ পিতৃ অসম আৰক্ষীৰ দ্বাদশ বেটেলিয়নত কৰ্মৰত আছিল আৰু তেওঁৰ ২০১১ত বিয়োগ ঘটিছিল৷ নদুৱাৰৰ কুসুমতলা নিৱাসী জ্ঞানদীপৰ মাতৃ সম্প্ৰতি তেজপুৰৰ চানমাৰিত এটা ভাড়া ঘৰত কন্যাৰ সৈতে থাকে৷ তেওঁ অনুকম্পামূলক নিযুক্তি আৰক্ষী বিভাগতে লাভ কৰিছে৷ পুত্ৰৰ ওপৰত এজন আৰক্ষী বিষয়াই ৰাজহুৱা স্থানত চলোৱা নিৰ্যাতন সন্দৰ্ভত আজি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, যোৱা সময়ছোৱাত পৰিয়ালটো যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হৈছিল৷ মাতৃয়ে লাভ কৰা সামান্য ধনেৰে এটা অংশ পুত্ৰক দি কটনত পঢ়িবলৈ পঠিয়াইছিল৷ আনহাতে, বৰ্তমান জ্ঞানদীপৰ ককাক শাৰীৰিকভাৱে অসুস্থ বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে লগতে কয় যে, তেওঁৰ পুত্ৰই পঢ়াৰ উপৰি গুৱাহাটীত আন কাম কৰাৰ বিষয়ে তেওঁলোকে জনা নাছিল৷ তেওঁ কয় যে, পৰিয়ালটোৰ ওপৰত অধিক আৰ্থিক বোজা বা চিন্তা জাপি নিদিবলৈকে জ্ঞানদীপে সেই বিষয়ে জনোৱা নাছিল৷ মাতৃগৰাকীয়ে কয়– ‘সি যদি কিবা আইনবিৰূ¸দ্ধ কাম কৰিলেহেঁতেন, তেনেহ’লে তাৰ বিৰুদ্ধে ন্যায়সংগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন৷ কিন্তু ল’ৰাটোক এনেদৰে মাৰপিট কৰাত মই যথেষ্ট আঘাত পাইছোঁ৷’ তেওঁ লগতে কয়– ‘এই ঘটনাৰ বিৰুদ্ধে মই গোচৰ নতৰোঁ, ৰাইজলৈকে বিষয়টো এৰিছোঁ৷’ভাৰ্গৱক বৰ্খাস্ত কৰাৰ দাবী সাংসদ অজিত কুমাৰ ভূঞাৰজ’মেট’ ডেলিভাৰী ল’ৰাজনৰ ওপৰত এজন পুলিচ বিষয়াৰ অমানুষিক গুণ্ডাগিৰীয়ে দুটা দিশ আমাৰ সম্মুখত উন্মোচিত কৰিছে৷ এটা হ’ল যিকোনো সাধাৰণ খাটি খোৱা মানুহৰ প্ৰতি বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পুলিচ বিভাগৰ সামগ্ৰিক মানসিকতা আৰু আন এটা হ’ল এজন উচ্ছ শিক্ষিত যুৱকৰ শ্ৰমৰ কোনো মূল্য নোহোৱা৷ এক কথাত এয়াই আমাৰ ৰাজ্যৰ শেহতীয়া ৰাজনীতি, যত মানুহৰ মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ পৰিকল্পিত ভাবে নোহোৱা কৰি পেলোৱা হৈছে৷ এই মুহূৰ্তত আমাৰ এইটোৱেই স্পষ্ট দাবী যে, পুলিচৰূপী গুণ্ডা ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰক আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰক৷ লগতে সাধাৰণ মানুহৰ প্ৰতি সামগ্ৰিকভাবে প্ৰশাসন ব্যবস্থাৰ মানসিকতা সলনিৰ কাৰণে চিন্তা-চৰ্চা আৰম্ভ কৰক৷ এইদৰে কয় অজিত কুমাৰ ভূঞাই৷ কটন এলামনাই এচোছিয়েশ্যনৰ গৰিহনা কালি পানবজাৰ থানাৰ অচি গৰাকীয়ে কটন বিশ্ববিদ্যালয়ত ছাত্ৰগৰাকীক বৰ্বৰৰোচিত ভাবে মাৰপিট কৰা ঘটনাক কটন এলামনাই এচোছিয়েশ্যনে তীব্ৰ ভাষাৰে গৰিহণা ও নিন্দা প্ৰকাশ কৰিছে৷ এক বিবৃতিযোগে এচোছিয়েশ্যনৰ সভাপতি ড॰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক জগদীশ দত্তই কয় কোনো নিৰীহ ব্যক্তিৰ ওপৰত ভবিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰবাবে প্ৰশাসন আৰু চৰকাৰ ওচৰত দাবী জনায়৷ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান গৰাকীয়ে শীঘ্ৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে৷ লগতে ঘটনাৰ লগত জড়িত ব্যক্তি গৰাকীক অতি সোনকালে তদন্ত কৰি উচিত ব্যৱস্থা লবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷ এইদৰে কয়- জগদীশ দত্তই৷