পাৰ্থত টীম ইণ্ডিয়াৰ ঐতিহাসিক জয়
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ নৱেম্বৰ : শুকুৰবাৰে যেতিয়া পাৰ্থত ভাৰতে ১৫০ ৰানত প্ৰথম ইনিংছ সামৰিছিল, তেতিয়া কোনে ভাবিব পাৰিছিল– মেচৰ চতুৰ্থ দিনত ভাৰতে অভিলেখ সৃষ্টি কৰি জয়লাভ কৰিব পাৰিব৷ ঘোৰ অনুৰাগী আৰু সম্ভৱতঃ দলৰ সদস্যয়ো পাৰ্থৰ টেষ্টতো নিউজীলেণ্ডৰ বিৰুদ্ধে হোৱা শেহতীয়া দশাৰ দৰেই হ’ব বুলি আশংকা কৰিছিল৷ কাৰণ পাৰ্থৰ দ্ৰুতবেগী পিট্চ, টপ-অৰ্ডাৰ, মিডল-অৰ্ডাৰ বেট্ছমেনৰ অনিশ্চিত ফৰ্ম আৰু পাৰ্থৰ ইতিহাস সকলো ভাৰতৰ বিপক্ষে আছিল৷ কিন্তু ‘মহান অনি(য়তাৰ খেল’ ক্ৰিকেটৰ অনি(য়তাক অভাৱনীয়ভাৱে টীম ইণ্ডিয়াই নিজৰ পক্ষে ঘূৰাই আনিবলৈ সক্ষম হ’ল আৰু চ্ছ্ৰ দিনৰ দিনা স্মৰণীয় বিজয় সাব্যস্ত কৰিলে৷ অৱশ্যে তাৰ প্ৰথম কৃতিত্ব দলক নেতৃত্ব দিয়া যশপ্ৰীত বুমৰাৰ, যি পাৰ্থৰ পিট্চৰ গতি ব্যৱহাৰ কৰি ঘৰুৱা দলটোৰ বেটিঙৰ ৰাজহাড় গুড়ি কৰি দিলে৷
কৃতিত্বৰ অংশীদাৰ অপেনাৰ যশস্বী জয়ছোৱালো, যি বেগী পিট্চত বেকফুটত খেলি কেনেকৈ স্ক’ৰব’ৰ্ড স্বচ্ছল ৰাখি প্ৰতিকূল পৰিৱেশতো শতৰান কৰিব পাৰি সেয়া সতীৰ্থক বুজাই দিলে৷ সৌভাগ্যৰ কথা, চূড়ান্ত ফৰ্মহীনতাত ভুগি থকা বিৰাট কোহলিয়ে দলৰ চূড়ান্ত প্ৰয়োজনত শতকেৰে প্ৰত্যাৱৰ্তন ঘটালে৷ ভাৰতীয় বেটাৰৰ সন্মিলিত আক্ৰমণত দ্বিতীয় দিনৰ শেষৰ পৰা পৰিস্থিতি যি ভাৰতৰ দিশে ঘূৰিল, সেয়া তৃতীয় দিনলৈ অব্যাহত থাকিল৷ পিট্চ ধীৰ হৈ পৰিছিল, সলনি হৈছিল চৰিত্ৰ৷ কিন্তু প্ৰাণহীন পিট্চতো প্ৰাণসঞ্চাৰ কৰিব পাৰে বুমৰাই৷ গতিহীন পিট্চতো অষ্ট্ৰেলিয়াৰ বেটাৰৰ সন্মুখত ‘দৈত্যকায়’ হৈ পৰা বুমৰা, তেওঁৰ সতীৰ্থ মহম্মদ ছিৰাজ আৰু ৱাশ্বিংটন সুন্দৰ ভাৰতৰ সহজ জয়ৰ বাবে যথেষ্ট আছিল৷ পাৰ্থত কেতিয়াও ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব পৰা নাছিল৷ কেৱল পাৰ্থত প্ৰথম বিজয়ৰ অভিলেখেই নহয়, ২৯৫ ৰানত ঘৰুৱা দলক পৰাজিত কৰি এতিয়া টীম ইণ্ডিয়া উজ্জীৱিত৷ ডাউন আণ্ডাৰ শৃংখলাত হয়তো দলটোক আৰু দেশত নিউজীলেণ্ডৰ হোৱাইট ৱাশ্বে পৰৱৰ্তী টেষ্টত আমনি নকৰিব৷